Type Here to Get Search Results !

গধূলি

 বিদ্যাজ্যাতি গগৈ


আকাশৰ একান্ত বহি সাজৰ  বেলা 
পূৰ্বৰাগী ভাৱনাৰ পৰ্দাত চালো সেই ৰূপ 
আঁকি ললো তোমাৰ দেহৰ আল্পনা 
তোমাৰ হিয়াত লিখি থলো মোৰ কবিতা । 
মোৰ ফুলৰ বাগিছাৰ অপৰাজিতা ফুলৰ 
মালা গাঠি দিম আবেলি চপল শৰাই। 
ৰিক্ত বুকু হওক ভৰপূৰ তোমাৰ হাঁহিৰে । 
তোমাৰ হাঁহিৰ চাৱনিত বোবা প্ৰতিভাৰত 
সকলোৰে স্বপ্নৰ তৰা খহি পৰা নিমেঘ আকাশ, 
চন্দ্ৰৰ পোহৰ আহি আহি মাৰ যোৱা 
আৰু সময়ৰ সমুদ্ৰত উৰি যায় এজাক পখি 
যদি প্ৰেম গীত হয় স্বপ্ন ব্যস্ত জীৱনত প্ৰজ্বোলিত মমশিখা।
নীৰব গধূলি তুমি মই মুখামুখি সময়ৰ এই 
সন্ধিক্ষণত
নিৰ্মল সেমেকা এজাক বতাহ, 
গধূলি জোন জোনাকীৰ শান্ত নীল দিপ্ত দিপাৱলীত
প্ৰেমক অকীৰ্ণ কৰি শেষ হোৱাৰ পশ্চিমৰ লাজুক চাৱনিত 
লাজুকী লতাৰ অপৰূপা 
স্নিগ্ধ উপহাৰ। 
হাঁহিত দিপ্ত হোৱা গধূলিৰ 
চেতনা হেৰাই যোৱা সূৰুয
ময়াৰ আচলেৰে ঢাকি লুকুৱাই থোৱা শব্দহীন 
মৌনমুখৰ সুৰ সমলয় 
আকাশৰ বুকুত ৰচো কবিতা
অবিৰাম গতিৰে অহা যোৱা 
ঋতুৰঙা মন , আৰু মনৰ বেদনা ।