ছৈয়দা চায়ৰা বেগম
সময়বোৰ উৰ্দ্ধগামী দৌৰত হেৰাই গৈছে প্ৰতিদিনে ৷ আৰু এই উৰ্দ্ধগামী দৌৰৰৰ বাবে মানুহবোৰে দৌৰিছে সময়ৰ লগে লগে ৷ দৌৰিছে মানে দৌৰিছে এক যান্ত্ৰিক শক্তিৰ দৰে দৌৰিছে ৷ সকলো ব্যস্ত ৷
সেই যে নিৰস জীৱন এটা লৈ উঁৱলি যোৱা ঘৰটোৰ বৃদ্ধজনে শীৰ্ণ দুচকুৰে নঙলা মুখৰ ফালে চাই থাকে , তেওঁৰহে সময়বোৰ নাযায় -নোপোৱাই ৷এইদৰে কণখুৰাই গেটখুলি সোমাই অহা অৱসৰপ্ৰাপ্ত শিক্ষক মহিম ছাৰক ক’লে ৷মহিম ছাৰে বহুপৰ ঠিয় হৈ থাকি কণখুৰাৰ কথাবোৰ শুনিলে ৷ মহিম ছাৰে
সকলো বুজিলে কণখুৰাই কাৰ কথানো কৈছে ৷ খুৰাৰ কাষতে আন এখন চকী আছিল ছাৰে নিজে নিজেই চকীখনত বহি দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে ৷
থাকোতে বৃদ্ধজনৰ সকলো আছিল ৷নিয়তিৰ নিষ্ঠুৰতা বলি হ’ল বৃদ্ধজনৰ পত্নী,কন্যা ৷ মাজে সময়ে বিয়া দিয়া আন জনী জী আহি গৈ থাকে ৷কিন্তু যি পুত্ৰৰ বাবে তেওঁ ৰৈ থাকে সেই পুত্ৰজনে 'সাত সাগৰ তেৰ নদী 'হেন সংসাৰৰ যন্ত্ৰণা পাৰ হ’ব পাৰিলেহে আহিব পাৰে ৷ প্ৰচণ্ড জোঁৱাৰ উঠিলে আহিব নোৱাৰে ভয় কৰে ৷পিতাকে সকলো জানে বাবেই নিৰৱে থাকে ৷নিৰলে থাকে ৷ মৃত্যু ক্ষণ গণি গণি ৷
নাজিৰা ৷