Type Here to Get Search Results !

আন্ধাৰ অহাৰ উমান

 নাজবিন চুলতানা


উমান পাইছো বোলে
আকৌ আহিব আন্ধাৰ ,
এইবাৰ আৱৰি থাকিব
চাৰিবেৰেও ।
বান্ধোনৰ শিকলিডাল খোলোতে
বহু সময়ে গ'ল ,
দৌৰিব ধৰা মনটো 
কোনোমতেই যেন 
বুজাই ৰাখিছো ধৈৰ্য্যৰে ।
কিয়নো যুগে হৰুওৱাই যোৱা
কাষৰীয়া ধূলি মই ।
অবিৰাম চেষ্টাৰ 
অগ্ৰাহ্যৰ অসহায় মই ।

জীৱনৰ মাত্ৰ এটা কালত
সুখৰ হাঁহি জিলিকাব খোজা মন 
প্ৰত্যেকটো সোঁততে গতি হেৰুওৱা
এই ভিকহু অভাগিনীৰ ,
আন্ধাৰবোৰ পাৰ হওঁতেই ,
যাৰ কাৰণে দৌৰিব খোজো
তেওঁৱে যদি ..।
উমান পাইছো বোলে
আকৌ আহিব আন্ধাৰ ।


 পাটসাঁকো