Type Here to Get Search Results !

আশাহত সপোন

 জোনালী গগৈ


পদপথৰ শেতেলিত
নিদ্ৰামগ্ন মই --
সপোন জাক বগাই ফুৰে
আকাশত,জোন তৰাৰ
সোনোৱালী হিয়াৰ মাজত।
আইৰ বুকুৰ মাজত সোমাই
পৃথিৱীক খামুচি ধৰো 
আৰু - সাগৰ সিঁচি
মানিক বুটলি আনো,
সকলো বান্ধি থও
চেনেহী আইৰ ৰিহাৰ ভাজত।
কিন্তু বাস্তৱত ----
আইৰ ক্ষুধাতুৰ শীৰ্ণ দেহা চাই
বুকু থেকেচি -
উটি -ভাহি যাও
দুচকুৰ দুধাৰি লুণীয়া বানত।
অসহায় সময়বোৰে মাথোঁ
কলিজা কুৰুকি চোবাই,
তেতিয়া মই হেৰাই যাও
সেই বিধ্বস্ত ক্ষণবোৰত,
ক্ষুধাৰ জুইত
দহি দহি ছাই হও অহৰ্নিশে
জাহ  যাও দুঃসহ সময়ত।

       শিৱসাগৰ