Type Here to Get Search Results !

জনসংখ্যা বৃদ্ধি : ইয়াৰ সমস্যাসমূহ আৰু সমাধানৰ উপায়

 নবীন চন্দ্ৰ মেধি



জনসংখ্যা :-
----------------- 
জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগেয়ে এখন দেশৰ জনসংখ্যা মানেনো কি বুজায় সেই কথা আলোচনা কৰাটো ভাল হ'ব । 

এখন দেশ অথবা এখন ৰাজ্যত স্থায়ীভাৱে বসবাস কৰা লোকসকলকে সেই দেশ অথবা ৰাজ্যখনৰ জনসংখ্যা বুলি গণ্য কৰা হয় । আচলতে অস্থায়ী ভাৱে বিভিন্ন দেশ বা ৰাজ্যৰ পৰা আন এখন দেশ অথবা ৰাজ্যলৈ মানুহ অহা যোৱা কৰে অথবা বসবাস কৰা দেখা যায় । তথাপি সিহঁতক লেখত ধৰা নহয় । লোকপিয়লৰ অন্তৰ্ভুক্ত হোৱা লোকসকলকহে সেইখন দেশৰ জনসংখ্যা হিচাপে গণ্য কৰা হয় । 

জনসংখ্যা বৃদ্ধি বা হ্ৰাস পোৱা মানে কি ? নিৰ্দিষ্ট একোটা অঞ্চলত , দেশ , ৰাজ্য অথবা জিলাত প্ৰতি দহ বছৰৰ মূৰে মূৰে চৰকাৰে পিয়ল কৰে । সেই পিয়লক লোকপিয়ল বোলা হয় । লোকপিয়লৰ তথ্য অনুসৰি সেই অঞ্চলৰ জনসংখ্যা আগতকৈ অধিক হ'লে তাক জনসংখ্যা বৃদ্ধি হোৱা বুলি কোৱা হয় আৰু যদিহে আগৰ তথ্যতকৈ জনসংখ্যা কমে তেতিয়া তাক জনসংখ্যা হ্ৰাস পোৱা বুলি কোৱা হয় । 

জনসংখ্যা বৃদ্ধি আৰু হ্ৰাস পোৱাৰ কাৰণসমূহ : 
------------------------------------
জনসংখ্যা বৃদ্ধি অথবা হ্ৰাস পোৱাৰ কাৰণসমূহ কি এই কথা বিশ্লেষণ কৰি চালে গম পোৱা যায় জনসংখ্যা বৃদ্ধি পোৱাৰ বহুতো কাৰণ আছে । জনসংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণ সমূহ হ'ল

১/ অনিয়ন্ত্ৰিত জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা
২/ বিদেশৰ পৰা হোৱা প্ৰব্ৰজন 
৩/ সুশিক্ষাৰ অভাৱ
৪/ মান্ধাতা যুগৰ ৰীতি-নীতি
৫/ বাল্য বিবাহ
৬/ দৰিদ্ৰতা 
৭/ নিবনুৱা সমস্যা আদি ।

আনহাতে বিভিন্ন কাৰণত জনসংখ্যা হ্ৰাস পোৱা দেখা যায় । 

জনসংখ্যা হ্ৰাস পোৱাৰ কাৰণসমূহ হ'ল 

১/ যুদ্ধ বিগ্ৰহ , ২/ ভূমিকম্প , ৩/ মহামাৰীৰ প্ৰাদুৰ্ভাব , ৪/ বানপানী , ৫/ বিদেশলৈ প্ৰব্ৰজন , ৬/ বিবাহৰ প্ৰতি অনিহা , ৭/ শিক্ষাৰ প্ৰাদুৰ্ভাব বৃদ্ধি, ৮/ ভ্ৰুণ হত্যা , ৯/ আৰ্থিক দুৰ্বলতা আৰু  ১০/ নিবনুৱা সমস্যা আদি । 
 
সমস্যাসমূহ :- 
--------------------
জনসংখ্যা বৃদ্ধিৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে । যেনে - অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ সমস্যা , কৃষি ভূমিৰ সমস্যা , আৰ্থিক অভাৱ অনাটন , শিক্ষাৰ সমস্যা , ধৰ্মীয় বিশ্বাস ৰীতি-নীতি সম্পৰ্কীয় সমস্যা , সামাজিক সমস্যা , চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা আদি । মুঠতে ঘোঁৰাৰ শিং গজাটোৱেই মূল সমস্যা হৈ পৰে । 

সমাধান :- 
--------------
জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে তলত উল্লেখ কৰা সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব । চৰকাৰে জন্ম নিয়ন্ত্ৰণ কৰিবৰ বাবে যিবোৰ আঁচনি হাতত লৈছে সেইসমূহ বাস্তবায়িত কৰা । যেনে এটা বা দুটা সন্তান জন্ম হোৱাৰ পাছত শৈল্যচিকিৎসা কৰি গৰ্ভধাৰণ কৰা ক্ষমতা ৰোধ কৰা , প্ৰতিটো শিশুৰ জন্মৰ পিছত কমেও চাৰি পাঁচ বছৰ ব্যৱধান ৰক্ষা কৰা , গৰ্ভনিৰোধক পিল , কণ্ডম আদি প্ৰয়োগ কৰা , জন্ম নিয়ন্ত্ৰণৰ চৰকাৰী আঁচনি সমূহ সহজলভ্য কৰি তোলা আৰু গাঁও নগৰ চহৰ সকলো ঠাইতে প্ৰচাৰ আৰু প্ৰসাৰ কৰা , সকলো বিবাহিত পুৰুষ মহিলাই এইসমূহ প্ৰয়োগ কৰা উচিত আৰু চৰকাৰী ভাৱে যোগান ধৰা উচিত । তেতিয়া হয়তো জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ সমাধান সম্ভৱ হৈ উঠিব । 

দেশৰ জনসাধাৰণৰ মাজত সুশিক্ষাৰ ব্যৱস্থা কৰিব পাৰিব লাগিব যাতে জন্ম নিয়ন্ত্ৰণৰ আঁচনি সমূহ ৰূপায়ন কৰাত অসুবিধা নহয় । সুশিক্ষা লাভ কৰাৰ পিছত অধিক সংখ্যক ল'ৰা ছোৱালী জন্ম দিবলৈ লাজ পাব । খোৱা বোৱা , থকা মেলা , পঢ়া শুনা কৰা আদি যদি সন্তানক প্ৰদান কৰিব নোৱাৰিলে অধিক সংখ্যক সন্তান জন্ম দিবলৈ অস্বীকাৰ কৰিব । ফলত জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সহজ হ'ব । 

কম বয়সীয়া ল'ৰা ছোৱালীয়ে বিশেষকৈ ১৮/২১ বছৰৰ তলৰ কোনো লোকেই যাতে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে । 

চৰকাৰে দৰিদ্ৰতা সমস্যা নিৰ্মূলকৰণ কৰিব লাগে যাতে সময়মতে গৰ্ভনিৰোধক পিল ,  কণ্ডম আদি সহজতে ব্যৱহাৰ কৰিব পাৰে । 

বৈদেশিক প্ৰব্ৰজন ৰোধ কৰিবলৈ সক্ষম হ'লে আমাৰ দেশৰ পৰা জনসংখ্যা বৃদ্ধি হোৱাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব । 

মুঠতে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰিব নোৱাৰিলে ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো সমস্যাৰ পৰা কেতিয়াও হাত সাৰিব পৰা নাযায় । সেয়েহে আমি সকলোৱে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায় কৰা উচিত ।

গোলাঘাট । 
৮১৩৫৮৪৮০৮