ৰঞ্জিত চুতীয়া
কৃষ্ণকান্ত সন্দিকৈ আছিল একাধাৰে এগৰাকী মহান সংস্কৃতজ্ঞ পণ্ডিত, এগৰাকী বিশ্ববিখ্যাত প্ৰাচ্যতত্ববিদ, শিক্ষাবিদ, এগৰাকী বিশিষ্ট দাতা। অৱশ্যে এনে বিভিন্ন বিশেষণেৰে বিভূষিত কৰিলেও তেখেতৰ ব্যক্তিত্বৰ প্ৰকৃত ছবিখন দাঙি ধৰাটো সম্ভৱ নহয়। তেখেতৰ পাণ্ডিত্যৰ ক্ষেত্ৰখন প্ৰাচীনতম বৈদিক সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক ইতিহাসকলৈকে, সংস্কৃত ভাষাৰ সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক জাৰ্মান, স্পেনিচ আদি সাহিত্যলৈকে ব্যাপক আছিল। গতিকে তেখেতক কেৱল সংস্কৃত পণ্ডিত বা প্ৰাচ্যতত্ববিদ বুলি কলেই যথেষ্ট নহয়। তেখেতৰ জীৱনী লেখক আব্দুছ ছাত্তাৰ দেৱে এই মহান ব্যক্তিজনক ফুটাই তুলিছে এনেদৰেঃ "ব্যক্তিত্বত যিজন সুগভীৰ, চৰিত্ৰ যাৰ সুনিৰ্মল, আদৰ্শ যাৰ জ্ঞান-সাধনা, প্ৰচাৰবিমুখতা যিজনৰ জীৱনৰে বৈশিষ্ট্য। মতত যিজন সুদৃঢ়, জ্ঞানলিপ্সা যাৰ অপূৰণীয় আৰু অতুলনীয়, যিজন পণ্ডিতৰ সমালোচনা স্পষ্ট আৰু বিচাৰ-প্ৰণালী যুক্তিসংগত, অনুসন্ধিৎসা যিজনৰ জীৱনৰ ব্ৰত, অধ্যয়ন যাৰ মনৰ খোৰাক, পাৰ্থিৱ খ্যাতিৰ প্ৰতি যিজন অনাসক্ত, সেইজন অসাধাৰণ গৱেষক ব্যক্তিয়েই হৈছে কৃষ্ণকান্ত সন্দিকৈ।"
এইগৰাকী মহান ব্যক্তি কৃষ্ণকান্ত সন্দিকৈ জন্ম হৈছিল ১৮৯৮ চনৰ ২০ জুলাইত যোৰহাটৰ নিবাসী দানবীৰ ৰাধাকান্ত সন্দিকৈৰ ঔৰসত নাৰায়ণী সন্দিকৈ গৰ্ভত। তেওঁ ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৫ চনত গুৱাহাটী কটন কলেজৰ পৰা আই,এ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাত পঢ়িবলৈ যায়। তেওঁ ১৯১৭ চনত সংস্কৃত কলেজৰ পৰা অৰ্নাছ সহ বি, এ আৰু ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বেদৰ গ্ৰুপত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম, এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৩ চনত অক্সফ'ড বিশ্ববিদ্যালয়ৰ পৰা 'মৰ্ডাণ হিষ্টৰী'ত এম, এ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯২৩ চনৰ পৰা ১৯২৭ চনলৈকে ইউৰোপীয় ভাষা আৰু সাহিত্য অধ্যয়নত সময় কটায়। তেওঁ অসমীয়া আৰু বাংলা ভাষাৰ বাহিৰে ১১ টাতকৈ অধিক ভাষাৰ গভীৰ জ্ঞানৰ অধিকাৰী হৈ ১৯২৭ চনত স্বদেশলৈ উভতি আহে। সন্দিকৈয়ে ১৯২৮ চনত নগাঁৱৰ উমাচৰণ গোহাঁইৰ কন্যা হেমলতা আইদেউৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেখেতৰ ঔৰসত এটি পুত্ৰ সন্তান বিজয়কৃষ্ণ সন্দিকৈ আৰু দুই কন্যা সন্তান প্ৰমীলা আইদেউ আৰু অহল্যা আইদেউ জন্ম হয়।
অসমৰ শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত সন্দিকৈৰ বৰঙনি অতুলনীয়। সন্দিকৈদেৱৰ জ্ঞান-আহৰণ আছিল যেনেদৰে আজীৱন সাধনা তেনেদৰেই জাতীয় ভাৱৰ শিক্ষাদান আছিল তেখেতৰ আজীৱন ব্ৰত। কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ অন্যতম লব্ধপ্ৰতিষ্ঠ পণ্ডিত সন্দিকৈদেৱে বিদেশৰ পৰা এঘাৰটা ভাষাত ব্যুৎপত্তি লাভ কৰি স্বদেশ পোৱাৰ লগে লগে বিলাতী সাজ-পোছাক পৰিহাৰ কৰি সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি আমৰণ নিজৰ জাতীয় বৈশিষ্ট্য ৰক্ষা কৰি যোৱাই নহয়। তেখেতে লাভ কৰা দেশী-বিদেশী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ উপাধিৰে সেই সময়ত চৰকাৰীহে নালাগে ভাৰত বা বিদেশৰ যিকোনো বিশ্ববিদ্যালয়ত তেখেতৰ বাবে এখনি আসনৰ অভাৱ নহ'লহেঁতেন। কিন্তু তেখেতে তাৰ প্ৰতি অনীহা প্ৰকাশ কৰি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বৰঙনি আগবঢ়াই গ'ল। ১৯৩০ চনত যোৰহাটত স্থাপিত জগন্নাথ বৰুৱা কলেজত ১৯৪৭ চনলৈকে সুদীৰ্ঘ সোতৰ বছৰ যথাশক্তি সাহাৰ্য আৰু কোনোধৰণৰ পাৰিতোষিক গ্ৰহণ নকৰাকৈ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। জগন্নাথ বৰুৱা মহাবিদ্যালয়ক অসমৰ বৃহত্তম মহাবিদ্যালয়ত পৰিণত কৰালৈকে এখেতৰ যি অৱদান আৰু শিক্ষাদানৰ প্ৰতি যি একান্ত আগ্ৰহ, সেই আদৰ্শই হ'ল অসমৰ জনগণে অনুকৰণ কৰিব পৰা অবিস্মৰণীয় আদৰ্শ। শিক্ষাদানৰ কাৰণে অন্তৰত পোষণ কৰা ব্ৰতৰ কাৰণেই তেখেতে অত্যন্ত গভীৰ গৱেষণাৰ কামো ব্যাহত কৰি ১৯৪৮ চনৰ পৰা ১৯৫৭ চনলৈকে ৯ বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ক ভাৰতৰ অন্যান্য বিশ্ববিদ্যালয়ৰ সমপৰ্যায়লৈ উন্নীত কৰিলে। তেওঁ এগৰাকী সুদক্ষ প্ৰশাসক আছিল। তেওঁৰ নামটোৱেই যাদু-দণ্ডৰ দৰে কাম কৰিছিল। তেওঁ বৰকৈ ওলাই নুফুৰিছিল যদিও তেওঁৰ প্ৰভাৱ সকলোতে অনুভূত হৈছিল।
বহুতে আক্ষেপ কৰা শুনা যায়, সন্দিকৈদেৱে অসমীয়া ভাষাত তেনে বিশেষ একো নিলিখিলে। ইমানবোৰ ভাষা জনা এগৰাকী পণ্ডিতে অসমীয়া ভাষাত বহুত কিবাকিবি লিখিব লাগিছিল - ই এক হিচাপে সঁচা কথা। কিন্তু আমি পাহৰি গ'লে নহ'ব - তেখেতে ৩০ টা আপুৰুগীয়া প্ৰবন্ধ অসমীয়া ভাষাত লিখি থৈ গৈছে। ইবিলাকৰ প্ৰতিটোৱেই একো একোটা সোণৰ টুকুৰা, যাৰ দ্বাৰা তেওঁ জনমানসত ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব। পাশ্চাত্য সাহিত্যৰ মৌ-কোঁহ পান কৰি আমাক তাৰ কিঞ্চিৎ সোৱাদ দিলে। সিবোৰৰ উচ্চ চিন্তা,বিশ্লেষণমূলক দৃষ্টি-ভংগী আৰু প্ৰাঞ্জল ৰচনা-ৰীতিয়ে পাঠকৰ মন আকৰ্ষণ কৰে। ইউৰোপৰ ভাষা আৰু সাহিত্য, গ্ৰীক ভাষা - এই দুটা প্ৰবন্ধত তেওঁৰ ইউৰোপীয় ভাষা আৰু সাহিত্যৰ গভীৰ জ্ঞানৰ পৰিচয় পোৱা যায়। প্ৰথম প্ৰবন্ধটো লেটিন, ফৰাচী,ইটালীয়, স্পেনিচ, জাৰ্মান আৰু ৰুচ ভাষা-সাহিত্যৰ বিষয়ে এটা তথ্যপূৰ্ণ প্ৰবন্ধ। এই প্ৰবন্ধটো ৰচনা সম্পৰ্কে তেওঁ কৈছে, "বৰ্তমান প্ৰবন্ধত যোৱা সাত বছৰত ইউৰোপত আমি যিবিলাক ভাষা আৰু সাহিত্য আলোচনা কৰিছিলো তাৰ দুটা-এটা লক্ষণ নিৰ্দেশ কৰা হ'ল।" গ্ৰীক ভাষা প্ৰবন্ধটোও মূল্যবান। তেওঁৰ স্পেনিচ সাহিত্যৰ ৰোমিঅ'-জুলিয়েট (আৱাহন, ১ ম বছৰ), জাৰ্মানীৰ জ্ঞান-সাধনা (মিলন, ১৯৪৮ চন), চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি (অসম সাহিত্য সভা পত্ৰিকা, ১ ম বছৰ), গ্ৰীক নাটকৰ গান (আৱাহন, ৭ ম বছৰ), সাগৰৰ মাজৰ দূৰ্গ (আমাৰ দেশ), প্ৰাচীনতম মিচৰৰ উপাখ্যান (আমাৰ দেশ), ভাৰতীয় চিন্তা, ৰুছ অভিনয়, আত্মবিচাৰ আদি উল্লেখযোগ্য প্ৰবন্ধ। অনুবাদৰ কথা প্ৰবন্ধটোত তেওঁ দৃঢ়ভাবে কৈছিল, "অনুবাদৰ বাহিৰে ম্ৰিয়মাণ অসমীয়া সাহিত্যৰ আন গতি নাই।" এই কথাষাৰ সাম্প্ৰতিক সময়তো কিছু পৰিমাণে সঁচা হৈ আছে।
১৯৩৭ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰূপে যি ভাষণ আগবঢ়াইছিল সেই ভাষণত তেওঁ মনীষা আৰু স্পষ্ট চিন্তাৰ আভাস পোৱা যায়। তেওঁ ভাষণ প্ৰসঙ্গত কৈছিল, "অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ'লেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ কেটেলগ বা যাদুঘৰ নহয়। নিৰ্বাচন-কৌশল, কল্পনা-ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি-পিতি ললেহে প্ৰকৃত সাহিত্যৰ সৃষ্টি হয়। মহাকবি গ্যেটেই কৈছিল যে সকলো বিষয়ে কবিত্ব আছে, উলিয়াই ল'ব পাৰিলেই হয়।" তেওঁ আন এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল, "আমাৰ বৰ্তমান অৱস্থালৈ চাই এই সাহিত্য-সন্মিলন অনেক পৰিমাণে ভাষা-সন্মিলনত পৰিণত হ'লেও একো বেয়া নহ'ব।"
সন্দিকৈদেৱৰ দ্বাৰা ৰচিত গ্ৰন্থ কেইখন হ'ল - নৈষধচৰিতৰ ইংৰাজী অনুবাদ (১৯৩৪), যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ্ (১৯৪৯) আৰু সেতুবন্ধৰ ইংৰাজী অনুবাদ (১৯৭৬)। কেৱল তিনিখন গ্ৰন্থ ৰচনা কৰিয়েই সন্দিকৈদেৱ বিশ্ববিশ্ৰুত হ'ল। তাৰ অন্তৰালত থকা আটাইতকৈ ডাঙৰ ৰহস্যটো হ'ল এই যে তেখেতে লিখা বিশাল সাহিত্যৰ এটা শাৰীৰো বা এটা কথাৰো ভুল ধৰিব নোৱাৰি বা প্ৰতিকূল সমালোচনা কৰিব নোৱাৰি। সৰস্বতীৰ বৰ পুত্ৰ সন্দিকৈদেৱে অধ্যয়নক জীৱনৰ তপস্যা বুলি ভাবি জ্ঞান-সাধনাত ব্ৰতী হৈ নীৰৱে গৱেষণা কৰি অমূল্য পুথি ৰচনা কৰিলে, অসমৰ উচ্চ শিক্ষা সম্প্ৰসাৰণত বৰঙনি যোগালে। চাৰিত্ৰিক দৃঢ়তা, কৰ্তব্য আৰু সময়-নিষ্ঠা, অমায়িক মানৱতাবোধ আদি গুণাৱলী যিজনৰ ভূষণ-স্বৰূপ সেইজন পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ নাম চিৰযুগমীয়া হৈ ৰ'ব।
ৰজাধাপ, সোণাৰি
ডাকঃ- সোণাৰি
জিলাঃ- চৰাইদেউ
পিন-৭৮৫৬৯০
মোবাইল নং-৬০০০৫৭১৪৫২
Email -ranjitchutia640@gmail.com
মোবাইল নং-৬০০০৫৭১৪৫২
Email -ranjitchutia640@gmail.com