Type Here to Get Search Results !

মহোহো

 পাপৰি দাস


মহোহো বা মহ খেদা উৎসৱ আঘোন  মাহৰ পূৰ্ণিমা তিথিত  পালন কৰা হয়। এই উৎসৱটো সাধাৰণতে নামনি অসমত উদযাপন কৰা হয়। ঠাই ভেদে মহ খেদা উৎসৱক বেলেগ বেলেগ নামেৰে জনা যায়। যেনে নলবাৰীত ভাল- ভৌলকা, বৰপেটাত ভাওল দিয়া, কামৰূপত মহোহো আদি।
আঘোনৰ সোণোৱালী শইচডৰা আমাৰ বাবে জীৱনদায়িনী। সেয়ে এই উৎসৱতো লোকবিশ্বাস আৰু ভক্তিৰ নিদৰ্শন।
আঘোন মাহত খেতিপথাৰৰ ধানত পোক ধৰে, সেই পোক পতংগ আৰু ঘৰৰ মহ খেদিবলৈ আঘোন মাহৰ পূৰ্ণিমা ৰাতি গাৱঁৰ চেমনীয়া সকলে হাতত টাকোন লৈ শুকান কলপাত পিন্ধি ঘৰে ঘৰে মহোহো গীত গায় মহ খেদি ফুৰ্তি কৰি ফুৰে লগতে গৃহস্থক আৰ্শীবাদ দিয়ে আৰু গৃহস্থৰ পৰা টকা/চাউল আদি গ্ৰহণ কৰে। গৰখীয়া অৰ্থাৎ চেমনীয়াৰ আশীৰ্বাদ ভগৱানৰ কৃপাস্বৰূপ। এইটোৱে এই উৎসৱৰ পৰম্পৰা। 
বৰ্তমান সময়ত মহোহোৰ দৰে বহুতো উৎসৱ নাইকিয়া হবলৈ ধৰিছে । মানুহবোৰ ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ সংস্কৃতি ৰক্ষা কৰিবলৈ কাৰো সময় নাই। এনেদৰে থাকিলে হয়টো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে এই উৎসৱবোৰ, পৰম্পৰাবোৰ কেৱল কিতাপত বা সাধুকথাৰ দৰে পঢ়িব বা শুনিবহে পাব। যদিহে আমি সকলোৱে নিজৰ ব্যস্ত জীৱনৰ মাজৰ পৰা অলপ সময় উলিয়াই নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাবোৰ ৰক্ষা কৰিবলৈ সহযোগীতা আগবঢ়াও তেন্তে  আমি ইয়াক নাইকিয়া হোৱাৰ পৰা বচাব পাৰিম। কিয়নো সময়ৰ পৰিবৰ্তনে সমাজৰ পৰিবৰ্তন আনিলেও নিজৰ সংস্কৃতি জীয়াই ৰখাৰ দায়িত্ব সদাই আমাৰে।

                                        গুৱাহাটী