প্ৰগতি গগৈ চাংমাই
-"মা, মই আহিলোঁ।"
-তই আহিলি। অথচ আমাক ফোন এটাও নকৰিলি।
-ফোন আকৌ কিয় কৰিব লাগে?ঘৰৰ ল'ৰা, ঘৰলৈহে আহিছোঁ।
-হয় আকৌ! ইমান দিনৰ মূৰত আহিছ, ফোন কৰি লোৱা হ'লে দেউতাৰে ঘৰৰ পুখুৰীৰ পৰা মাছকে ধৰি থ'ব পাৰিলে হয়। এতিয়া কোনে ধৰিব?
-কিয়? মই ধৰিম। দেউতা ক'লৈ গ'ল?
-তই? আহি পাইছহে। ভাগৰে-জোগৰে মাছ ধৰিব নালাগে। দেউতাৰে পাহিহঁতৰ ঘৰলৈ গৈছে। নামঘৰৰ বিষয়ে কিবা আলোচনা কৰিবলৈ।
- একো নহয়। মই আহিলোঁ।
- বাবা, ৰ'চোন। আহিয়েই লগে লগে এইবোৰ কাম কিয় কৰ অ'? কিয় যে মাছৰ কথা ক'লো ইয়াক। ৰ'বলৈও সময় নাই।
- ৰ'বা মা, আজি গধূলিৰ ভাতসাঁজ মাছেৰেই খাম। তাকো লোকেল। বৰমাহঁতকো মাতি দিবা।
- মাতিম মাতিম।
- মা, কিবা এটা লৈ আহাচোন মাছ ভৰাবলৈ।
-গৈছোঁ, গৈছোঁ।
খেৱালী জালখন পেলাই দুবাৰমান মাৰোঁতেই
বহুখিনি সৰু-ডাঙৰ মাছ উঠিল। লগতে ডাঙৰ ৰৌ এজনী উঠিল তিনিকেজিমানৰ।
-আজি এইজনীৰেই হৈ যাব মা। লগতে গৰৈ মাছকেইটা পুৰি খৰিচাৰ লগত পিটিকিবা। মোৰ যে খাওঁ খাওঁ লাগিলেই।
- খাবি খাবি। যিমান পাৰোঁ জুতি লগাই বনাই দিম। এতিয়া অলপ জিৰণি ল।
- অ' মা।
সন্ধিয়া সকলো লগলাগি সুখৰ এসাঁজ ভালকৈ খালে। বৰমাকহঁতে আহি ভাত আঞ্জা বনোৱাত মাকক সহায় কৰি দিলে। বৰমাকৰ ঘৰৰ প্ৰিয়া তাতকৈ বয়সত সৰু। কিন্তু তাক সহজে নেৰে। ধমকি দিলেও ভয় নকৰে।
- অ' জান দা! তোৰ বাবে খুৰা-খুৰীয়ে ছোৱালী চাইছে।
- কাক অ'! মোকচোন কোৱাই নাই।
- তোক কিয় ক'ব? মোকহে ক'ব। মই হে খুৰাহঁতৰ ছোৱালী।
- ধেইট ৰচোন। ক'ৰ ছোৱালী ক'চোন?
তাৰ উৎসুকতা দেখি প্ৰিয়াৰ দুষ্টামি আৰম্ভ..
- ছোৱালীৰ কথা শুনিয়েই বৰ একেবাৰে গাত তত নাইকিয়া হ'ল! ক'ৰবাত তই মনে মনে চাই থৈছ নেকি আকৌ? থাকিলে ক'বি। নহ'লে পস্তাবি।
- নহয় অ' । ক'তনো পাম ? তয়েই কচোন।
- মই আকৌ কেনেকৈ গম পাম? খুৰাহঁতে মাৰ লগত ছোৱালীৰ কথা পাতি থকা শুনি তোক ক'লো।
- মোৰ কাম এটা কৰিবি?
- কি কাম?
- কৰিবিনে সেইটো ক?
- এডভান্স?
- হে হৰি, এইজনী। একমাত্ৰ ভায়েৰটোৰ কাম এটা কৰি দিবলৈ তাইক পইচা লাগে?
- নহ'লে নহ'ব। (প্ৰিয়াৰ চকুত দুষ্টামি)
- দিম দে। পাৰিবি এতিয়া?
- ক!
- মোৰ এটা কথা মাহঁতক ক'ব লাগে।
- কথাটো ক!
- মই ছোৱালী এজনী...
- ভালপাৱ?
তাৰ কথা শেষ নহ'লেই। প্ৰিয়াই ঘপহকৈ মাত লগালে।
-তই কেনেকৈ জানিলি?
-এইটো বয়সত প্ৰেম হয়েই।
-বৰ একেবাৰে বিজ্ঞজনী ওলাইছে। মাৰ খাবি।
-মাৰিবলৈ পাতি দিম?
-ৰ। শুন কথাবোৰ। মই আৰাধ্যা নামৰ ছোৱালী এজনী ভালপাওঁ । দুবছৰ হৈছে। তাই মই আগতে ডিগ্ৰী পঢ়ি অহা কলেজখনতে পঢ়ে। এতিয়া মাহঁতক কেনেকৈ কওঁ তাকেই ভাবিছোঁ!
-তোৰ কাম হৈ যাব!
-কি যে! এইজনীৰ কথাবোৰ কিয় এনেকুৱা অ'?
-কেনেকুৱা দেখিলি?
-বাদ দে, তই পাৰিবি নহয় ক'ব?
-একদম নিশ্চিন্ত থাক। মই এতিয়াই খুৰীক কৈ আছোঁ। খুৰী, অ' খুৰী!
-হেই এইজনী! এতিয়াই নকবি ৰ।
-কিয়?
-এতিয়া সকলোৱে স্ফূৰ্তি কৰি আছে। তেওঁলোকে বা কি ভাবে লয় কথাটো?
-আই ঐ দেহি! প্ৰেম কৰিবলৈ ও নেৰে। ভয়টো চোৱা।
-তই সঁচাকৈ পাবি এতিয়া।
-হ'ব , কাইলৈ ৰিজাল্ট পাই যাবি। এতিয়া মোৰ এডভান্স দে।
-হু, ল। তোলৈ বস্তু এটা লৈয়েই আহিছিলোঁ।
-ইমান ধুনীয়া!
ৰঙা কাপোৰযোৰ পাই প্ৰিয়াক আৰু কোনে পায়?
তাই মাকহঁতক দেখুৱাবলৈ লৰ দিলে।