Type Here to Get Search Results !

বঙাইগাঁৱৰ ভূমিশ্বৰ পাহাৰৰ ৰাজাঠাকুৰৰ পুজা

  ডেইজী চৌধুৰী


ৰাজাঠাকুৰৰ পুজা পশ্চিম অসমৰ জিলাসমূহৰ বিভিন্ন পাহাৰ সমূহত চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে বহাগ মাহৰ ৬ তাৰিখে এই পূজাত ৰাজা ঠাকুৰ অৰ্থাৎ শিৱক উপাসনা কৰা হয়। পশ্চিম অসমৰ বিশেষকৈ বঙাইগাঁও জিলাৰ মহাদেৱ পাহাৰ, চাপৰাকাটা, আটুগাঁও, লুঙাই পাহাৰ, কাকৈজানাৰ পাহাৰসমূহত এই পুজা অনুষ্ঠিত হয় । এই আটাইবোৰ পাহাৰৰ ভিতৰত জিলাখনৰ আটুগাঁৱৰ ভূমিশ্বৰ পাহাৰত হোৱা পুজাখন বিখ্যাত। ৬ বহাগৰ দিনা পোনতে এই পাহাৰৰ শীৰ্ষ অংশত পুজা কৰা হয় । তাৰপিছত নামনিত থকা এটি নিজৰাৰ পৰা পানী আনি মূল মন্দিৰত ঢলা হয় । উল্লেখ্য এই নিজৰাৰ পানী বছৰটোৰ বাকীকেইটা দিনত শুকাই থাকে আৰু এই পাহাৰৰ পুজা চলি থকা দিনকেইটা নিজৰাটো পানীৰে পূৰ্ণ হৈ থাকে । মূল মন্দিৰটোত কোনো ভগৱানৰ মূৰ্তিক পুজা কৰা নহয় । এযোৰ খৰম হে পূজা কৰা হয় । এই খৰমযোৰ ভগৱান শিৱৰ । কিংবদন্তি অনুসৰি ১২৭৪ চনৰ কোনোবা এটি দিনত এই মন্দিৰ স্থাপন কৰা হৈছিল । এই ৰাজাঠাকুৰ বহু ঐশ্বৰিক গুণসম্পন্ন । এই পাহাৰত থকা নিজৰা এটিত তাহানিতে দুখীয়া মানুহৰ বিয়া-বাৰুত বাচন-বৰ্তনৰ প্ৰয়োজন হ’লে ভালকৈ পূজা কৰিলে অনুষ্ঠানৰ পুৱা এখন নাঁৱত বিভিন্ন বাচন-বৰ্তন আহি নিজৰাৰ পাৰত লাগি আছিল, পিছদিনা কৰ্ম শেষ হোৱাৰ পিছত বাচনবোৰ সেই স্থানত নি ঘূৰাই দিব লাগিছিল । কিন্তু এবাৰ কোনো লোকে সেই বাচন লৈ ঘূৰাই নিদিয়াৰ পৰা এইদৰে নাঁৱত বাচন অহাও বন্ধ হৈ থাকিল । ঠিক সেইদৰে কোনো খেতিয়কে খেতি কৰিব নোৱাৰি মনেৰে ৰাজাঠাকুৰক স্মৰণ কৰিলে পিছদিনা তেঁওৰ নিজে নিজে মাটি চহ হৈ থকা আনকি ঘৰৰ বলধ গৰুকেইটিৰ ভৰিত বোকা লাগি থকা দেখা গৈছিল বুলি মুখে মুখে প্ৰবাদ প্ৰচলিত । 

এই পাহাৰৰ কিছু মনোৰম কাহিনী যুগ যুগ ধৰি চলি আহিছে । দক্ষৰ যজ্ঞ অনুষ্ঠানত স্বামীক আমন্ত্ৰণ নকৰা হেতু অপমানবোধ কৰি সতীয়ে দেহত্যাগ কৰা পিছত উদভ্ৰান্ত হৈ পৰা শিৱে সতীৰ মৃতদেহটো লৈ ঘূৰা দেখি বিষ্ণুৱে সতীৰ মৃতদেহটো সুদৰ্শন চক্ৰৰে কাটি টুকুৰা টুকুৰ কৰাৰ পিছত সতীৰ চুলিকোচা বঙাইগাঁৱৰ বিখ্যাত সন্নাসী পাহাৰত পৰে। বৰ্তমানেও এই পাহাৰত সতীৰ চুলিকোচা সংৰক্ষিত অৱস্থাত আছে বিশ্বাস কৰা হয়! তদুপৰি সতীৰ মূৰ ধুবুৰীৰ বিখ্যাত মহামায়া মন্দিৰত পৰে। ইয়াৰ পিছত শিৱে গোটেই বিশ্ব ভ্ৰমী আহি বঙাইগাঁৱৰ বাঘেশ্বৰী পাহাৰ পায় আৰু ইয়াত সতীৰ তৰোৱালখন খহি পৰে । বাঘেশ্বৰী মন্দিৰত সেই তৰোৱালখন পুজা কৰা হয়, ইয়াত কোনো মূৰ্তি পুজা কৰা নহয় । দূৰ্গা পুজাৰ নৱমীৰ দিনাহে এই তৰোৱাল বাহিৰলৈ উলিয়াই অনা হয় আৰু এইখন তৰোৱালেৰে যুগে যুগে চলি অহা বলিপ্ৰথাৰ বাবে অনা জন্তুবোৰ বলি দিয়া হয় । শিৱে এই ভূমিশ্বৰ পাহাৰলৈ আহিছিল আৰু ইয়াত তেওঁৰ খৰমযোৰ খুলি পাহাৰৰ আনটো পাৰে গুচি গৈছিল । আন এক প্ৰবাদ মতে ৰাজাঠাকুৰৰ ৫ গৰাকী ৰাণী আছিল – প্ৰথমগৰাকী ৰাণী আছিল – সোণাময়ী। তেওঁৰ মাকৰ নাম আছিল ঝুনে বুঢ়ী । বৰ্তমান মূলাগাঁৱৰ ঝুনা পাহাৰ এই নামেৰে জনাজাত । এই পাহাৰৰ এটা অংশ বাংকুৰা ঠাকুৰ নামে জনাজাত । এই সোণাময়ী ৰাণীৰেই ৰাজপ্ৰাসাদৰ চাকৰৰ সৈতে অবৈধ সম্পৰ্ক ধৰা পেলাই ৰাজাঠাকুৰে খঙতে সোণাময়ীৰ নাকটো কাটি পেলাইছিল। তেতিয়াৰে পৰা সোণাময়ী নাককাটি নামেৰে জনাজাত হৈ পৰে। আগতে দুয়োখন পাহাৰ একেলগে আছিল, কিন্তু এইটো ঘটনাৰ পিছত দুয়োখন পাহাৰে পৃথককৈ থাকিবলৈ লয়। আন এক প্ৰবাদমতে সোণাময়ী ৰাণীয়ে পিতৃগৃহলৈ যোৱাৰ ফলত স্বামী ৰাজাঠাকুৰলৈ ভাত ৰান্ধোতে পলম হৈছিল। ৰাণীয়ে পিতৃগৃহৰ পৰা উভটি অহাৰ পিছত ৰাজাঠাকুৰে খঙতে ৰাণীৰ নাকটো কাটি দিছিল তেতিয়াৰে পৰা তেঁওৰ নাম নাককাটি হয়। আন এক প্ৰবাদমতে ৰাজাঠাকুৰ ৰজাৰ পত্নীৰ নাম আছিল নিগমা।  ৰাজাঠাকুৰৰ ভাতৃ আছিল ভাওৰীয়া। ৰাজাঠাকুৰে নিজৰ ৰাজ্যভাৰ পত্নী নিগমা আৰু ভাতৃ ভাওৰীয়াক দি কাশীলৈ তীৰ্থভ্ৰমণলৈ যাঁওতে তেঁওৰ অবৰ্তমানত দেওৰেক ভাওৰীয়াৰ লগত নিগমাৰ প্ৰেম হয়। ৰাজাঠাকুৰে তীৰ্থ ভ্ৰমণৰ পৰা আহি সকলো কথা গম পাই খঙতে নিগমাৰ নাকটো কাটি দিয়ে। তেতিয়াৰ পৰা নিগমা নাককাটি ৰূপে পৰিচিত হয়। লগতে ভাতৃ ভাওৰীয়াকো পূৱফালে খেদি গৈ কাটি তিনি টুকুৰা কৰি পেলায়। তাৰপিছত ৰাজাঠাকুৰে তেজেৰে ৰাঙলী হৈ থকা হাতখন টুনীয়া নৈত ধুই আহি আহি তৰোৱালখন ঘোগা নৈত পেলাই দিয়াৰ পিছতে টুনীয়া নৈৰ পানী ৰঙা হৈ পৰে আৰু ঘোগা নৈৰ পানীত লোৰ আকৰ পোৱা যায় বুলি লোকবিশ্বাস আছে। বৰ্তমান চাপাৰাকাটাৰ চিটকাগাঁৱৰ ওচৰত ভাওৰীয়া কটা স্থান আছে বুলি জনা যায়। নাককাটি পাহাৰত থকা শৃংগ দৰ্শন কৰিবলৈ ইয়ালৈ প্ৰতিদিনে পৰ্যটকৰ আগমন হয়। এই শৃংগৰ সৈতে আমেৰিকাৰ Mcfee Knob আৰু নৰৱে ৰ Trolltunga Mountain ৰ সাদৃশ্য আছে। চলিত বৰ্ষতে নাককাটি পাহাৰৰ তলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি ৫-১১ ফেব্ৰুৱাৰীলৈ কমতাপুৰ ফেষ্টিভেল অনুষ্ঠিত হয়। ৰাজাঠাকুৰৰ দ্বিতীয়গৰাকী ৰাণীৰ নাম আছিল-গঙ্গাৰাণী। এওঁৰ পুজাত 'মদ' ক প্ৰসাদ হিচাপে আগবঢ়োৱা হয় । তৃতীয় ৰাণী বাদিয়াৰাণীৰ নামেৰে বঙাইগাঁও জিলাৰে শাওনাগাঁৱত বাদিয়াৰাণী পুখুৰী আছে । চতুৰ্থ ৰাণী আছিল কল্টাণি আৰু পঞ্চম ৰাণী আছিল ৰাভানী। এওঁলোকৰ নামেৰে কাছুৱাগাঁও পাহাৰৰ উত্তৰফালে নামনিত ধানৰ পুঁজি আৰু খেৰৰ পুঁজি শীৰ্ষক দুটা শিল আছে । এই পাহাৰত এটা গুহা আছে যিটোত অসৎ মনোবৃত্তিৰে প্ৰৱেশ কৰা মানুহে গুহাৰ আনটো প্ৰান্তত ওলাবলৈ নোৱাৰে, গুহাৰ শিলদুটা নিজে লগ লাগি গুহাৰ দ্বাৰ বন্ধ হৈ যায় বুলি লোকবিশ্বাস চলি আহিছে । তদুপৰি এই পাহাৰতে থকা ‘বৰঝৰা’ গ্ৰীষ্মকালত জলকেলিৰ বাবে বিখ্যাত । 


ৰাজাঠাকুৰৰ পুজা সাধাৰণতে বঙাইগাঁওবাসীৰ মাজত পাহাৰ পুজাৰূপে খ্যাত। তদুপৰি এই পুজা কোচ ৰাজ্যৰ ৰাজধানী বিজনী ৰাজ্যত বুঢ়া ঠাকুৰ আৰু চিদলী ৰাজ্যত ৰাজাঠাকুৰ নামেৰে জনাজাত ।  আটুগাঁৱত থকা মন্দিৰটো ১২৭৪ চনত স্থাপন কৰি ১৪১০ চনত পুনৰ নিৰ্মাণ কৰা হয়। পুজাৰ সময়ত গোটেই পাহাৰখন ভক্তৰ সমাগমেৰে উখলমাখল হৈ পৰে। পুজা কমিটিৰ দ্বাৰা ধাৰ্য কৰা নিয়মসমূহ মানি ভক্তগণে আশীষ লয়। জিলাখনৰ বিদ্যাপুৰৰ শ্ৰীশ্ৰী ৰাজাঠাকুৰ মূল মন্দিৰ(ভূমিশ্বৰ পাহাৰৰ আনটো ফালে) ৰ সোঁফালে আছে ৰাজাঠাকুৰে ব্যৱহাৰ কৰা কুঁৱা, কুঠাৰ, ধোবাধুবুনী আৰু মূল মন্দিৰৰ বাঁওফালে আছে ষোল্লশ গোপিনীসকল। একেদিনাই দুয়োটা মন্দিৰতে পুজা আগবঢ়োৱা হয়। চহৰৰ পৰা আঁতৰত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা এই ঠাইটুকুৰাত বহাগৰ ৬ তাৰিখৰ পৰা আৰম্ভ কৰি গ্ৰীষ্মৰ দিনকেইটাত জনসমাগম হয়।