দিপালী ৰাধিকা শিৱসাগৰ, গেলেকী
কাব্য ঋষি নীলমণি ফুকন অসমীয়া ভাষা সাহিত্যৰ এজন কবি,কলা-সমালোচক, অধ্যাপক এগৰাকী সু- সাহিত্যিক। ২০২২ বৰ্ষত অসমীয়া সাহিত্য জগতৰ ইতিহাসৰ এক গৌৰৱোজ্জল অধ্যায় ৰূপে উজ্বলি উঠিল কবি নীলমণি ফুকন।অসমত পোন প্ৰথমবাৰৰ বাবে এই সন্মানীয় বঁটা প্ৰদানৰ অনুষ্ঠান ভাগো অসমতে অনুষ্ঠিত হয়।এই অনুষ্ঠানতে সন্মানিত কাব্য ঋষি নীলমণি ফুকনদেৱক জ্ঞানপীঠ বঁটা প্ৰদান কৰে।তেখেতৰ জীৱনজোৰা সাধনাৰ ফলতেই জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছে।
জ্ঞানপীঠ বঁটাৰ উপৰিও নীলমণি ফুকনদেৱে 'কবিতা' শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা,১৯৯১ চনত ছগনলাল জৈন বঁটা,১৯৯৭চনত অসম উপত্যকা সাহিত্য বঁটা, সাহিত্য অকাডেমি ফালৰ পৰা সৰ্বশ্ৰেষ্ঠ সাহিত্যিক সন্মান, সাহিত্য অকাডেমি ফেল'-২০০২ আদি অনেক সন্মানীয় বঁটাৰে সন্মানিত হোৱাৰ সৌভাগ্য অৰ্জন কৰে।১৯৯০ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।ফুলি থকা সূৰ্য্যমূখী ফুলটোৰ ফালে কাব্য গ্ৰন্থৰ বাবে নীলমণি ফুকনদেৱে অসম সাহিত্য সভা পুৰস্কাৰ লাভ কৰিছে। অন্যহাতেদি ১৯৭৭ চনত প্ৰকাশিত কাঁইট গোলাপ আৰু "কাঁইট'কাব্যগ্ৰন্থৰ বাবে অসম প্ৰকাশ পৰিষদৰ বঁটা লাভ আৰু ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা,কমল কুমাৰী বঁটা লাভ কৰিছিল।"সজ্ঞা"নামৰ আলোচনীত সম্পাদনা কৰা নীলমণি ফুকনদেৱে ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনুষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীত একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল।
কবি নীলমণি ফুকনদেৱ জন্ম হয় ১৯৩৩ চনৰ ১০ চেপ্তেম্বৰ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁওত। তেখেতৰ পিতৃৰ নাম আছিল কীৰ্ত্তিনাথ ফুকন আৰু মাতৃৰ নাম বৰদাবালা ফুকন। তেখেতৰ শিক্ষা জীৱন গোলাঘাট জিলাৰ দেৰগাঁও হাইস্কুলতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হৈ ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৬০চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তেখেতৰ কৰ্মময় জীৱনৰ দেৰগাঁও বালিকা বিদ্যালয়ত ১৯৬১ চনত শিক্ষকতা আৰম্ভ কৰে যদিও সেই বিদ্যালয়ত ছয় মাহ কৰাৰ পিছতে অব্যাহতি গ্ৰহন কৰে।১৯৬১ চনতেই তেখেতে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে।পিছলৈ ১৯৯২ চনত ইতিহাস বিষয়ত মুৰব্বী অধ্যাপক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কাব্য ঋষি নীলমণি ফুকনৰ কবিতা বুলিলে এক বিস্তৃত পৰিসৰ বৈচিত্ৰময় অনুভৱৰ কাব্য ক্ষেত্ৰত,যাক এমুঠি শব্দৰে বান্ধিব নোৱাৰি। তেওঁৰ কবিতাত সততে দেখা পোৱা নিঃস্বজনৰ প্ৰতি সহৃদয়তা মানৱতাবোধৰ পৰা উদ্ভৱ হোৱা চিত্ৰকল্পৰ বিষয়ে কৈ অন্ত কৰিব নোৱাৰি। মোৰ সীমিত জ্ঞানে তেখেতৰ কবিতাৰ বিষয়ে লিখিবলৈ চেষ্টা কৰাটো এসাগৰ অনুভৱৰ মোৰ একলম অনুভৱ নিঃকিন প্ৰয়াস মাথোঁ।
অসমীয়া কবিতাৰ ইতিহাসত এক ব্যতিক্ৰমী কাব্য ধাৰাৰ সৃষ্টিৰে পাঠক সমাজৰ জনপ্ৰিয়তা আনিবলৈ সক্ষম হৈছে। তেখেতে নিৰৱিচ্ছিন্ন ভাৱে জীৱন জোৰা সাধনাৰ ফলশ্ৰুতিত অসমীয়া জনমানস মাজলৈ আধুনিক কবিতাৰ বাটৰ পদক্ষেপ পেলোৱাৰ দহ বছৰ পাছত ১৯৬৩চনত কবিৰ প্ৰথমখন সংকলন'সূৰ্য হেনো নামি আহে এই নদীয়েদি',,নিৰ্জনতাৰ শব্দ'(১৯৬৫) আৰু কি নৈ শব্দ'(১৯৬৮) 'ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে '(১৯৭৫),'কাঁইট গোলাপ আৰু কাঁইট'(১৯৭৫) , 'গোলাপী জামুৰ লগ্ন'(১৯৭৭) ,'কবিতা' (১৯৮০),'নৃত্যৰতা পৃথিৱী (১৯৮৫),'অলপ আগতে আমি কি কথা পাতি আছিলোঁ'(২০০৩), আদিৰ দৰে মহৎ কবিতা পুথি সমূহ পঢ়াৰ সৌভাগ্য ঘটিছে।
ইয়াৰ উপৰিও গুজৰাটী, উড়িয়া,বাংলা, ইংৰাজী আৰু জাৰ্মান ভাষালৈ অনূদিত হৈছে অসমীয়া কাব্য সাহিত্য এক সুকীয়া পৰিচয় সূচনা কৰিছে তেখেতৰ কবিতাই। পৃথিৱীৰ বিভিন্ন কবিসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে তেওঁলোকৰ কবিতা অনুবাদ কৰি প্ৰকাশ কৰিছিল নীলমণি ফুকনদেৱে তেখেতে অনুবাদ কৰা কাব্য সংকলন সমূহ হ'ল-জাৰ্মানী কবিতা ১৯৭১ চনত গৰ্থিয়া ল'ৰকাৰ কবিতা ১৯৮১চনত "অৰণ্যৰ গান"১৯৮৩ চনত,চীনা কবিতা ১৯৯৬চনত "অনুসৃষ্টি"২০১৪ চনত আদি,,,,,
কেৱল কবিতাই নহ'য় নীলমণি ফুকনদেৱে গদ্যৰ ভাষাও কবিতাৰ দৰেই মননধৰ্মী আৰু ব্যঞ্জনাময়।
কাব্য ঋষি গৰাকীৰ প্ৰতিটো কবিতাই তেওঁৰ ঐকান্তিক সাধনাৰ ফলশ্ৰুতি। ব্যক্তিগত প্ৰেম,আনন্দ,বিষাদ,
নিহঃসংগতা, সৌন্দৰ্য চেতনা,সুখ-দুখ, জীৱন, মৃত্যু,সপোন বাস্তৱ, প্ৰকৃতি প্ৰীতি,দেশপ্ৰেম, বন্ধুত্ব,অতীত স্মৃতি ৰোমন্থন,আদি বিভিন্ন বিষয়ৰ কবিতাৰে সমৃদ্ধ কবি নীলমণি ফুকনদেৱৰ প্ৰতিখন কাব্য গ্ৰন্থই অসমীয়া কবিতা জগতলৈ এক অনবদ্য অৱদান আগবঢ়াইছে।
গভীৰ অন্তৰদৃষ্টি সম্পন্ন কবিগৰাকীৰ বহুত কবিতাত অতি সুন্দৰ আৰু স্পষ্টকৈ ফুটি উঠিছে জীৱন বোধৰ গভীৰতা।
"অলপ আগতে আমি কি কথা পাতি আছিলোঁ।
শিল টান,মাটি চেঁচা,জুয়ে পোৰা
ম'ৰাই চালি ধৰা
কেনেকুৱা আছিল
পৃথিৱীৰ ৰাতিপুৱাটো"
(কাব্যাংশঃঅলপ আগতে কি কথা পাতি আছিলোঁ)
অবোধগম্য হ'লেও কবিতা পঢ়িলে সুকীয়া মাদকতা আছে।প্ৰতিশাৰী পঢ়াৰ পাছত থমকি ৰৈ যাব লগা হয়।মনৰ মাজত ভাবৰ বুৰ মাৰিব লগা হয়।বুজা-নুবুজা দোমোজাত পৰিলেও তেখেতৰ কবিতাই মানসিক তৃপ্তি লাভ কৰিব পাৰি।এইটো কথা ঠিক যে তেখেতৰ সৰহ সংখ্যক কবিতা পাঠকৰ বুদ্ধিমত্তাৰ লগতে জ্ঞানৰ প্ৰয়োজন।
জাকে জাকে চৰাই উৰি গৈছিল দূৰলৈ।
পাহাৰীয়া এটি পথেৰে দুয়ো গৈ আছিলোঁ
সন্ধ্যৰ বিলীয়মান নিৰ্জনতা যেন তেতিয়া
গোপনে আমাতে বিলীন।
কাব্যাংশ (বৰ্ষা সন্ধ্যৰ এটি তৰা)
কাব্য ঋষি গৰাকীয়ে কবিতাত এক বিশেষ স্থান দখল কৰিছে। কেতিয়াবা মাতৃ,ভগ্নি ৰূপত ৰূপত অথবা প্ৰেয়সী ৰূপত।মানসিক যন্ত্ৰনা,পীড়িত ৰূপত নাৰী প্ৰকাশ পাইছে তেওঁৰ কবিতাত।
আজীৱন সাহিত্য সাধনা কৰি কবিতাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰা নীলমণি ফুকনদেৱে কাব্যশৈলী অসমীয়া কবিতাত বিস্তৃত প্ৰদান কৰিবলৈ সক্ষম হৈছে। অসমীয়া সাহিত্যক ভাৰতীয় সাহিত্যৰ ইতিহাসত সৰ্বোত্তম সন্মানেৰে উজ্বলি উঠি অসমীয়া কবি জগতৰ ভঁৰাল চহকী কৰি তুলিছে।অসমৰ মাটি মানুহৰ গোন্ধে কবিতা সমৃদ্ধি আৰু উত্তৰণৰ ক্ষেত্ৰত অৰিহনা যোগাইছে।কবিতাৰ চিত্ৰকল্প,সম্পদ, উনদ্ভিদ জগত,লোক জীৱনৰ কলা কৃষ্টি,বোকা মাটি,পানীৰ সজল ৰূপটি বিভিন্ন ৰূপত কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে।এইজনা চিৰনমস্য কাব্য ঋষি নীলমণি ফুকনদেৱ হ'ল অসমীয়া কাব্য তথা সাহিত্য জগতৰ এজন পুৰোধা ব্যক্তি।এইজনা চিৰনমস্য কাব্য ঋষি নীলমণি ফুকনদেৱক তেখেতৰ কবিতাৰ স্তৱকেৰেই সশ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ-
বসন্ত-সন্ধ্যাৰ কেইটামান স্তৱক
নাহৰ ফুলৰ গোন্ধত
তোমাৰ কথাবোৰ উটি গৈছিল
এজোপা জোপোহা গছলৈ
চৰাইবোৰে য'ত ন-কৈ বাহ সাজিছিল।
প্ৰতিটো কথাকে তোমাৰ
তৰাবোৰে থপিয়াই নিছিল
তৰমুজ বা আপেল বুলি।
,,,,,,,, ,,,,,,,,,,, ,,,,,,,,, ,,,,,,,,,,,
এপিয়লা আঙুৰৰ স'তে
জোনটোক পি খাব পৰা হ'লে
পৃথিৱীক এবাৰ পাহৰি চালোহেঁতেন
কোন বেছি সুন্দৰ আছিল।
পখিলাৰ পাখিৰ পৰা
খহি পৰা কথাবোৰে
মনটো মোৰ কুটি কুটি খাইছিল।
হে প্ৰিয় কবি আপোনাৰ কবিতাৰ সেউজ বসন্তৰ দৰে চিৰসেউজ হওক সৰ্বটি কাল।