দীপজ্যোতি বৰগোহাঞি (মাদুৰি )
ছশ বছৰীয়া আহোম ৰাজত্ব কালত স্বৰ্গদেউ সকল সকলে ৰাজকাৰ্য সুচাৰুৰূপে চলোৱাৰ মাজতে বিনোদনৰ বাবে নৃত্য গীত চিকাৰ খেল ধেমালি উপভোগ কৰিছিল। তাৰ মাজতে কেতিয়াবা ৰং আনন্দ কৰিবৰ বাবে পহু চিকাৰলৈ ও গৈছিল। আহোম স্বৰ্গদেউ চুৰমফা ওৰফে ভগাৰজা জয়ধ্ৱজ সিংহই গড়গাঁওৰ ৰাজধানীৰ পৰা নগা পাহাৰৰ দাঁতি কাষৰীয়া নামনি অঞ্চল যি অঞ্চল এতিয়া গেলেকী সেই অঞ্চল সেই সময়ত অটব্য অৰণ্যৰে ভৰ পুৰ আছিল। সেই অৰণ্যত বাঘ ঘোং হাতী বিভিন্ন পহু আদিৰে ভৰি আছিল । মৌখিক বুৰঞ্জী বা জনশ্ৰুতিয়ে কয় যে ;স্বৰ্গদেউ জয়ধৱজ সিংহই সিই অঞ্চলত পহু চিকাৰ কৰিবলৈ যাঁওতে লগত লফাবৰীয়া দুৱৰা পৰিয়ালৰ এটা ৰঙা চিলা ৰংৰ কুকুৰ স্বৰ্গদেউবি লগত লৈ গৈছিল ৷বুৰঞ্জীত উল্লেখ পোৱা যায় যে ;ৰজাদেৱে একদিনা পহু মাৰিবলৈ) চিকাৰ কৰিবলৈ যাওঁতে দুৱাৰা ঘৰৰ ৰঙাচিলা কুকুৰটোৱে পহুৰ ঠেংত চিলাৰ দৰে জঁপিয়াই ধৰিলে ৷পাচে ৰজাদেৱে ৰংপাই কুকুৰটোৰ নাম থলে “ আয়াচুকি ৰঙাচিলা “আৰু সেই নামেৰেই সেই কুকুৰৰ গিৰিহতঁৰ পৰিয়ালটোৰ নাম থলে ““ৰঙাচিলা” ৷(আহোমৰ দিন পৃষ্ঠা ৬৪০ হিতেশ্বৰ বৰবৰুৱা )পৰবৰ্তী সময়ত লফাবৰীয়া দুৱৰা ফৈদৰ নাম তল পৰিল “ৰঙাচিলা দুৱৰা ঘৰ ;বিখ্যাত হ’ল। ৷’স্বৰ্গদেউ চুৰমফা বা ভগাৰজাই চিকাৰলৈ গৈ নিজে পহু মাৰিব নোৱাৰাত ৰঙাচিলা কুকুৰে একেজাপে পহুৰ ঠেংত ধৰি দিয়াৰ বাবেই ৰঙাচিলা নামদিয়ে ৷ ঘৰৰ গিৰিহতে ৰঙাচিলা নামটো কুকুৰৰ পৰিবৰ্তে গ্ৰহণ কৰে ৷যি খন হাবিত পহু চিকাৰ কৰিছিল পৰবৰ্তী সময়ত হাবি নাইকীয়া হ’ল ৷
ৰঙাচিলা দুৱৰা ঘৰৰ আদি পুৰুষ জন চুকাফাৰ লগত আহিছিল ৷যদিও তেওঁলোকৰ বংশৰলোকে ৰঙাচিলাৰ আগলৈকে আহোম ৰাজত্ব কালত কোনো ৰজাঘৰীয়া বিষয়বাব পোবাৰ উল্লেখ আহোম বুৰঞ্জীত নাই ৷ৰঙা চিলা নামটো স্বৰ্গদেউ চুৰমফা ৰ দিনতে হোৱা ৷“ৰঙাচিলা“ কুকুৰটোৰ নামেৰে চুৰমফা ওৰফে ভগা ৰজাৰ দিনত “ৰঙাচিলা “দুৱৰাৰ বংশ বিখ্যাত হয় ৷ৰঙাচিলা দুৱৰা বংশৰ পুৰুষনামাত আহোম শাসন কালত বিষয়বাব পোৱা প্ৰথম পুৰুষজনক ৰঙাচিলা ফুকন বুলিয়েই উল্লেখ আছে ৷আহোম শাসন কালত উকা ফুকন “উপাধি নাছিল ৷আহোমৰ ৰাজত্ব কালত বৰফুকন ;দিহিঙ্গীয়া ফুকন ;ডেকা ফুকন ;নাওবৈচা ফুকন ;পানীফুকন ;নাওশলীয়া ফুকন ;ন-ফুকন ;_চাং - ৰুং-ফুকন ;জালভাৰী ফুকন ;তামুলী ফুকন ; ৰাইদঙ্গীয়া ফুকন ; চাৰিঙ্গীয়া ফুকন ;তিপমীয়া ফুকন ;বাইলুং ফুকন ;দেওধাই ফুকন ; ৰাজগুৰু ফুকন ;দা-ধৰা ফুকন ; গন্ধিয়া ফুকন ; পৰ্বতীয়া ফুকন ; ভিতৰুৱাল ফুকন ; নামৰূপীয়া ফুকন ; ন্যায়সোধা ফুকন ; নেওগ ফুকন ; নেক ফুকন ; ঢেকীয়াল ফুকন ; চোলাধৰা ফুকন ; পেৰাভাৰী ফুকন ; খাৰঘৰীয়া ফুকন ; খংঙীয়া ফুকন আৰু চিৰিং ফুকন অন্যতম ৷আহোম ৰাজত্বৰ আৰম্ভণিতে উল্লেখিত পদবে সমুহ কেৱল মাত্ৰ সাতঘৰীয়া আহোমৰ বাবেহে সংৰক্ষিত আছিল ৷(অসমৰ নাম তালিকা বুৰঞ্জী “ৰিপুনাথ বুঢ়া গোহাঞি পৃঃ ১১)আহোম ৰাজত্বৰ শেষৰ সময়ত উচ্চ বৰ্ণ হিন্দু লোকেও তামুলী ফুকন ; পৰ্ব্বতীয়া ফুকন ; চোলাধৰা ফুকন ৰাজগুৰু ফুকন ; খাৰঘৰীয়া ফুকনৰ বিষয় বাব লাভ কৰিছিল ৷ৰঙাচিলা দুৱৰা বংশৰ প্ৰথমজন ৰঙাচিলা ফুকনে ওপৰত উল্লেখ কৰা পদবীৰ সামৰিক বিষয়াৰ পদবী লাভ কৰাৰ অনুমান হয় ৷আহোম বুৰঞ্জীত ৰঙাচিলা দুৱাৰা বংশ মুধাফুটা ৷এই ৰঙা চিলা দুৱৰা ঘৰৰ কেইবাজনো ব্যক্তিয়ে আহোম ৰাজত্ব কালত বৰবৰুৱা ; শদিয়াখোৱা গোহাঁই ; দিহিঙ্গীয়া ফুকন :ভিতৰুৱাল ফুকন ; শৰাইঘটীয়া ডেকা ;ফুকন আদি উচ্চ পদমৰ্য্যাদাৰ বিষয় বাব লাভ কৰিছিল ৷ৰঙা চিলা দুৱাৰাৰ পৰিয়ালৰ খাত-পাম আহোম ৰজাৰ তৃতীয় ৰাজধানী গড়গাঁৱৰ পৰা ১৫ কি’লমিটাৰ দক্ষিণে আঠখেল মৌজাৰ গেলেকী অঞ্চলত আজিও আছে ৷তেওঁলোকৰ খাত ৰঙাচিলা পথাৰে এতিয়াওঁ ৰঙাচিলা দুৱৰা বংশৰ বুৰঞ্জী সজীব কৰি ৰাখিছে ৷ৰঙাচিলা দুৱাৰা পৰিয়ালৰ বাসস্থানৰ ওচৰতে নিৰ্মাণ কৰা বিষ্ণু দৌলে আজিও ৰঙা চিলা দুৱাৰা বংশৰ ঐতিহ্য সজীব কৰি আহিছে যুগে যুগে আৰু এনেদৰেই বুৰঞ্জীৰ বুকুত এই বংশই নিজৰ শৌৰ্য্য বীৰ্য কীৰ্তি ধৰি নতুন চামক কৈ যাব তেওঁলোকৰ অতীতৰ কাহানীও পাহৰিব নোৱাৰা কথা বোৰ ৷
পৰবৰ্তী খণ্ডলৈ............
(কৃতজ্ঞতা বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোহাঁই দদাইদেউলৈ )I