Type Here to Get Search Results !

সৈনিক

 প্ৰগতি গগৈ চাংমাই

শান্তিৰ চাবিকোচা হাতপাতি লৈ

তুমি ঢাপলি মেলিলা সীমান্তলৈ,
হে মহান বীৰ 
যুঁজলৈ নকৰা ধীৰ;
তোমাৰ বাবেই অপেক্ষাৰত
জননী দেশমাতৃ আৰু জনসাধাৰণ।

বুকুত হাত থৈ 
যিদিনা ল'লা অংগীকাৰ,
শত্ৰুৰ অস্ত্ৰৰ দিবা প্ৰতিকাৰ
কিমান ত্যাগ, ধৈৰ্যৰ
প্ৰতীক তুমি 
তোমাৰ হাতত আইৰ স্বাধীনতাৰ চাবি। 

সমুখ সমৰত যুঁজি
দিন-ৰাতি একাকাৰ কৰি
তুমি মৰণপণ গণিছা
তথাপি অৱহেলা  নকৰা 
আইৰ আহবানত
তুমি পূজ্য
তোমাক প্ৰণাম শতকোটি।