Type Here to Get Search Results !

ভাৰতৰ আধুনিক বিজ্ঞানৰ পুৰোধা ব্যক্তিঃ জগদীশ চন্দ্ৰ বসু

 ৰঞ্জিত চুতীয়া


 জৈৱ আৰু অজৈৱ তথা উদ্ভিদ আৰু প্ৰাণীকোষবিলাকে বাহ্যিক উত্তেজনাৰ প্ৰতি একেধৰণে সঁহাৰি জনায় বুলি প্ৰমাণ কৰি দেখুৱাইছিল জগদীশ চন্দ্ৰ বসুৱে। এই ক্ষেত্ৰত গৱেষণা কাৰ্য চলাবলৈ তেওঁ উদ্ভিদ বিকাশৰ হিচাপ ৰখা 'ক্ৰেস্কোগ্ৰাফ যন্ত্ৰ' আৱিষ্কাৰ কৰিছিল। উদ্ভিদ দেহতত্ত্ববিদ এই গৰাকী বিজ্ঞানীয়ে বৈদ্যুতিক তৰংগৰ ধৰ্ম সম্পৰ্কেও প্ৰাৰম্ভিক গৱেষণা কৰিছিল। তেওঁৰ এই গৱেষণাৰ আলমতে বিষয়টো সম্পৰ্কে আৰু অধিক গৱেষণা চলোৱাত প্ৰচুৰ পৰিমাণে সহায় কৰিছিল।
                       এই গৰাকী মহান ভাৰতীয় বিজ্ঞানী ১৮৫৮ চনৰ ৩০ নৱেম্বৰত ঢাকাৰ ওচৰৰ বড়িশাল নামৰ গাঁৱত জন্ম হৈছিল। তেখেতৰ পিতৃ নাম ভগৱান চন্দ্ৰ বসু আছিল। পিতৃ ডেপুটি মেজিষ্ট্ৰেট আছিল। জগদীশ চন্দ্ৰ বসুৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হয় ফৰিদপুৰৰ বঙালী স্কুলত। দেউতাকে বিশ্বাস কৰিছিল যে মাতৃভাষা ভালকৈ জানিলেহে ইংৰাজী বা অন্যান্য ভাষাও শিকিব পাৰি। ১৮৭৪ চনত জগদীশ চন্দ্ৰ বসুৱে কলিকতাৰ ছেইন্ট জেভিয়াৰ্ছ স্কুলৰ পৰা এন্টেঞ্চ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৮৭৮ চনত ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক হয়। ১৮৮০ চনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ তেওঁ ইংলেণ্ডলৈ যায় যদিও শাৰীৰিক অসুস্থতাৰ বাবে অধ্যাপকৰ পৰামৰ্শ মতে চিকিৎসাবিদ্যা বাদ দি বিজ্ঞান পঢ়িবলৈ কেম্ব্ৰিজৰ ক্ৰাইষ্ট কলেজত নামভৰ্তি কৰে। তাতে তেওঁ বিশ্ববিখ্যাত অধ্যাপক ফ্ৰাঞ্চিছ ডাউইন, ছিডনি ডাইছ, লৰ্ড ৰেলিক আদিক লগ পায়। ১৮৮৪ চনত জগদীশ চন্দ্ৰ বসুৱে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্ৰকৃতি বিজ্ঞানৰ স্নাতক হয়। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
                        জগদীশ চন্দ্ৰ বসুৱে বিদেশত উচ্চ শিক্ষা লাভ কৰি স্বদেশলৈ ঘূৰি আহি কলিকতাৰ প্ৰেছিডেঞ্চি কলেজত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নিযুক্ত হয় ১৮৮৫ চনত। প্ৰেছিডেঞ্চি কলেজত অধ্যাপনা কৰি থাকোতেই বসুৱে ৰেডিঅ' তৰংগ আৱিষ্কাৰ কৰে। ৰেডিঅ’ তৰংগৰ যোগেদি কোনো তাঁৰ নোহোৱাকৈ সংবাদ পঠিওৱাৰ সুবিধা তেতিয়ালৈকে হোৱা নাছিল। ইটালীৰ ৰ্মাকনিয়ে এই বিষয়ত গৱেষণা কৰা বুলি জানিব পাৰি বসুৱে এই বিষয়ত গৱেষণা সামৰণি মাৰে। কিন্তু জগদীশ চন্দ্ৰ বসু আছিল প্ৰথম ব্যক্তি যিয়ে কোনো তাঁৰৰ সহায় নোহোৱাকৈ এখন দেশৰ পৰা আনখন দেশলৈ বাতৰি প্ৰেৰণ কৰিছিল।
                    উদ্ভিদৰো প্ৰাণ আছে, তাক প্ৰমাণ কৰি বসুৱে দেখুৱাইছিল। এই পৰীক্ষাটো প্ৰত্যক্ষ কৰিবলৈ লণ্ডনৰ ডাঙৰ ডাঙৰ বিজ্ঞানীৰ লগতে বহুতো গণ্যমান্য ব্যক্তি আহি সমবেত হৈছিল। তেওঁ এটা গছপুলিত বিষাক্ত বিহৰ বেজী দিলে। বিষক্ৰিয়াত পুলিটো মৰি যাব লাগিছিল; কিন্তু প্ৰত্যাশা কৰা মতে গছপুলিটো নমৰিল। তাকে দেখি দৰ্শকে তেওঁক উপহাস কৰিলে। তেতিয়া বসুৱে অবিচলিত হৈ ক'লে, "বিহে গছপুলিটো নামাৰিলে। গতিকে এই বিহে মোৰ দৰে অন্য এক জীৱন্ত সত্তাকো নামাৰে।" এই সম্পৰ্কত নিশ্চিত হোৱাৰ উদ্দেশ্যৰে বিহখিনি নিজৰ দেহৰ ভিতৰত সোমোৱাই ল'বলৈ উদ্যত হ'ল। সেই মুহূৰ্ততে তাত থকা এজন ব্যক্তি থিয় হ'ল আৰু চিঞৰি ক'বলৈ ধৰিলে, "মিঃ বসু, মই পৰাজয় বৰণ কৰিছোঁ। বটলটোৰ বিহখিনি ময়েই ৰঙীণ পানীৰে বদলি কৰিছিলোঁ।" লগে লগে সত্যটো প্ৰকাশ হৈ পৰিল। তেওঁ দ্বিতীয়বাৰ পৰীক্ষাত সম্পূৰ্ণ সফল হ'ল।
                      জগদীশ চন্দ্ৰ বসুৰ পিছৰ আৱিষ্কাৰসমূহ আছিল বিস্ময়কৰ। বিদ্যুৎ চুম্বকীয় তৰংগ উৎপাদক যন্ত্ৰটো আছিল এক বিস্ময়কৰ সৃষ্টি। ইয়াৰ বাবে তেওঁ ১৮৯৫ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা 'ডক্টৰ অৱ ছায়েঞ্চ' উপাধি লাভ কৰিছিল। ১৯০০ চনত ফ্ৰাঞ্চত বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিছিল। ১৯১৭ চনত ব্ৰিটিছ চৰকাৰে তেওঁক 'নাইট' উপাধিৰে বিভূষিত কৰিছিল আৰু সেই একে বছৰতে কলিকতাত তেওঁ স্থাপন কৰিছিল বসু গৱেষণা প্ৰতিষ্ঠান। তেওঁৰ মৃত্যুৰ সময়লৈকে সেই প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াত আজিও বিজ্ঞানৰ নানা অন্বেষণ চলি আছে।
                     জগদীশ চন্দ্ৰ বসুৱে বিশ্বাস কৰিছিল যে বিজ্ঞানীয়ে নিদিষ্ট দূৰত্বৰ পৰা পুংখানুপুংখৰূপে অনুসন্ধান আৰু বিশ্লেষণ কৰাতকৈ বৰং অনুভূতি জাগ্ৰত কৰা, পৰ্যবেক্ষণ কৰা আৰু মনোযোগ দি শুনাৰ দক্ষতা অৰ্জন কৰিব লাগিব। বাহ্যিক উত্তেজনাৰ প্ৰতি উদ্ভিদৰ বৈদ্যুতিক সঁহাৰি জোখা প্ৰতিধ্বনিযুক্ত আৰু দুলি থকা ৰেৰ্কডাৰ আৱিস্কাৰ কৰাৰ পাছত তেওঁ কৈছিল, "প্ৰাকৃতিক বিধানৰ নিচিনাই অপৰিৱৰ্তনশীল, নৈতিক জগতখনৰ এটা সুন্দৰ বিধান হ'লঃ খোজা, তোমাক ইয়াক অৰ্পণ কৰা হ'ব, অনুসন্ধান কৰা, তুমি তাক লাভ কৰিবা, টোকৰ মাৰা, দেখিবা, তোমাৰ কাৰণে দুৱাৰ মেল খাই গৈছে।"
                   জগদীশ চন্দ্ৰ বসুৱে উদ্ভিদৰ কোনো ধৰণৰ অন্তনিৰ্হিত চেতনা থকা বুলি প্ৰমাণ কৰিব পৰা যায় নে নাযায় -- সেই সম্পৰ্কে জানিব খুজিছিল। অৱশ্যে সেই ক্ষেত্ৰত তেওঁ বেছি দূৰ আগবাঢ়িব পৰা নাছিল। মৃত্যুৰ আঠ বছৰ পিছত 'এনচাইক্ল'পিডিয়া ব্ৰিটেনিকা'ৰ ১৯৪৫ চনৰ সংস্কৰণত তেওঁক কৃতিত্বৰ বিষয়ে এই বুলি মূল্যাংকন কৰা হৈছে, "তেওঁৰ সময়ৰ তুলনাত গৱেষণা ইমান আগবঢ়া আছিল যে তাৰ যথাযথ মূল্যাংকন সম্ভৱেই নহয়।"
                       ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা আৰু বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা প্ৰথম ভাৰতীয় জগদীশ বসুৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব। এই গৰাকী মহান বিজ্ঞানী ১৯৩৭ চনৰ ১৩ নৱেম্বৰৰ দিনা বিহাৰৰ গিৰিতি চহৰত দেহান্তৰ হয়। তেওঁৰ প্ৰকাশিত বিখ্যাত ৰচনাবোৰৰ ভিতৰত 'ৰেচপন্ চেজ ইন দ্য লিভিং এণ্ড নন্ লিভিং' আৰু 'প্লাণ্ট ৰেচপন্ চেজ' অন্যতম।

                                   ৰজাধাপ, সোণাৰি
                                   ডাকঃ- সোণাৰি
                                   জিলাঃ- চৰাইদেউ
                                   পিন-৭৮৫৬৯০
                                 মোবাইল নং-৬০০০৫৭১৪৫২