Type Here to Get Search Results !

হোমেন বৰগোহাঞিৰ " জীৱনৰ সাধনা" গ্ৰন্থৰ আধাৰত তিনি গৰকী বিখ্যাত লেখকৰ বিষয়ে আলোকপাত

 নাছিৰ আহমেদ    শিমলাবাৰী গোৱালপাৰা


হোমেন বৰগোহাঞিৰ আছিল বিশ্বৰ চিন্তাশীল চিত্ৰশিল্পী, দাৰ্শনিক, কবি , সাহিত্যিক সকলৰ সৃষ্টি-কৰ্ম সম্পৰ্কে এক গভীৰ অধ্যয়ন। তেওঁৰ যি কোনো লেখাৰ মাজত আমি তাৰ সন্ধান লাভ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁৱাও। নিঃসন্দেহে হোমেন বৰগোহাঞি আছিল অসমীয়া আধুনিক সাহিত্যৰ গুৰু দ্ৰোণাচাৰ্য-স্বৰূপ।তেওঁৰ লিখা বিখ্যাত গ্ৰন্থ " জীৱনৰ সাধনা" ত পৃথিৱীৰ বিখ্যাত প্ৰায় পঁচিশজন চিত্ৰশিল্পী দাৰ্শনিক কবি সাহিত্যিকৰ জীৱনৰ আধাৰত বিভিন্ন তাৎপৰ্যপূৰ্ণ ব্যখ্যা আগবঢ়াইছে। তাৰ ভিতৰত তিনি গৰাকী সাহিত্যিকৰ বিষয়ে সংক্ষেপে অনুধাৱন কৰিবলৈ চেষ্টা কৰিম।
উইল ডুৰান্ট নামৰ এজন জ্ঞান -পিপাসু ব্যক্তিয়ে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এশখন গ্ৰন্থৰ এখন তালিকা প্ৰস্তুত কৰি তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থখন লেখক এইছ জি ওৱেলছৰ "An outline of the History of the world" বুলি নিৰ্ণয় কৰিছিল। এইজ জি ওৱেলছে পৃথিৱীৰ প্ৰথম বিশ্বযুদ্ধৰ ব্যাপক ধ্বংসলীলাৰ দ্বাৰা বিচলিত হৈ তেওঁ এনে এখন সৰ্বাত্মক ইতিহাস ৰচনা কৰাৰ বাবে দৃঢ় সংকল্প ল'লে --- যিখন ইতিহাস পঢ়ি মানুহে সমগ্ৰ মানৱ জাতিক বুজিব পাৰিব।
প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত বিশ্বশান্তি আৰু আন্তৰ্জাতিক ঐক্য স্থাপনৰ বাবে গোটেই বিশ্বজুৰি প্ৰয়াস চলিল ; সকলো দেশৰ মানুহে কেৱল নিজৰ দেশৰ সামগ্ৰিক ধাৰণা পোষণ কৰিব পাৰিছিল যদিও বিশ্বৰ মানৱ জাতিৰ বিষয়ে কোনো স্পষ্ট ধাৰণা নথকাত এনে শান্তি চুক্তি আৰু আন্তজাৰ্তিক ঐক্য স্থাপন কেতিয়াও সম্ভৱ নহয় বুলি এইজ জি ওৱেলছে ভাৱিয়েই তেওঁ এই আন্তৰ্জাতিক প্ৰেক্ষাপটত ইতিহাসখন ৰচনা কৰিবলৈ উঠি পৰি লাগিল। এই গ্ৰন্থখন ৰচনা কৰোঁতে তেওঁৰ সম্পূৰ্ণ এবছৰ আৰু কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। তেওঁ অনুভৱ কৰিছিল যে, আনক বিশ্বৰ ইতিহাস কবলৈ যোৱাৰ আগতে তেওঁ বিশ্বৰ ইতিহাস জানিব লাগিব, তাৰ সংক্ষিপ্ত সাৰ লিখি উলিয়াব লাগিব , এটা উদাহৰণসহ বহুতো তত্ত্ব ব্যখ্যা কৰিব লাগিব  ; সংক্ষেপে ইতিহাসৰ বিভিন্ন যুগত পৃথিৱীয়ে যি যি অৱস্থাৰ মাজেৰে পাৰ হ'ব লগা হৈছে, সেই অৱস্থাবোৰ উদ্ভৱ হোৱাৰ কাৰণ ব্যাখ্যা কৰিব লাগিব আৰু মানৱ জাতি ভৱিষ্যতে ধ্বংস -প্ৰাপ্ত নোহোৱাৰ মূল সূত্ৰ আবিষ্কাৰ কৰিব লাগিব। পৃথিৱীত মানৱ সভ্যতা সৃষ্টিৰ আগৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ শেষলৈকে প্ৰায় ৭৫০ হাজাৰ শব্দৰ সমাবেশ ঘটাই ৰচনা কৰা  বিশ্ব ইতিহাসৰ গ্ৰন্থখন এইজ জি ওৱেলছৰ জ্ঞান আহৰণ কৰা শক্তি, সেই জ্ঞানক সুবিন্যস্ত কৰাৰ ক্ষমতা আৰু সুদীৰ্ঘ সময় ধৰি কঠোৰ শ্ৰম কৰিব পৰা শক্তিৰ চিৰস্থায়ী কীৰ্তিস্তম্ভ হিচাপে থাকিব।
ৰবিনছন নামৰ এজন সাহিত্য-সমালোচকে ছেমুৱেল বেকেটৰ বিষয়ে একে আষাৰতে কৈছে যে, " Beckett is the most alienated absurdist in the contemporary scene" ছেমুৱেল বেকেটৰ দুখন বিশ্ব বিখ্যাত গ্ৰন্থ হ'ল, Malone Dies '' নামৰ উপন্যাস আৰু " Waiting for Godot" নামৰ নাটকখনে আধুনিক মনৰ মানুহৰ মানসিক ভূ-দৃশ্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। নাটকখনৰ পটভূমি হ'ল এজোপা গছ আৰু এটা ৰাস্তা। কুশীলৱ হ'ল দুহাল দম্পতী,এজন ল'ৰা,দুজন বন্ধু। বন্ধু দুজনে গছৰ তলত থিয় হৈ Godot ৰ বাবে গভীৰ ভাবে অপেক্ষা কৰি আছে। ক্ষন্তেকৰ কাৰণে দুজন প্ৰভুভৃত্য আহি তেওঁলোকক অন্যমনস্ক কৰিছে। অৱশেষত ল'ৰাজনে বন্ধু দুজনক ক'লে যে Godot আজি নাহিবও পাৰে, কাইলৈ আহিব পাৰে।  Godot হ'ল God ঈশ্বৰ। তেওঁ আহিবও পাৰে নাহিবও পাৰে। বেকেটৰ নাটকখন হ'ল সেই ভদ্ৰলোকৰ বাবে অনিশ্চিত অন্তহীন অপেক্ষাৰ এক মৰ্মভেদী কৰুণ কাহিনী। ছেমুৱেল বেকেটৰ জীৱন আছিল অ-গতানুগতিক । তেওঁ বিখ্যাত কবি জয়েছৰ মানসিক ভাৰসাম্যহীন জীয়েকক বিয়া কৰাইছিল। আৰু এই মানসিক ভাৰসাম্যহীন গাভৰুজনী তেওঁক অৱলম্বন কৰি জীয়াই থকাৰ প্ৰেৰণা পাইছিল। অথচ, লেখক ছেমুৱেল বেকেটৰ জীৱনলৈ এসময়ত নামি আহিছিল চৰম বিপৰ্যয়। এক অদ্ভুত মানসিক অৱসাদ আৰু বিষণ্ণতাই তেওঁক এনেভাবে গ্ৰাস কৰিছিল যে, তেওঁ মাহৰ পিছত মাহ ধৰি শয্যাগত হৈ অনুভৱ কৰিছিল যে,তেওঁ যেন কেৱল মাতৃগৰ্ভত ভ্ৰুণ অৱস্থাত স্থিতি লৈ পৃথিৱীৰ বুকুত অহাৰ বাবে অধীৰ ভাবে অপেক্ষা কৰি আছে।আধুনিক ফৰাছী বুদ্ধিজীৱী কবি,দাৰ্শনিক, লেখক জাঁ পল ছাৰ্ত্ৰে হ'ল, অস্তিত্ববাদ (Existentialism) দৰ্শনৰ ধাৰক আৰু বাহক।
জাঁ পল ছাৰ্ত্ৰে হ'ল বিংশ শতিকাৰ এজন অসাধাৰণ মানুহ। সম্পূৰ্ণ আক্ষৰিক অৰ্থত তেওঁ অসাধাৰণ, সাধাৰণ মানুহৰ লগত তেওঁৰ কোনো মিল নাই। সমস্ত জীৱনৰ চিন্তা-চৰ্চা আৰু অভিজ্ঞতাৰ দ্বাৰা তেওঁ নিজৰ কাৰণে যি জীৱন দৰ্শন তৈয়াৰ কৰি লৈছে, তাৰ অন্যতম মূল নীতি হ'ল এয়ে যে, প্ৰত্যেকজন মানুহেই একক আৰু অদ্বিতীয়, সেই অদ্বিতীয় স্বকীয় ব্যক্তিত্বৰ বিকাশ সাধন কৰাটোৱেই হ'ল মানুহৰ কৰ্তব্য। তেওঁ কোনো সমাজৰ গতানুগতিক নিয়ম-নীতি পৰিয়াল‌তন্ত্ৰ, বিয়া পদ্ধতি ইত্যাদি একো বিশ্বাস কৰা নাছিল। প্ৰসঙ্গতঃ উল্লেখযোগ্য যে, ছাইমন ডি বভোৱা নামৰ এগৰাকী বিখ্যাত কবিৰ সৈতে দীৰ্ঘ বছৰ ধৰি তেওঁ অবিবাহিত দাম্পত্য জীৱন মধুৰ ভাবে নিৰ্বাহ কৰিছিল। বিখ্যাত দাৰ্শনিক, কবি, সাহিত্যিক জাঁ পল ছাৰ্ত্ৰেৰ বৈচিত্ৰময় সাহিত্য-কৰ্মৰ বাবে ১৯৬৪ চনত তেওঁক প্ৰদান কৰা ন'বেল বঁটা প্ৰত্যাখ্যান কৰি কৈছিল যে, মই সদায় আনুষ্ঠানিক খিতাপ আৰু পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি আহিছোঁ। যি লেখকে এনেকুৱা আনুষ্ঠানিক ৰাজহুৱা সন্মান গ্ৰহণ কৰে, তেওঁ এজন ব্যক্তিৰ পৰিৱৰ্তে এখন অনুষ্ঠানত পৰিণত হয়। তাৰ ফলত পাঠকৰ ওপৰত এটি অন্যায় হেঁচা প্ৰয়োগ কৰা হয়। মই কেৱল জাঁ পল ছাৰ্ত্ৰে বুলি চহী কৰা বিচাৰোঁ ; ন'বেল বঁটা বিজয়ী জাঁ পল ছাৰ্ত্ৰে বুলি চহী কৰিব নিবিচাৰোঁ।
আধুনিক চিন্তাধাৰাৰ দিক্ দৰ্শনকাৰী কবি, সাহিত্যিক, সমালোচক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ "জীৱনৰ সাধনা" গ্ৰন্থৰ আধাৰত তিনি গৰাকী বিশ্ব বৰেণ্য সাহিত্যিকৰ বিষয়ে আলোকপাত কৰিলোঁ।