Type Here to Get Search Results !

মই শ্মশানৰ পৰা কৈছোঁ


ৰঞ্জিত বৰ্মন  গোৱৰ্দ্ধনা, বৰপেটা

সভ্যতাৰ শিখৰত থকা
হে’ মানৱ সমাজ,
মই শ্মশানৰ পৰা কৈছোঁ !
সমাজৰ দুৱাৰে দুৱাৰে
নিক্ষেপ কৰিছোঁ 
মোৰ শব্দভেদী বান ;
কোনোবাই শুনিছানে ?
মোৰ লগত আছে 
জীৱন যুজৰ বহু ভাগৰুৱা পথিক ৷
পুত্ৰৰ পৰা পিতৃ হৈ 
সভ্য সমাজৰ বৰ্বৰতাত ,
পুত্ৰ বোৱাৰীৰ মৰমৰ অত্যাচাৰত 
বৃদ্ধাশ্ৰমৰ পৰা শ্মশানলৈ ;
যাত্ৰাৰ শেষত 
মোৰ লগতেই আছে 
বহু ভাগৰুৱা পথিক ৷
পদে পদে অৱহেলিত 
তৃতীয় প্ৰজন্মৰ স’তে 
একাত্ম হোৱাৰ পৰা
বহু দুৰৰ বৃদ্ধাশ্ৰম নামৰ
পিঞ্জৰাত আবদ্ধ ;
সিহঁত মোৰ সহযাত্ৰী শ্মশানৰ ৷
সংসাৰৰ মায়া মোহত থাকোতে 
কৰ্মফলৰ কথা শুনিছিলোঁ ;
যি কৰ্ম কৰিবা
তাৰেই ফল পাবা ৷
মই শ্মশানৰ পৰা কৈছোঁ 
কৰ্মফল যদি সঁচা,
বৃদ্ধাশ্ৰম বোৰ চিকুণাই থোৱা ;
সভ্যতাৰ শিখৰত থকা
হে’ মানৱ সমাজ ,
কৰ্মফলে তোমাক ৰিঙিয়াই মাতিব
তোমাৰ গন্তব্যস্থানলৈ;
তুমিও হ’বা এদিন অৱহেলিত ;
পিঞ্জৰাত আবদ্ধ হ’ব কৰ্মফল
বৃদ্ধাশ্ৰমৰ পৰাই হ’ব
তোমাৰো শ্মশানযাত্ৰা ৷