Type Here to Get Search Results !

হেৰাই গ'ল

 পাপৰি দাস   গুৱহাটী


ঘৰবোৰ ফাটি গ'ল , কৰিডৰ ওলাই গ'ল
চোতাল হেৰাই গ'ল।
শাসন আৰু প্ৰশাসনৰ মাজত 
অনুশাসন হেৰাই গ'ল।

উৎসৱবোৰ মাৰি পেলালে
অনাকৰ্ষণীয় মূল্যবৃদ্ধিয়ে,
লুকা-ভাকু, হাঁহি- ধেমালি
কাঢ়ি নিলে নিসংগতাই,
ফাগুন হেৰাই গ'ল আমাৰ 
শাওন হেৰাই গ'ল।

চহৰবোৰে কিছু টুকুৰা দলিয়ালে 
গাঁওৰ দুৰ্ভগীয়াই দৌৰি গ'ল,
ৰঙৰ পৰিভাষা পঢ়িবলৈ 
কেঁচা ঢিলা সূতাই 
আগবাঢ়ি গ'ল,
পি খালে তেজ মেচিনবোৰে
আত্মীয়তা হেৰাই গ'ল।
  
গান অৰ্থহীন হৈ গ'ল ,
সম্পৰ্ক হৈ গ'ল
বাচনৰ দৰে
ঘৰতে ভাঙি ফুটি গ'ল।
চকু ভৰি আছে গকুলৰ 
আৰু বৃন্দাবন হেৰাই গ'ল।।