গীতাঞ্জলি দেৱী
যিযোৰ পোছাকৰ আঁৰত তোমাৰ অপূৰ্ণতাবোৰ ঢাকিছা সেই সাজে তোমাক নুশুৱাই ।
তুমি আচলতে নিজৰ পৰা নিজক ঢাকিছা ।
আৰু মোক তুমি পৰিপূৰ্ণ হোৱাৰ কথা ক'লা ।
সেইদিনাই , হয় সেই দিনাই মই নিজৰ স'তে আলাপত বহিছিলোঁ ।
নিশা বহুত গভীৰ হৈ পৰিছিল
আৰু গভীৰ হৈ পৰিছিল আমাৰ ভাৱৰ ।
যতি নপৰাকৈ মই মোক উজাৰি দিওঁতে শোক এটাই অগা-দেৱা কৰিছিল ,
শেলুৱা আন্ধাৰে বৰ আব্দাৰ কৰি কাঢ়ি নিছিল মোৰ সসাগৰা দুখ ।
হিচাপত পৰিপূৰ্ণ বুলি থাকিলেই সকলোতে পূৰ্ণতা থাকেনে ?
হয়নে সকলো সুখী ?
"নিজৰ মাজৰ অপূৰ্ণতাবোৰ ঢাকি আনৰ মাজত পূৰ্ণতা বিচৰাজন আচলতে কণা ।
নহয় , আচলতে আটাইতকৈ দূৰ্ভগীয়া ।"
- সেয়া আমাৰ আলাপৰ শেষৰ কথা আছিল ।
আনৰ চকুত ধূলি দি নিজক নিজৰ পৰা লুকুৱাটো কিন্তু টান । অক্ষয় মূহুৰ্তত তুমিও সেই কথা ভাবা ।
আৰু আঁজুৰি আনি নিজৰ মাজৰ পৰা পিন্ধি লোৱা এটা হাঁহি । সেয়াও আন এক পোছাক ।