তুলিকা বৈশ্য দাস
তোমাৰ বাবেই নিতে
শঙ্খ-ঘণ্
ভকতি প্ৰদীপ জ্বলে
প্ৰতি প্ৰভাতে প্ৰভাতে
আজি তুমি আহিবাই বুলি
অষ্টাঙ্গে প্ৰণিপাত কৰি
গোন্ধ পুষ্প ধূপ্ দীপ্
নৈ
আছোঁ
শাৰদী গধুলি
পূৰ্ণ চন্দ্ৰমাতেই
সপ্তবৰ্
সখীসৱৰ স'তে ৰাধাকো লগত লৈ
সমবেত হৈ সজাবাহি সুশোভিত কৰি
আমাৰ মনৰ পদুলি ।
পলকতে মণিকূটত
বাজিব সুললিত ৰাগিনী...
ৰজন্জনাই উঠিব হৃদয় ধৰণী...
ভিন্ন ৰঙী সুগন্ধি ফুলেৰে জাতিষ্কাৰ হৈছে
আমাৰ মনফুলনি
তাত মধুকৰৰ গুঞ্জৰিত তৰঙ্গত
নাচিছে-হালিছে ফুল-ডাল-পাত
নিলগত পদুমণিৰ কাষৰত
চৰিছে ৰাজহংসৰ জাক
বিমুগ্ধ কৰি তুলিছে সবাক
অপ্ৰত্যাশিত বিতোপন এক উদযাপন
সন্ধিয়াৰ আকাশতো যেন শশাঙ্কেও আজি
অলেখ তৰাৰ স'তে লুকা-ভাকু খেলি মন মোহিব
কুঞ্জ-কাননত ৰাধা-কৃষ্ণৰ ঝুলনাও ঝুলিব
মনৰ জগত আমাৰ তীৰ্থসম পবিত্ৰ হ'ব
কৰযোৰে আকুল-ব্যাকুলে আছোঁ ৰৈ
পদৰেণু লৱলৈ সেই ক্ষণলৈ°°°
গুৱাহাটী , সোণাপুৰ