Type Here to Get Search Results !

শেৱালি

নৱজ্যোতি কাশ্যপ



 ১.

নিশাৰ নীৰৱতাত ফুলি নিশাতে
সৰি যোৱা শেৱালি ফুলে
বিচাৰে কি!
নীৰৱতা নে
এয়া পোহৰৰ প্ৰতি থকা অভিমান?

২.
শুভ্ৰ ৰঙেৰে নিজক সজাই ভালপোৱা
শেৱালি ফুল কিয় নিজে আগবাঢ়ি আহে!
ঝাড়ুৰ আগত উটি যাবলৈ নে
মানুহে ক'ব বিচৰা শেৱালি ফুলে ভালপোৱা কঢ়িয়াই
বাক্যশাৰীক মিছা প্ৰমাণিত কৰি
ক'ব বিচাৰে,
শেৱালি ফুল বিষাদৰহে প্ৰতীক অথবা স্মৃতি?

৩.
প্ৰতিটো মাজনিশা সুগন্ধি সুবাসেৰে
নিজক সজাই-পৰাই লোৱা শেৱালি ফুলে
বাৰু নিজৰ ভালপোৱা আনক দেখুওৱাবলৈ
লাজ কৰে নেকি নে
এয়া কাৰোবাৰ প্ৰতি থকা ক্ষোভৰ বহিঃপ্ৰকাশ?