নবীন চন্দ্ৰ মেধি, গোলাঘাট
সিদিনা শৰতে আবেলি সময়ত বাইকখন লৈ ঘৰৰ পৰা গাঁৱৰ সিমূৰত থকা জীৱন বীমা নিগমৰ গ্ৰাহক এজনৰ ঘৰলৈ কিস্তি আনিবলৈ বুলি ওলাই গৈছিল । এঘৰ দুঘৰ কৰি ঘুৰি ফুৰোতে ঘৰলৈ উভতি আহোঁতে ৰাতি চাৰে সাত বাজিছিল । সি পাহৰি পেলাইছিল তাৰ যে আজি ঘৰত ৰন্ধা বঢ়া কৰিবলৈ মানুহ নাই । ঘৰলৈ আহি পোৱাৰ পিছতেই বকনি আৰম্ভ হৈছিল
: আপোনাৰ খবৰ নাই নে কি , ৰন্ধা বঢ়া কোনে কৰিব ? ইফালে ল'ৰা ছোৱালী পঢ়া শুনা সময়মতে কৰিব লাগে । নহ'লে পিছদিনা স্কুললৈ গৈ মাৰ পিত খাব লাগে , কাণত ধৰিব লাগে । সময়মতে বোলে ঘৰলৈ উভতি আহো , নাই খবৰ থাকিলেহে । এতিয়া কেইটা বাজিলে গম পায় নে ?
ল'ৰা ছোৱালীয়ে ভাত খাব কেতিয়া ?
: হেৰৌ চাৰে সাতটা বাজিছেহে । এঘণ্টাৰ ভিতৰত ভাত খাবলৈ হৈ যাব । ইমান চিন্তা কৰিব নালাগে নহয় ।
ডালিমীৰ কথা শুনি তাৰ খং উঠি আহিছিল । গাড়ীখন ভিতৰত ভৰাই সাজপাৰ নসলোৱাকৈয়ে ৰন্ধা বঢ়া কৰিবলৈ ধৰিলে । ভাত কেইটা হয় মানে আলু আৰু পানীলাও ( জাতিলাও) চব্জিখিনিও বহাই দিলেই । চাওঁতে চাওঁতে এঘণ্টাৰ ভিতৰত ভাত খাবলৈ হৈ গ'ল ।
: হু তহঁতে ভাত খাই ল ।
কেটলিটোতে পানী অকণমান বহাই দি সিহঁতক ভাত বাঢ়ি দি চাৰে আঠ বজাত সকলো সামৰি সুতৰি সাজপাৰ সলনি কৰি ল'লে সি । ইতিমধ্যে মোবাইলৰ চাৰ্জ সম্পূৰ্ণ হৈছিল । এইবাৰ মোবাইল অন কৰি ফেচবুকৰ পৃষ্ঠা লুটিয়াই চালে ।
ইতিমধ্যে মাকৰ লগতে ল'ৰা ছোৱালী দুটাই ভাত খাই আহি মাকৰ লগতে সিটো কোঠাত সোমাল । বাপেকৰ লগত আজি মোবাইল চাবলৈও কোনো এটা নাথাকিল । কি যে স্বাৰ্থপৰ তিৰোতা এজনী পালো । ল'ৰা ছোৱালী দুটাকো তাৰ গতত উঠাবলৈ লৈছে । যা যি কৰ কৰি থাকগৈ । আমিনো কি আৰু চূণৰ টেমিত থকা বাৰীহে ।
আমাৰ প্ৰয়োজন ক'ত লাগে বুলিলে সকলো মুখৰ আগত গোটাই দিয়া মানুহহে ।
শৰতে ইমান দিনে বুজিয়েই পোৱা নাছিল পৰিয়াল মানে কি ? পৰিয়াল মানে হৈছে এজন মতা মানুহে আজীৱন দেহে কেহে লাগি কষ্ট ভোগ কৰি নিজৰ তিৰোতা আৰু ল'ৰা ছোৱালী কেইটাৰ খোৱা বোৱাৰ ওপৰত যত্ন ৰখা । ভাল ভাল সাজপাৰ পিন্ধাই ভাল ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মাহে মাহে টকা খৰচ কৰি পঢ়া শুনা কৰিবলৈ সুবিধা দিয়া , সময় মতে বিদ্যালয়ত থৈ অহা আৰু সময়মতে বিদ্যালয়ৰ পৰা লৈ অনা । আৰু কোনো কষ্ট ভোগ কৰিবলৈ নিদিয়াকৈ যাতে এই পৃথিৱীৰ পৰা মেলানি মাগিব পাৰে তাৰ সুবিধা খিনি কৰি থৈ যোৱা । এইখিনিয়েইতো দায়িত্ব । হয় সি এতিয়া ভালকৈ বুজি উঠিছে পৰিয়াল মানে কি ? এতিয়া পৰিয়াল তাৰ বাবে এটা হাৰমালহে । নিজৰ ইচ্ছা অনুসৰি একো এটা কৰিব নোৱাৰি । তাৰ দৰে নিবনুৱা যুৱক এজনে পৰিয়াল এটাৰ ভৰণ পোষণৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছে সেই কথা কোনে বুজি পাব । সোতৰ বছৰে শিক্ষকতা কৰিও চৰকাৰী দৰমহা পাবলৈ সক্ষম নোহোৱাত হতাশাত বিদ্যালয় ত্যাগ কৰিব লগা হ'ল । দুবাৰকৈ টেট উত্তীৰ্ণ হৈ থাকিও নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাৰ পাছত মনলৈ কিমান হতাশা আহিব পাৰে এই কথা কাৰো ভাৱি চাবলৈ সময় নাই । মুঠতে উপাৰ্জন কৰি আন আৰু আমি খাওঁ । ক'ত হাজিৰা কৰি আনি সিহঁতক খোৱাব এই কথা সিহঁতে ভাৱি চাইছেনে ? হাজাৰ হাজাৰ টকা ধাৰ কৰি আনি সিহঁতক খোৱাব পিন্ধাব লগা হৈছে সেই কথা সিহঁতে জানো বুজি নাপায় । তথাপি এই ব্যৱহাৰ !
বিবাহ বন্ধনত আবদ্ধ নোহোৱাকৈ থকা তাৰ বন্ধুবৰ্গৰ কথা এবাৰ ভাৱি চাই আচৰিত হয় সি । সঁচাই কি যে ভাগ্যৱান সিহঁত । নিজ মাতৃৰ হাতেৰে ৰন্ধা খাদ্য খাই আৰামত দিন পাৰ কৰিছে । কোনো চিন্তা ভাৱনা কৰাৰ প্ৰয়োজন নাই । বিন্দাছ জীৱন নিৰ্বাহ কৰিছে । ক'ৰবাৰ পৰা ঘৰলৈ ঘূৰি পকি উভতি আহোঁতে আঁতৰৰ পৰাই হাতত কি আনিছে বুলি লক্ষ্য কৰিবলৈ নাই কোনো এগৰাকী স্বাৰ্থপৰ তিৰোতা । নালাগে ভূলাবলৈ দামী দামী উপহাৰ ।
মাকে চাই মুখলৈ ঘৈণীয়ে চাই হাতলৈ । সঁচাই আইৰ সমান কোনো হ'ব নোৱাৰে । আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন । দিনটো অলৌতলৌকৈ ঘুৰি ফুৰি ঘৰলৈ উভতি আহোঁতে আঁতৰৰ পৰাই মাকে লক্ষ্য কৰে পুতেকৰ মুখলৈ , ক'ৰবাত কিবা এটা খাই বৈ আহিছে নে লঘোণে ভোকে কটাইছে ।
: বাবা ভৰি হাত ধুই ল । মই ভাত বাঢ়ি দিওঁ ।
কিন্তু তিৰোতা গৰাকীৰ প্ৰথম চকু যায় হাতলৈ । দিনটো অলৌতলৌকৈ ঘুৰি ফুৰিছে , ঘৰলৈ উভতি আহোঁতে ল'ৰা ছোৱালী কেইটালৈ কেইটামান মিঠাইও লৈ আহিব নোৱাৰেনে ? ঘৰত বোলে ঘৈণীজনী দিনটো কাম বন কৰি কৰি ভাগৰি পৰিছে মাছ মাংস অকণমানকে লৈ যাওঁ সেইটো জ্ঞান থাকিলেহে ।
নাই তিৰোতা মানুহৰ এইখিনি আকাল জ্ঞানৰ অভাৱ । বেচেৰাটো দিনটো বা কি কামত ঘুৰি পকি ফুৰিছিল সিদ্ধি হ'ল নে নাই , ক'ৰবাত কিবা এটা খালে নে নাই, পিয়াহত আতুৰ হৈ আছে নেকি ? প্ৰথমে তাৰ খবৰ ৰাখি ঠাণ্ডা পানী এগিলাছকে যদি সন্মুখত আনি যোগান ধৰিলেহেঁতেন ! ধূৰ চালা ।
গিৰিয়েকে বা মতা মানুহজনে নিজৰ জীৱনটো কাৰ বাবে উচৰ্গা কৰে সেই কথা যিজনী তিৰোতাই বুজি নাপায় তেনে এজনী তিৰোতাৰ লগত জীৱন নিৰ্বাহ কৰাতো কিমান কষ্টকৰ সেয়া কেৱল এজন ভুক্তভোগী স্বামীয়েহে বুজিব পাৰে । তাতে যদি হাত উঠাই মাৰিবলৈ খেদি আহে নতুবা গালি দুআষাৰমান আওৰাই দিয়ে এনে কৰিব যেন কপি দা খন লৈ গিৰিয়েকে কাটিবলৈ খেদি ফুৰিছে তাইক, চিঞঁৰ বাখৰ লগাই হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি কৰিব । তাতকৈ আদি এখোপ চ'ৰা তিৰোতা হয় তেন্তে আৰক্ষীৰ কাষ চাপিব ।
কিছুমান তিৰোতা দেখিবলৈ পোৱা যায় বন্ধন আৰোহণ আদিৰ দৰে গোটৰ বা বেংকৰ পৰা টকা ধাৰে লৈ দামী দামী মোবাইল কিনিব , কাপোৰ কিনিব আৰু মোবাইলৰ ফেচবুক হোৱাটছ এপ আদিত দেহা উদঙাই ককাঁল ভাঙি ভাঙি নাচিব । ডেকা বুঢ়া সকলোৱে বেয়া বেয়া কমেণ্টেৰে গালি বৰষিব আৰু সিহঁতৰ গা সাতখন আঠখন লাগিব । সঁচাই দেই তিৰোতাৰ মন পাবলৈ টান । তাতে আকৌ বোৱাৰী লাভাৰ বোলা কথা এষাৰেও চৰ্চা লাভ কৰিছে । তালৈ চালে বোৱাৰীবোৰক ইমান সুবিধা দিয়া একো ভাল কথা নহয় যেনো লাগে । নহ'লে কোনোবাদিনা ভুৰুংকৈ উৰা মাৰি গ'লে গোটেই জীৱন পস্তাই থাকিব লাগিব । নাই নাই এনেদৰে আৰু চলিব নোৱাৰি । অলপ শাসন কৰিবৰ হ'ল । নহ'লে তিৰোতা যেতিয়া মূৰৰ ওপৰত উঠিব নমাবলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব ।