ছৈয়দা চায়ৰা বেগম
(১)
হৈমন্তীৰ সেই ৰক্তাভ ক্ষণটোত
এক অব্যক্ত বেদনাত ৰিক্ত হয় হৃদয়
শেষ হয় পথাৰত দাৱনীৰ ক’লাজ
বাঁহনিৰজোপাত এজাক চৰাইৰ কথকতা
(২)
নিৰন্তৰ বৈ যোৱা নদীখনৰ অদেখা বিষাদ
প্ৰতিশ্ৰুতিৰে প্ৰত্যাশাৰ সপোন সিঁচি
অন্তঃসাৰশূন্যতাত ডুব গ’লেই বেলিটি
সেমেকি থাকে হিমত মোৰ আঁচলখনি ৷
নাজিৰা