Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (সপ্তম খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


 আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, এইটো সৰ্বজনবিদিত। কাৰোবাৰ ভাল ব্যৱহাৰে সন্মুখৰ মানুহ জনক মনত আশাৰ সঞ্চাৰ কৰে। আনহাতে বেয়া বা ৰুক্ষ ব্যৱহাৰে মনত দুখ দিয়ে, হতাশ কৰে।
       প্ৰতিটো কামতেই মানুহে মানুহক কৰা ব্যৱহাৰে সেই খন সমাজৰ মানুহৰ পৰিচয় দিয়ে।এই পৰিচয়ে হয় বুকুত সান্ত্বনা দিয়ে, নহয় দুখ দিয়ে। মনত খোদিত হৈ ৰৈ যায় সেই ব্যৱহাৰ। ব্যৱহাৰ,আচৰণ, শিষ্টাচাৰ এইবোৰ আচলতে পৰিয়ালৰ পৰা আহৰণ কৰা কিছুমান সংস্কাৰ, সৰুতে পৰিয়ালতেই গঢ় লৈ উঠে। সেয়েহে কোৱা হয় কুমলীয়া বাঁহ যেনিয়ে পোনাই,তেনিয়ে পোন হোৱাৰ কথা।সঁচাকৈয়ে ভাবি ভাল লাগে, এনেধৰণৰ কথাবোৰ।
       যোৱা ২০১৯ চনৰ জুলাই মাহত শাৰীৰিক চেক আপত গুৱাহাটীৰ এপল' হস্পিটেললৈ গৈছিলো।কৈ লোৱা ভাল যে -, তাৰ আগে আগে জুন মাহৰ অন্তত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁহে মাত্ৰ। শৰীৰৰ বিভিন্ন অজুহাতে মাজে মাজে আমনি দি আছিল। ল'ৰাহঁতে কৈছিল -, শেষৰ দিন কেইটা স্কুলৰ দায়িত্ব পালন কৰি লোৱাৰ পাছত সৰ্ব শৰীৰৰ চেক আপ কৰোৱাব লাগিব বাহিৰত গৈ। মই গুৱাহাটীতে চেক্ আপ কৰাৰ সন্মতি প্ৰদান কৰাত, কথামতেই ডাঙৰ ল'ৰা কৌস্তভে লৈ গ'ল।
       এজন বয়োজ্যেষ্ঠৰ বাবে কৰিবলগীয়া শাৰীৰিক পৰীক্ষা, নিৰীক্ষা খিনি কৰাৰ অন্তত বিভাগীয় মাননীয় ডাক্তৰ সকলক পৰামৰ্শৰ বাবে যেতিয়া লগ ধৰা হয়, প্ৰতি জনৰ ব্যৱহাৰে  অন্তৰত সুখ আৰু আনন্দ প্ৰদান কৰে। তেতিয়া ভাৱ হৈছিল -,সঁচাকৈয়ে মানুহক যদি আন্তৰিকতাৰে প্ৰয়োজনীয় কথাখিনি কোৱা হয়, তেতিয়াহ'লে কোৱা জনৰনো কি ক্ষতি হয়? বৰঞ্চ তেওঁৰ ব্যৱহাৰে ৰোগী জনক সাহস আৰু বিশ্বাস দিব , ভৱিষ্যত দিনবিলাক ভালদৰে নিয়াবৰ বাবে। লগে লগে চিকিৎসকৰ ব্যৱহাৰে দিয়া তেওঁৰ পৰিচয়ো থাকিব। এইটো মাত্ৰ এটা উদাহৰণ হে। তাৰ পাছতো ভালেমান কেইবাৰ শাৰীৰিক অজুহাত লৈ গৈছো, ব্যৱহাৰত সন্তোষ্ট হৈছোঁ।
       বহু সময়তে বহু অভিযোগ পোৱা যায়, বিভিন্ন ঠাইৰ চিকিৎসকৰ বা চিকিৎসালয়ৰ অন্যান্য পৰিচৰ্যা কাৰী সকলে কৰা দুৰ্ব্যৱহাৰৰ সম্পৰ্কে। এইবোৰ নহ'লে ভাল। কিয়নো  ৰোগীসকলে  বা ৰোগীৰ সম্পৰ্কীয়ই বহু আশাৰে চিকিৎসকৰ ওচৰ চাপে।
       এইসময়তে এগৰাকী সহকৰ্মীয়ে কোৱা পৰিয়ালত পোৱা ব্যৱহাৰ সম্পৰ্কীয় আন এটা কথালৈ হঠাৎ মনত পৰিছে -
       "মই বৰ অদৰকাৰী মানুহ হৈ পৰিছো অ' ভৈৰৱী।কেতিয়াৰ পৰানো এনেদৰে লাহে লাহে অদৰকাৰী মানুহ হৈ পৰিলোঁ,তত্ ধৰিবকে নোৱাৰিলো"
        " অৰ্থাৎ কি ক'ব বিচাৰিছ?"
         ফোনটোৰ ইটো মুৰত থকা বাসন্তীক ভৈৰৱীয়ে সুধিলে।উত্তৰত বাসন্তীয়ে পুনৰ কি ক'ব,ক'ৰ পৰানো ক'ব উৱাদিহ নাপাই মুঠতে কৈ থ'লে যে -, "কিয় বয়স হোৱা নাই জানো এতিয়া?  সেয়েহে অদৰকাৰী হৈ পৰিছো।"
         ভৈৰবীক আৰু বঢ়াই ক'ব লগা নহ'ল।বাসন্তীয়ে কোৱা সকলোখিনি কথা তত্ ধৰিব পাৰিলে, আৰু এটা হুমুনিয়াহ নিৰ্গত হ'ল ক'ব নোৱাৰাকৈয়ে-" এৰা।"
         এইটো এটা শ্ৰোতা হিচাপে পোৱা কাহিনী, হ'লেও বাস্তবৰ।এনেকুৱা ধৰণৰ কথাবোৰেও ভবাই তোলে কেতিয়াবা। এটা সময় আছিল বয়োজ্যেষ্ঠ সকল বৰ ভাগ্যৱান বুলি ভাবিছিলো ।কাৰণ, চকুৰ সন্মুখতে আমি তেখেতসকলক বৰ আদৰ,সাদৰ কৰা দেখিছোঁ।যৌথ পৰিয়ালত সকলোৱে আইতা,ককাহঁতক ধৰা আলপৈচান,আদৰ সাদৰবোৰে তেওঁলোক যে সঁচাকৈয়ে ভাগ্যৱান এনেকৈ ভাবিবলৈ বাধ্য কৰিছিল। হৃদয়ত পোষণ কৰিছিলোঁ বাৰ্ধক্য বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ সকলোতকৈ গৌৰৱময় আৰু সন্মানসূচক অনুভৱৰ এটা পৰ্যায়। প্ৰকৃতিৰ নিয়মানুসাৰে আমাৰ সকলোৰে জীৱনলৈ বাৰ্ধক্য আহে। সকলোৰে আদি আৰু অন্ত থাকে। জীৱন পৰিক্ৰমাৰ শেষ পৰ্যায়ত উপনীত হৈ আমি যেন শান্ত,সৌম্য,স্থিৰ হৈ অসীমলৈ যাত্ৰা কৰাৰ অপেক্ষাত থাকোঁ। গতিকে অৱশ্যম্ভাবী শুদ্ধ আৰু সত্য এই কথাবোৰ নাভাবি -- 'বুঢ়াকালতো ডেকাৰ দৰে যৌৱনটোক কেনেকৈ ধৰি ৰাখিব পাৰি আৰু বাৰ্ধক্য মৃত্যুৰ কাৰণে নিঃসংগ আৰু নিষ্ক্ৰিয় প্ৰতীক্ষা মাত্ৰ নহয় বুলি ভাবি জীৱন - যাপন কৰাতে আছে জীৱন ধাৰণৰ সাৰ্থকতা'  হোমেন বৰগোহাঞিয়ে বৃদ্ধ সকলক উদ্দেশ্যি কৈ গৈছে।
          ইংৰাজ কবি ইয়েৎচে পয়ষষ্ঠী বছৰ বয়সতো প্ৰেমৰ কবিতা লিখি হাতৰ পৰা যেন যৌৱনক হেৰাই যাবলৈ দিয়া নাছিল।বয়স বাঢ়িলেও প্ৰেমক হেৰুৱাব নোখোজা অনেক কবি, সাহিত্যিক আছে।এনে শক্তিশালী মনৰ মানুহে জীৱনক জীপাল কৰি ৰাখিব পাৰে।
         হয়,এই সকলোবোৰ মানুহৰে কথা -, ব্যক্তি বিশেষে চিন্তা, চেতনা বেলেগ বেলেগ।
         পৰিবেশ আৰু ব্যক্তি বিশেষৰ মানসিকতাই সংবেদনশীল জনক বহু সময়ত ভাবিবলৈ বাধ্য কৰে।কাৰ মনত কেতিয়া কি খেলাই কোনেও নাজানে। দেখা যায় বহুত আপোন জনো প্ৰয়োজনৰ সময়ত কাষৰ পৰা কেতিয়াবা বহুদূৰ আঁতৰি যায়। পৰিবৰ্তনৰ ধামখুমিয়াই আনি দিয়া ব্যস্ততাত মানুহ যেন থমকি ৰ'বলৈ  সময় নোহোৱা হৈছে।এনেবোৰ কিয় হৈছে উত্তৰ পোৱা নাযায়।
         বহু জনে তেনে পৰিস্থিতিৰ সন্মুখীন হয় আৰু আন কোনোৱে সেইবোৰ কথা শুনিও দুখ পায়।
         কোনোবাই যাতনা ভোগে,আন কাৰোবাৰ সান্ত্বনা দিয়াৰো ভাষা হেৰাই যায়।
       আচলতে মানবীয় মূল্যবোধ যি ব্যৱহাৰত থাকে, সেই ব্যৱহাৰে সন্মুখৰ মানুহ জনক মহৌষধ প্ৰদান কৰে।
       সেয়ে মনলৈ আহিছে -,
       এই মহৌষধ সদৃশ ব্যৱহাৰ জানো সকলোৰে কাম্য নহয়?
      
       আগলৈ --