চিম্পী বৰা, নগাঁও
এখন দেশত প্ৰাগজ্যোতিষপুৰ নামেৰে এখন ৰাজ্য আছিল । ৰাজ্যখনৰ ৰজাজনৰ নাম আছিল ধ্যানদত্ত । তেওঁৰ দুজন পুত্ৰৰ নাম আছিল শ্যামদত্ত আৰু ৰামদত্ত । ধ্যানদত্ত জ্ঞানী, গুণী আৰু দয়ালু ৰজা আছিল ।ৰাজ্যৰ প্ৰজাসকলে ৰজাক যথেষ্ট সন্মান কৰিছিল আৰু তেওঁৰ হুকুম মানি চলিছিল ।
এদিন ৰজাৰ ঘৰলৈ এজন সাধু আহিল ।সাধুজনক দেখা পাই ৰজাই স -সন্মানেৰে বহিবলৈ দি পনীয় আৰু থালি ভৰাই ফলমূল ভোজন কৰিবলৈ দিলে ।ৰজাৰ আদৰ যত্নত সন্তুষ্ট হৈ সাধুজনে ৰজাক ওচৰলৈ মাতি ক'লে- মহাৰাজ, কিবা যদি জানিবলৈ ইচ্ছা কৰিছে তেন্তে মোক খোলাখোলিকৈ কওঁক । অকণো সংকোচ নকৰিব । ৰজাই ক'লে -হয় বাবা ।ইমানদিনে শয্যাগত হৈ থকা ৰাণী জয়লক্ষ্মী বাৰু কেতিয়া ঠিক হ'ব ? ৰাজ্যৰ সকলো কবিৰাজক দেখুওৱা হ'ল কিন্তু একো ভাল ফল পোৱা নাই আৰু আমাৰ ৰাজকুমাৰ দুজনৰ বিষয়েও জানিব বিচাৰিছোঁ । কওঁকচোন বাবা, মোৰ অনুপস্থিত কোনজন ৰাজকুমাৰে ৰাজসিংহাসন ভালদৰে চম্ভালিব পাৰিব। তেওঁলোকৰ বিবাহৰ বিষয়েও ক'ব ।ৰজাৰ কথা শুনি সাধুজনে ক'লে -ৰাজকুমাৰ দুজনক মোৰ ওচৰলৈ লৈ আহক। ৰজাই চিপাহীক ৰাজকুমাৰ দুজনক মাতি আনিবলৈ আদেশ দিলে। ৰজাৰ আদেশ মতে ৰাজকুমাৰ শ্যামদত্ত আৰু ৰামদত্ত সাধু আৰু ৰজাৰ ওচৰত উপস্থিত হ'ল।
সাধুয়ে শ্যামদত্ত আৰু ৰামদত্তৰ হাত চাই ক'লে -শয্যাগত অৱস্থাত থকা ৰাণী এতিয়া সম্পূৰ্ণকৈ সুস্থ হ'ব পাৰিব। তাৰবাবে মই কোৱাৰ দৰে কৰিব লাগিব ।শ্যামদত্তই তপৰাই ক'লে -বাবা,মই মোৰ মাতৃৰ কাৰণে আপুনি যি কৰিবলৈ কয় তাকেই কৰিম ।সাধুয়ে ক'লে-থিক আছে। তেতিয়াহ'লে সকলোৱে শুনক,তিনিখন ৰাজ্যৰ ভিতৰত আটাইতকৈ নীচ কুলৰ মগনীয়াজনীৰ কন্যাৰ লগত শ্যামদত্তৰ বিবাহ আৰু ৰামদত্তৰ বিবাহ এগৰাকী বিধৱাৰ লগত হ'ব লাগিব। তেতিয়াহে ৰাণী জয়লক্ষ্মী আগৰ দৰে সুস্থ হ'ব আৰু ৰজা সাধাৰণ প্ৰজা হৈ যাব। সাধুজনৰ কথা শুনি ৰজাই ক'লে -বাবা ,আপুনি কোৱামতে কৰিলে যদি ৰাণী সুস্থ হৈ যায় তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই ।
এই সকলোবোৰ কথা ৰাজ্যৰ প্ৰজাই গম পালে।পিছদিনা সকলো প্ৰজা আহি ৰাজসভাত উপস্থিত হ'ল। প্ৰজা সকলে ৰজাক ক'লে- মহাৰাজ, ৰাণীক সুস্থ কৰি তোলাতো অতিকৈ প্ৰয়োজন। আপুনি চিন্তা নকৰিব ।আপুনি প্ৰজা হৈ গ'লেও সদায় আমাৰ ৰজা হৈয়েই থাকিব ।আমি আগৰ দৰেই আপোনাৰ দিহা-পৰামৰ্শ ল'ম আৰু আদেশ মানিম ।
প্ৰজাসকলৰ এনে মনোভাৱ দেখি ৰজা নথৈ আনন্দিত হ'ল । তাৰ পিছত সকলোৱে মিলিজুলি ধূমধামেৰে দুয়োজন ৰাজকুমাৰৰ বিয়া সাধুজনে কোৱামতেই পাতিলে আৰু ৰাণীও সম্পূৰ্ণকৈ সুস্থ হৈ উঠিল ।