সবিতা বৰুৱা ফুকন
শেৱালী আৰু বকুলৰ সুবাহে
আদৰি আনে আঘোণক
আহিনৰ সেউজীয়া পথাৰখনে
আঘোণত সাজ পিন্ধে,
ৰঙা,নীলা, হালধীয়া আৰু
কজলা...
হালধীয়া বতাহত ধানবোৰ
নাচি উঠে ....
ৰবাবৰ ফুৰফুৰিয়া গোন্ধত
ৰঙিলীৰ আঁচলৰ
তামোলখনে হাঁহে ।
আঘোনৰ পথাৰত দাৱনীৰ
হাতৰ মণিবন্ধনত
লাগি ৰয় ধানৰ মুঠিৰ
ওমাল আমেজ !
দাৱনিৰ কাঁচিৰ কেচ্ কেচ্
শব্দত, উৰি আহে
জাক জাক টুনি ,
আৰু বালিমাহী !
সিহঁতৰ বিনন্দীয়া গীতৰ সুৰত
চম্পাৱতীৰ সপোন ভাগে
নাঙঠ হ'ব নোখোজা পথাৰখনে ও
ইনাই - বিনাই কান্দে ...!