অৰুণা চেতিয়া খাটনিয়াৰ
আমি মানু্হ বোৰে সমাজ পাতি বাস কৰোঁ, যিহেতু আমি সামাজিক প্ৰাণী। আমি প্ৰত্যেকেই একো একোখন সমাজৰ অংশীদাৰী। আমি বিচাৰোঁ ভালদৰে থাকিবলৈ, ভালদৰে খাবলৈ, ভালদৰে ফুৰাচকা কৰিবলৈ। সেইবোৰ আমাৰ নিজা নিজা ভাৱনা। কিয়নো আমি ভাল চিন্তা কৰি ভাল পাওঁ।
বন্য জীৱ জন্তু,পশু পক্ষীয়েও লগ লাগি থাকে,জোম পাতি পাতিয়ে খাদ্য খায় বা বনত বিচৰণ কৰি ফুৰে। দেখা যায় তাৰ মাজতে কেতিয়াবা খোঁচা খুঁচিও লাগে, আকৌ জোমত থাকে। কাৰণ অকলশৰীয়া হৈ থাকিলেই বিপদে লগ লয়। সেইটো সিহঁতে ভালদৰেই জানে।
মানুহক প্ৰাণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কোৱাৰ পাছতো বা জনাৰ পাছতো মানুহৰ লগত সম্পৰ্ক বোৰ বেয়া হয় বা বেয়া কৰে।
কিয় কৰে বাৰু?
যদি ভৱা হয় সম্পৰ্কবোৰ একো একোজোপা গছ, তেতিয়া এই গছজোপা যিমানে প্ৰতি পালন কৰা হয়, সিমানেই প্ৰাণ পাই উঠিব। আনহাতে প্ৰতিপালন নকৰিলেই মৰহি যাব বা মৰহি যোৱাৰ দৰেই হ'ব। মৰহি যোৱা গছেৰে ভৰি পৰাৰ দৰে মানুহৰ লগত মানুহৰ সম্পৰ্ক বোৰো যদি হৈযায় নিৰস আৰু প্ৰাণহীন হৈ নুঠিবনে বাৰু?
এটা সময়ত গাঁৱৰ যৌথ পৰিয়ালৰ মাজৰ সম্পৰ্কবোৰ কেনে এৰাব নোৱাৰা মৰমেৰে বান্ধখোৱা আছিল,মনলৈ আহিলে বহুপ্ৰেৰণা পোৱা যায়।এজনৰ দুখত আনজন দুখী হোৱা , সুখত সুখী হোৱা চিন্তাধাৰাবোৰ আত্মকেন্দ্ৰিকতা আৰু ব্যস্ততাত যেন ক্ৰমাৎ কিছুমান পৰিবেশৰ পৰা নোহোৱা হৈ গৈছে।
সমাজ এখন সুস্থ ভাৱে বৰ্তি থাকিবলৈ মানুহেই মানুহৰ লগত সু সম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব। সুস্থ সমাজ এখনৰ অবিহনে নতুন দিনৰ বাটকটীয়া সকলক সুস্থ মানসিকতাৰে গঢ় দিব পৰা নহয়। ব্যক্তি আৰু সমাজ পৰস্পৰে পৰিপূৰক, য'ত সমাজ,শাসন যন্ত্ৰ, সমাজ সচেতন লোক আৰু অভিভাৱক সকলোৰে যৌথ প্ৰচেষ্টাতহে নৱ প্ৰজন্মৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ হ'ব পাৰে।
জন ডিওৱে কৈছিল -, Each for the good of all and all for the good of each.প্ৰত্যেক ব্যক্তিয়ে সমূ্হৰ ভালৰ বাবে আৰু প্ৰত্যেক ব্যক্তিৰ ভালৰ বাবে সমুহে চিন্তা কৰিব লাগে।
ধন,সম্পদ, ঐশ্বৰ্য এইবোৰ মানুহৰ বাবে প্ৰয়োজন।সময় সাপেক্ষে বিভিন্ন কাৰণত মানুহক লাগে। কিন্তু ঐশ্বৰ্য সেইবোৰহে যিবোৰ মানুহৰ বাবেই মানুহৰ মন আৰু হৃদয়ত প্ৰোথিত হৈ থাকে। যাৰ কাৰণে সম্পৰ্কবোৰ সদায় সজীৱ কৰি ৰাখিব পাৰি।
অসমীয়াৰ হিয়াৰ আমঠু,যাযাবৰী বুলি নিজক পৰিচয় দি ভালপোৱা সুধাকণ্ঠ ড' ভূপেন হাজৰিকাই জানো প্ৰাণঢালি এনেয়ে গাইছিল - " মানুহে মানুহৰ বাবে,যদিহে অকণো নেভাবে,ভাবিব কোনেনো কোৱা সমনীয়া।"
আকৌ কৈছে" মানুহ যদিহে নহয় মানুহ,দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানিবা হয়ো মানুহ,লাজ পাব কোনে কোৱা সমনীয়া।"
সঁচাকৈয়ে ইয়াৰ অৰ্থই মানুহক মৰ্মে মৰ্মে বাৰুকৈয়ে ভবাই তোলে। আনহাতেদি
আমাৰ সমাজ জীৱন একত্ৰিত কৰি সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পবিত্ৰ বান্ধোনেৰে জাতিটোক বান্ধিথৈ যোৱা শংকৰ গুৰু জনাক জানো আমি পাহৰি থাকিব পাৰোঁ? অসমীয়াক সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক ভাৱে সংস্কৃতিবান হ'ব পৰাকৈ গুৰুজনাই দি যোৱা সম্পদ সমূহৰ কাৰণে তেখেতক অসমীয়াই কোনোকালে পাহৰিব নালাগে আৰু নাপাহৰেও বুলি অনুভৱ কৰোঁ।
সংসাৰ বন্ধনত বান্ধ খায়ো কেৱলমাত্ৰ সংসাৰতেই আৱদ্ধ নাথাকি সমাজখন সুৰক্ষিত কৰিবলৈ গুৰুজনাই সুগম আৰু শান্তিৰ বাট বান্ধিথৈ গৈছে। সেই আলোকময় বাটেৰে যাব পাৰিলে ভাল। তেনেবাটেৰেও বহুজন প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে আগুৱাই গৈছে।সুস্থ সমাজ এখন সম্ভাৱনাময় বাটেৰে আগবঢ়াই নিবলৈ বহু জনে চেষ্টাও কৰিছে।সঁচাকৈয় ভাবি ভাল লাগে আমি এনে এখন দেশৰ,এনে এখন সমাজৰ মানুহ য'ত কেনেদৰে সমাজ পাতি বাস কৰিব লাগে, জীৱন নিৰ্বাহ কৰিব লাগে তাৰ সকলো উৱাদিহ বাটকটীয়া সকলে দি থৈ গৈছে।
সেই বাটেৰে বাটবুলি আগবাঢ়ি যাবলৈ আমি মাত্ৰ চেষ্টাহে কৰিব লাগে।