Type Here to Get Search Results !

কাহিনী নহয়,এয়া এক বাস্তৱ ঘটনা

 আলমিনা খাতুন,  কোকৰাঝাৰ 


অইন দিনৰ নিচিনা আজিও মই মহাবিদ্যালয়লৈ যাব ওলাই আছোঁ।মাই ৰন্ধন ঘৰৰ পৰা মাত এষাৰ দিছে ঐ মাইনা আজিও ভাত নাখাই ৰাওনা হৈছা  যে ভাত খাই যোৱা ! মই অলপ উচ্চস্বৰত নাখাওঁ,প্ৰতিদিনে একে   চবজি বুলি কৈ বেগটো লৈ সাজু হৈছো।তেতিয়া মাই ২০ টকীয়া এটা নোট মোৰ হাতত দি কলে,লৈ যোৱা  কিবাকিবি খাই লবা।মই নোটখন লৈ চাইকেলত উঠি গৈ থাকিলোঁ।চাইকেলৰ পৰা নামিবৰ ইচ্ছা নাই তথাপি কি কৰিম নামিব যে লাগিবই।কিয়নো ঘৰৰ পৰা ২০০ মিটাৰ মান দূৰতেই নদী,নাৱৰে পাৰ হ'ব লাগে।নাওত উঠিলোঁ লগত আৰু কিছুমান ছাত্ৰ-ছাত্ৰী আছে যিহেতুক নাওত অলপ হাঁহি ধেমালি,হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাটো একো ডাঙৰ কথা নহ'য়,কিয়নো এয়া প্ৰত্যক দিনৰ কাহিনী, বিদ্যালয়ত যোৱাৰ সময়ৰে পৰা দেখি আহিছোঁ।এইফালে মোৰ মনটোও বহুত বেয়া হৈ আছে,কাৰণ মই মাহেকীয়াৰ যন্ত্ৰণাত ভুগি আছোঁ।দহ মিনিট হ'ল নাৱ এতিয়াও নাযায় নাযায় বুলি কৈ নাৱত ইতিমধ্যেই এক হুলস্থূল পৰিৱেশৰ সৃষ্টি হৈছে।কিন্তু নাৱৰীয়াজনে একো নুশুনাৰ ভাওঁ জুৰি নাকত আঙুলি সোমাই দি খুজাই আছে,ঠিক সেই সময়তে লগৰ এজনীয়ে নাৱৰীয়াজনক মাতি দিলে"ঐ কুশুম আলী,তই সৰিয়হ পকাই থাকিবি নে নাৱখন এৰি দিবি,আমাৰ যাবৰ সময় হ'ল,সৰিয়হ পিছত পকাবি"।এনেকৈ কোৱাৰ লগে লগে নাৱত থকা প্ৰতিজনে হাঁহি হাঁহি অৱস্থা বেয়া হ'ল।তাৰপিছত কুশুম আলীয়ে নাৱখন এৰি দিলে।
নাৱৰ পৰা কোনোমতে নামি আকৌ চাইকেলত উঠি মনে মনে  কলেজলৈ ৰাওনা যদিওঁ নাৱৰ কথাষাৰ মনত পেলাই মনে মনে হাঁহি আছিলো।এনেকৈয়ে মহাবিদ্যালয়ৰ ওচৰ পালোহি,কিন্তু তাত মহাবিদ্যালয়ৰ গেইট পোৱাৰ ঠিক ৫০ মিটাৰ দূৰত্বত  সৰু এখন পকী সাঁ‌কো আছে।সাঁ‌কোৰ আগে পিছে  ৰাস্তা অলপ হেলনীয়া বা ঢাল হোৱাৰ বাবে চাইকেল চলাই উঠোতে অলপ কষ্ট লাগে তাতে আকৌ মাহেকীয়াৰ যন্ত্ৰণা সেইবুলি চাইকেলৰ পৰা নামি চাইকেল ঠেলি আছোঁ ঠিক সেই সময়তে এখন ঠেলাৱালাই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে।ঠেলাখনত কেইখনমান চাউল-দাইলৰ বস্তাৰে ভৰা হ'ব চাগে,নহ'লে অন্য কিবা হ'ব নাজানো কিন্তু মুঠতে ঠেলাখন ভৰ্তি আছিল।মই অলপ চাই চাই দুই এক মিটাৰ মান আগবাঢ়িলো,মানুহজন বৰ কষ্টত আছে,ঠেলাখন উঠাব পৰা নাই,কেইগৰাকীমান ভদ্ৰ মানুহৰ  সমাগম থকাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ো ঠেলাৱালাজনক পাৰ কৰি গুচি গৈ আছে। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ,মোৰ যন্ত্ৰণাতকৈ যেন মানুহজনৰ যন্ত্ৰণা বেছি হৈ আছে বুলি বুজিব পাৰি আছোঁ,মই চাইকেলখন ৰখাই দি মই অলপ বেগেৰে খোজ কাঢ়ি মানুহজনৰ ঠেলাৰ পিছপিনে ধৰি ঠেলি দিলো মানুহজন লাহেকৈ ব্ৰীজলৈ উঠিলে আৰু মোক আশীৰ্বাদত ক'লে *"আম্মু ভগৱানে তোমাৰ মঙ্গল কৰক আৰু হেজাৰবছৰ জীয়াই থাকা"।* এনেকৈ আশীৰ্বাদ দিয়াত  মনটো চুই গ'ল আৰু নিজেও বহুত সুখী অনুভৱ কৰিলো।মই  মিচিকিয়া হাঁহি এটা মাৰি কলো আঙ্কেল যাওঁক আৰু মোৰ কাৰণে প্ৰাৰ্থনা কৰিব বুলি কৈ মই আকৌ চাইকেল ৰখি থোৱা ঠাইত আহি চাইকেলটো লৈ মনে মনে যোৱা আৰম্ভ কৰিলো আৰু লক্ষ্য কৰিলো মোক চাই কিছুমান ল'ৰাই হাঁহি আছে আৰু কৈ আছে এজনী ছোৱালী হৈ কেনেকৈ ঠেলা ঠেলিলে , তেতিয়া মই নিম্নস্বৰত কলো *তোমালোক মোক চাই হাঁহি আছা,আচলতে হাঁ‌হিব লাগে তো তোমালোকৰ ওপৰত তোমালোকৰ নিচিনা শিক্ষিত ভদ্ৰ ল'ৰা কাষতে থিয় হৈ এজন মানুহৰ সহায় নকৰা আৰু তোমালোক থকাৰ পিছতো মই এজনী ছোৱালী হৈ তোমালোকৰ কাম কৰিবলৈ বাধ্য হোৱাত।*
ল'ৰাবোৰ আৰু একো নকৈ চুপ হৈ ৰ'ল আৰু ময়ো মনে মনে মহাবিদ্যালয়লৈ যাব ল'লো।

আচলতে,
 *এই যুগত শিক্ষিত মানুহৰ অভাৱ নাই,আছে যদি শিক্ষাৰ অভাৱ।নাই মানৱৰ অভাৱ আছে যদি মন মানসিকতা আৰু মানৱতাৰ অভাৱ।ভাল মানুহক আমি তাৰ প্ৰাপ্য সন্মান দিয়াৰ বিপৰীতে কৰো বেয়া সমালোচনা।* আমি মানুহবোৰ আৰু মানুহ হৈ থকা নাই। *গতিকে ডাঙৰ ডাঙৰ ডিগ্ৰি লোৱাৰ সমান্তৰালকৈ নৈতিক-চৰিত্ৰৰ ওপৰতো অলপ গুৰুত্ব দিয়ক,নামত মানুহ নহৈ অলপ কাৰ্যকলাপতো মানৱতা দেখাওঁক।*