মাক দেউতাকে সিহঁতক গেটৰ মুখলৈকে আগবঢ়াই দি ক'লে, ভালকৈ যাবা , গাড়ী লাহে চলাবা । হ'ব মা, তুমি চিন্তা নকৰিবা । সুমনে মাকক আশ্বাস দিলে। বোৱাৰীয়েক মঞ্জুৰীয়ে দুয়োৰে চৰণ চুই আশীৰ্বাদ লৈ গাড়ীত উঠিলগৈ। পূজাৰ বন্ধটো পাই সুমন আৰু মঞ্জুৰী এইবাৰ প্ৰথম বিয়াৰ পাছত ফুৰিবলৈ গৈছে । সদায়ে কাম কাম বুলি ব্যস্ত থকা সিহঁত দুয়োটাই মাথোঁ এসপ্তাহৰ বাবে নিজৰ গাড়ীলৈ ছিলংলৈ গৈছে । শিৱসাগৰ কলেজত পঢ়ি থাকোঁতেই ফিল্ড ৱকত যোৱা । এম. এছ. চি. ফাইনেল ইয়েৰত দুয়োটাই যোগ্যতাৰ ভিত্তিত চাকৰি পাইছিল, তেল আৰু প্ৰাকৃতিক গেছ আয়োগত ভূতত্ববিদ হিচাপে। দুবছৰ চাকৰি কৰাৰ পাছত সিহঁতৰ বিয়া হৈছিল ।
গতিকে ফুৰা চকা কম। সেয়েহে এইবাৰ দুয়ো মুকলি মনেৰে ফুৰিবলৈ আহিছে । হোটেলত সিহঁতৰ গাড়ীখন থৈ পাহাৰীয়া ঠাইবোৰলৈ যাবলৈ এখন গাড়ী ভাড়াত লৈ সিহঁতে চেৰাপুঞ্জী, মৌচিনৰাম আদি ছিলংৰ বিভিন্ন ঠাইবোৰ ফুৰিলে কেইবাদিনো। ড্ৰাইভাৰ দীপকে সিহঁতক হোটেলত থবলৈ যাওঁতে ক'লে, দীপক কালিলৈ পাছবেলা আহিবা, দেৰিকৈ যাম।
ঠিক আছে দাদা । পৰহিলৈ আপোনালোক যাবগৈ নহয়।
মোৰ বেয়াই লাগিব । এইকেইদিন আপোনালোকৰ লগত ফুৰি বহুত ভাল লাগিল ।
হয় দীপক, তোমাক লগ পাই আমাৰও বৰ ভাল লাগিল । মাজে সময়ে ফোন কৰিবা । হব দাদা । পাছদিনা সুমনে মঞ্জুৰীক ক'লে, "শুনা আজি পাছবেলা লৈ ফুৰিবলৈ যাম । বহুত ভাগৰ লাগিছে জানানে ? আজি কেৱল বাহিৰত খাম আৰু সন্ধ্যা ছিলং পিকত বহি ছিলংৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিম ।
ঠিক আছে । মঞ্জুৰীয়ে সহাঁৰি জনালে । মই কাপোৰ কানিবোৰ ভৰাই লওঁ । কালিলৈ ঘৰলৈ যাব লাগিব নহয়।
দিনৰ ২বজাত সিহঁতে বাহিৰৰ হোটেল এখনত দুপৰীয়াৰ সাঁজ খাই ল'লে । ৩-৩০ বজাত ছিলং পিকলৈ ৰাওনা হ'ল। অক্টোবৰ মাহ, সোনকালে আন্ধাৰ হয় । সিঁহতে গৈ ছিলং পিকৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছে মনৰ হেঁপাহেৰে। পশ্চিমৰ বেলিটিয়ে দিগবলয়ৰ বুকুলৈ ঢাপলি মেলা দৃশ্যটো প্ৰত্যক্ষ কৰি মঞ্জুৰী আপোন পাহৰা হৈ আছে । সুমনে কেমেৰা লৈ ফটো তোলাত ব্যস্ত ।
মঞ্জুৰীক চিঞৰিছে, হেই এইটো পজ দিয়া, সেইফালে চোৱা । তাই দৃষ্টি নিবৃষ্ট, অস্তমিত সুৰ্য্যৰ ওপৰত । বেলিটো ডুব যোৱাৰ লগে লগেই গোটেই ছিলং পাহাৰৰ বিল্ডিংবোৰ জিলিকি উঠিল যেন জোনাকী পৰুৱা । এসময়ত জয়সাগৰ পুখুৰীৰ পাৰত অস্তমিত বেলিটোলৈ চাই কবিতা লিখা মঞ্জুৰীয়ে হঠাতে ম'বাইলত টাইপ কৰাত ব্যস্ত হৈ পৰিল ।
মঞ্জুৰী, কি কৰিছা ?
ৰ'বা, কিবা এটা লিখিছোঁ ।
লিখা এটা প্ৰেমৰ স্তৱক । মাথোঁ মোৰ বাবে । সুমনে কৈয়ে ফটো তোলাত ব্যস্ত ।
মঞ্জুৰীয়ে ততাতৈয়াকৈ লিখি সুমনক দেখুৱালে । কেনে হৈছে ?
"মই অৰ্ধ আকাশ হৈ
ফুলিম তৰাৰ দেশত
তুমি জোনবিৰি হৈ ছাঁ দিবা,
প্ৰতি পলে অনু পলে
প্ৰস্ফুটিত সুকোমল দেহত । "
কিবা বুজি পালানে ? নামটো তুমিয়ে কোৱা ?
"সুমন মঞ্জুৰী " টপৰাই উত্তৰ দিলে সুমনে ।
ধেমালি কৰিছা ? মঞ্জুৰীয়ে প্ৰশ্ন কৰিলে ।
নাইকৰা । সি ক'লে , শুনা তোমাৰ কবিতাৰ অৰ্থটো হৈছে, মানে তুমি তৰাৰ দেশত ফুল হৈ ফুলিবা আৰু মই জোনবিৰি (ন-জোন) মানে কুমলীয়া পাত হৈ ছাঁ দিম সকলো সময়তে । সেইকাৰণে নাম দিলোঁ "সুমন মঞ্জুৰী । বেয়া হোৱা নাইতো । সুমনে মঞ্জুৰীৰ চকুত চকু থৈ ক'লে । মাঁথো কবিতাৰ স্তৱকটোৰ মতে তুমি সুমন আৰু মই জোনবিৰি ওৰফে মঞ্জুৰী । কেনে পালা মোৰ কবিতাৰ ভাঙনি আৰু শিৰোনাম ?
ও ও ও ঠিকেই কৈছা তুমি । মঞ্জুৰীয়ে সন্তুষ্টিৰ হাঁহি এটা মাৰি সুমনৰ কান্ধত হাত থৈ গাড়ীলৈ বুলি খোজ ল'লে ।
দীপকে সিহঁতক হোটেলত থৈ সিহঁতৰ পৰা বিদায় লৈ গুছি গ'ল। সুমনহঁতে সোনকালে খাই বৈ শুলে । কাৰণ কালিলৈ ব্ৰেকফাষ্ট কৰিয়ে ঘৰলৈ ৰাওনা হ'ব লাগিব।
পাছদিনা দুয়ো সোনকালে ঘৰলৈ আহিবলৈ সাজু হ'ল। হোটেলত বয়ে ৰূমতে চাহ ৰুটি দি গ'লহি । খাই উঠি সিহঁতে সকলো কাম সামৰি ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে। ছিলংৰ একাবেঁকা ৰাস্তাৰে সুমনে গাড়ীৰ ষ্টেৰিংত হাত থৈ ক'লে, জানানে মা দেউতালৈ বৰকৈ মনত পৰিছে।
মোৰো, মঞ্জুৰীয়ে ক'লে ।আহিন মাহৰ কুঁৱলি ফালি সিহঁতৰ ঘৰমুখী যাত্ৰা। সুমনে ফুল ভলিউমত বজাই দিলে _______"আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে,
আজি চাগে তোমাৰ মোলে মনত পৰিছে । "