প্ৰগতি গগৈ চাংমাই
প্ৰিয়াৰ যোগেদি মাকহঁতে কথাটো গম পাই অসীমক সোধাত সকলো কথা মাকহঁতক ক'লে। মাকহঁতে ভালেই পালে।
" ডাঙৰ চিন্তা এটা কমালি বাবা। এতিয়া সকলো আৰাধ্যাৰ ঘৰলৈ যোৱাৰ হে কথা। "
বৰমাকহঁতকো লগত লৈ মাকহঁতে আৰাধ্যাৰ ঘৰলৈ ওলাল। লগত অসীমো। অসীমে আৰাধ্যালৈ ফোন কৰি ক'লে-
"আৰা, বৰ বেয়া কথা এটা হ'ল। "
"কি হ'ল? "
"মাহঁতে আমাৰ কথা মানি লোৱা নাই। কি কৰোঁ তাকেই ভাবি আছোঁ।"
" কি? কি হ'ব এতিয়া?"
"ভাল চাই ল'ৰা এটালৈ বিয়া সোমাই যোৱা।"
"তোমাৰ বেয়া লগা নাই এনেকৈ ক'বলৈ?"
"লাগিছে। কিন্তু কি কৰিবা? উপায়তো নাই।"
" মই কি কৰিম এতিয়া।"
"তোমাক পাছত ফোন কৰি আছোঁ ৰবা।"
-- তাইক দোমোজাত পেলাই অসীমে ফোনটো কাটি দিলে।
"ঐ, ছোৱালীজনীক মিছাকৈ কিয় কষ্ট দিছ?"
"তাইক জোকাইছোঁ ৰ'বা। খন্তেক পাছতে এনেয়েও গম পাবই সকলো।"
" তথাপি । বাবা , মই বৰ ভাল দেখা নাই কথাটো।"
"একো নহয় মা।"
সিফালে আৰাধ্যাইও মাকহঁতৰপৰা গম পাইছে আজি তাইক কোনোবাই চাবলৈ আহিব। তাই পুনৰ অসীমলৈ ফোন কৰিলত সি কাটি দিছে। কি কৰোঁ কি নকৰোঁ ভাবি উৱাদিহ নাপাই তাই চকুপানী বোৱাইছে।
পদূলিৰ মূৰত গাড়ী এখন ৰোৱাৰ শব্দই পুনৰ আৰাধ্যাক কষ্ট দিলে। অসীমৰ কথাবোৰ যদি সঁচা হয়? তাই কি কৰিব? আজি আলহীৰ আগত ওলাবলৈ তাইৰ একেবাৰে মন নাই। মাকহঁতৰ সন্মানৰ খাতিৰতে তাই নিজকে প্ৰস্তুত কৰিছে। চকুপানীখিনিক বাধা দিব পৰা নাই।
যথা সময়ত তাইক আলহীৰ সন্মুখলৈ লৈ যোৱা হ'ল। তাই মূৰ তুলি এবাৰো চোৱা নাই। মাকহঁতে কথা পাতিছে। দৰাঘৰৰ মানুহৰ শেষ সিদ্ধান্ত -"ছোৱালী পছন্দ হ'ল। বিয়া পাতিবলৈ বিয়াৰ দিন ঠিক কৰিব লাগে। "
তাইৰ মনটো যেন কোনেও বুজা নাই। চেপা কান্দোন এটা ওলাই আহিব খুজিছে।
"কইনাই বা মোক পছন্দ কৰে নে নাই ? নে আন কোনোবাক ভাল পায়চিনাকি মাতষাৰ শুনি তাই তলমূৰ ওপৰ কৰিলে। দুচকুত তাইৰ অপাৰ বিস্ময়। মনত ক্ষোভ , অলপ অভিমান।
"তোমাৰ লগত কথা আছে। এইফালে আহা।"
বাহিৰলৈ আহি তাই তাক মৰমৰ ভুকু মাৰি কন্দাৰ মাজতে হাঁহি উঠিল।
"কিয় মিছা কথা ক'লা? এনেকৈ মানুহক কষ্ট দি ভাল লাগে তোমাৰ?"
"নহ'লে তোমাৰ মুখৰ এই ধুনীয়া হাঁহিটো দেখিলোহেঁতেন নে? ছাৰপ্ৰাইজ!"
ভিতৰলৈ গৈ অসীমে কৈ উঠিল-
" মা, কইনাৰ বোলে মোক পছন্দ হোৱা নাই। যাওঁ গৈ ব'লা। "
"ঐ, বাবা। ধেমালি এৰ। কিমান আৰু ছোৱালী জনীক কষ্ট দিয়?"
সকলো কথা শেষ কৰি বিয়াৰ দিন ঠিক কৰিবলৈ সিদ্ধান্ত ল'লে।