গীতাঞ্জলি দেৱী
গৰখীয়া দিনৰ পথাৰ গচকি গুচি যায় এক সুৱৰ্ণ সময় ,
সেই সময়েই লৈ আনে মোৰ চোতালজুৰি একাঁজলি হাঁহিৰ হলচল,
সুমথিৰা ৰ'দৰ পোচাক পিন্ধি মইও আওৰাও শীতৰ মালিতা,
দেও দি দি তুলি লওঁ এপাহি-দুপাহি বকুলফুল ।
নৈৰ ডঁৰিয়লি কিবা যেন ৰিঙা-ৰিঙা ,
পাৰঘাটত ৰৈ ৰ' লাগি চালোঁ ,
জিঞাৰ পাখী পিন্ধি ঘাটত ৰৈ আছে জলকুঁৱৰী
শৰালিজাক আহিলেই মেলি দিব তাই শুকুলা ডিঙা ।
চিফুঙৰ সুৰটো ক্ৰমাত কমি আহিছে,
নিতালমৰা চাংঘৰবোৰৰ এতিয়াও আঁতৰা নাই নিচাৰ জড়তা ,
সৰিয়হডৰা হালিলেই সাৰ পাব প্ৰতিটো উশাহ,
এজাক মৌৱে গুণ-গুণালেই
বুকুত জুৰাবহি হালধীয়া প্ৰেম,
আৰু গোপনে আঁতৰাই নিব দেহৰ অলসতা ।