Type Here to Get Search Results !

ইয়াত এখন সত্ৰ আছিল

 এছ ইছলাম


ইয়াত এখন সত্ৰ আছিল
পূর্ব দিশত সৰ্পগিৰি বাঘবৰ 
পচিমত ঐতিহাসিক ফুলৰা-চতলা
চিৰসাক্ষী চিলাটিং পাহাৰ দক্ষিণ দিশত
মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত। 

ঐতিহাসিক "মানৰ দিন"ত
হাদিৰাচকীৰ মহাৰণত
পাতিছিল মানবাৰীত মানৰ ছাউনীখন 
"মানবাৰী"ৰ পৰাই মইনবৰী হ'ল
ইয়াতেই মহাপুৰুষ শংকৰদেৱৰ ভকতে 
মইনবৰী সত্ৰখন কৰিছিল স্থাপন 
আজিও সত্ৰ-মইনবৰী নদীৰ চৰ-চাপৰিত। 

ইয়াতেই আছিল মইনবৰী সত্ৰ
সত্ৰাধিকাৰী ভগৱান চন্দ্ৰ অধিকাৰীৰ 
আলধৰিছিল যিজন ভকত
শৰণ লৈছিল বৈষ্ণৱগুৰু ইলাৰাম দাসৰ ওচৰত
জন্ম লৈছিল মুছলমানৰ ঘৰত । 

এফালে সত্ৰত হৰিৰ নাম কীৰ্তন
শংখ তাল খোলৰ ধ্বনি, 
অইনফালে মচজিদত মুছলমানৰ 
আজানৰ গুণগুণনিত মুখৰিত 
এয়া আমাৰ বৃহত্তৰ মইনবৰী। 

ইয়াতেই আছিল মইনবৰী সত্ৰখন
হিন্দু-মুছলমানৰ একত্ৰে বাসস্থান
অনৈক্যৰ মাজত ঐক্যতাৰ শ্ৰেষ্ঠ নিদর্শন
এইখন গাওঁ মোৰ বুকুৰ আপোন
ইয়াতেই ৰচোঁ সোণালী সপোন। 

ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গঢ়াখহনীয়াত
মইনবৰী সত্ৰখন সৰভোগলৈ গ'ল
সত্ৰনগৰী মইনবৰীৰ বুকুত বাগৰে
বেঁকী, মানাহ আৰু বুঢ়া লুইতখন
গাঁৱলীয়া চহা কৃষকৰ বাসস্থান
বুদ্ধিজীবী ,কৃষি জীৱীগণ
বসতি কৰি আছে বৰ্তমান। 

আজিও আছোঁ জীয়াই
জন্ম স্থানৰ প্ৰেম ধিয়াই
মোৰ গাওঁ,মোৰ দেশ, ভাল পাওঁ মই
মৰিলে পুনৰ যেন ইয়াতেই জনম লওঁ।
                           ,
শিক্ষক
পঃ মইনবৰী,বৰপেটা