পৰাগ কলিতা
অভিভাৱক তথা পিতৃ-মাতৃ হ’ল সমাজৰ অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ নাগৰিক আৰু এই পিতৃ-মাতৃৰ লগত সন্তানৰ যি সম্পৰ্ক, সেইয়া এক এৰাব নোৱাৰা সম্পৰ্ক।বহুতে সন্তান প্ৰাপ্তিৰ বাবে মন্দিৰ,মজজিদ নামঘৰ আদিত গৈ প্ৰাৰ্থনা কৰে। পিতৃ-মাতৃয়ে নিজ সন্তানৰ বাবে সকলো কৰিব পাৰে।নিজে কষ্টত থাকিও নিজৰ সন্তানৰ আগত মুখত এটি হাঁহি লৈ ফুৰে।
অতীতত পিতৃ-মাতৃৰ লগত সন্তানৰ সম্পৰ্ক বেছি গভীৰ আৰু মধুৰ আছিল যেন অনুভৱ হয়। সেই সময়ত গাঁৱলীয়া সমাজত পুৱা-গধূলি প্ৰাৰ্থনা কৰা,চোতালত একেলগে বহি কথা পতা, হাঁহি-ধেমালি কৰা, সাধুকথা কোৱা আদিৰ ফলত সন্তানক পিতৃ-মাতৃৰ কাষ চপাই এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছিল।দৈনন্দিন জীৱনতো পিতৃ-মাতৃৰ সৈতে সন্তানৰ এক নিবিড় সম্পৰ্ক আছিল। সন্তানে ঘৰত থকা সময়খিনিত পিতৃ-মাতৃৰ লগত ঘৰুৱা কাম- কাজত সহায় কৰি দিছিল।বিশেষকৈ ছোৱালীসকলে তাঁতশালত শিপিনী কাম,পথাৰত ৰোৱনী-দাৱনী কাম,ঘৰৰ ভিন্ন কাম কৰি মাকক সহায় কৰিছিল।আনহাতে লʼৰাসকলেও দেউতাকক পথাৰৰ খেতি-বাতি, ঘৰৰ শাক-পাচলিৰ খেতি আদি কৰি সহায় কৰিছিল আৰু এনেদৰে তেওঁলোকে ভৱিষ্যত জীৱনৰ বাবে আত্ম নিৰ্ভৰশীলতা তথা স্বাৱলম্বীতাৰ পাঠ আয়ত্ব কৰি লৈছিল।পিতৃ-মাতৃৰ কিছুমান সংস্কাৰমূলক কৰ্মৰ ফলত সন্তানে সজ অভ্যাস,সজ আচৰণ, সৎ চিন্তা আদি সৎ গুণৰ অধিকাৰী হোৱাৰ লগতে সৎ কৰ্মত নিয়োজিত হৈছিল। পিতৃ-মাতৃৰ সংস্কাৰৰ ফলত পুৱাতে সোনকালে শুৱাপাটী এৰা, ভগৱানৰ উপাসনা কৰা তথা স্মৰণ কৰা, জ্যেষ্ঠজনক প্ৰণাম কৰা, জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা আদি সৎ গুণৰ বিকাশ সাধন হৈছিল।সেই সময়ত পিতৃ-মাতৃ আৰু সন্তানে একেলগে আহাৰ গ্ৰহণ কৰিছিল,যিয়ে পিতৃ-মাতৃৰ আৰু সন্তানৰ মাজৰ সম্পৰ্ক অটুট ৰাখিছিল।ইয়াৰ উপৰিও পিতৃ-মাতৃয়ে পৌৰাণিক গ্ৰন্থ, ৰামায়ণ, মহাভাৰত, বীৰ-বীৰাংগনাৰ কাহিনী কৈ সন্তানক সৎ গুণৰ আদৰ্শৰে গঢ়ি উঠিবলৈ অনুপ্ৰানিত কৰিছিল। মাৰ্জিত সাজ-পাৰ পৰিধান কৰা, ৰীতি-নীতি,সংস্কৃতি, পৰম্পৰা আদি সকলো পালন কৰাৰ ক্ষেত্ৰত সন্তানে পিতৃ-মাতৃৰ সংস্কাৰক আকোঁৱালি লৈছিল।
আধুনিকীকৰণে গতি কৰাৰ লগে লগে বৰ্তমান সমাজ ব্যৱস্থাই সন্তানক পিতৃ-মাতৃৰ পৰা যেন ক্ৰমান্বয়ে দূৰলৈ লৈ গৈছে। এফালে যদি শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ ফলত সন্তানে সময়ৰ অভাৱত যন্ত্ৰৰ দৰে জীৱন-যাপন কৰিব লগা হৈছে,আকৌ আনফালে মোবাইলৰ প্ৰতি আগ্ৰহী হোৱাৰ ফলত আজৰি-সময়তো মোবাইলতে ব্যস্ত হৈ পৰিছে।যাৰ ফলত পিতৃ-মাতৃক দিবলৈ তেওঁলোকৰ হাতত যেন সময়ৰ অভাৱ হৈ পৰিছে।কেৱল সন্তানৰে যে ব্যস্ততা বাঢ়িছে তেনে নহয়, বৃত্তিগত কৰ্ম ব্যস্ততাৰ বাবে বহু পিতৃ-মাতৃয়ে নিজৰ সন্তানক পৰ্যাপ্ত সময় দিবলৈ অপাৰগ হৈছে।বৰ্তমান সময়ত পিতৃ-মাতৃসকলে ব্যস্ততাৰ দোহাই দিয়াৰ ফলত সন্তান আৰু পিতৃ-মাতৃৰ মাজৰ সম্পৰ্কত এক বৃহৎ ব্যৱধান আহি পৰিছে। আনফালে সন্তানৰ নতুন নতুন সমনীয়াৰ সৈতে বন্ধুত্ব গঢ়ি উঠাৰ লগে লগে পিতৃ- মাতৃৰ সৈতে দূৰত্বও বাঢ়িছে। সাম্প্ৰতিক সময়ত উচ্চ শিক্ষাৰ বাবে সন্তান বাহিৰৰ দেশলৈ যোৱাৰ ফলত বহুতে হয়তো বাহিৰতেই কামত নিয়োজিত হ'ব লগা হোৱাত কৰ্মৰ বাবে তাতেই বসবাস কৰিব লগা হৈছে। ইয়াৰ উপৰিও বহুতে কৰ্মৰ সন্ধানত বাহিৰৰ দেশলৈ গতি কৰিছে।এনেবোৰ কাৰণতে হয়তো পিতৃ-মাতৃৰ লগত সন্তানৰ ঘনিষ্ঠতা,আন্তৰিকতা তথা পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ যি সম্পৰ্ক সেইয়া যেন আজি ক'ৰবাত নহয় ক'ৰবাত বহুখিনি হ্ৰাস পাইছে।যাৰ ফলত আজিকালি বহু সন্তানে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থবলৈকো কুণ্ঠাবোধ নকৰা হৈছে।আনকি সন্তানে দূৰণিত থাকি পিতৃ-মাতৃৰ চকুৰ আঁতৰ হোৱাৰ উপৰিও মনৰ পৰাও যেন আঁতৰ হ'ব বিচাৰে।ইয়াৰ উপৰিও ধন-সম্পত্তিৰ বাবে নিজৰ পিতৃ-মাতৃক অত্যাচাৰ কৰা তথা পিতৃ-মাতৃক অৱহেলা কৰা উদাহৰণো নথকা নহয়।অৱশ্যে সকলোক সন্তানক দোষাৰোপ কৰাটো উচিত নহ'ব। কাৰণ ইয়াৰ মাজতো পিতৃ-মাতৃৰ প্ৰতি যত্ন,মৰম তথা মধুৰ আৰু গভীৰ সম্পৰ্ক বৰ্তমানো নথকা নহয়।
গতিকে, অতীত আৰু বৰ্তমানৰ পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।সময় পৰিৱৰ্তনৰ লগে লগে পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কতো ব্যৱধান তথা দূৰত্ব আহি পৰিছে। পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক পূৰ্বৰ দৰে এতিয়া হৈ থকা নাই।