সবিতা বৰুৱা ফুকন
কি ফুলে শুৱাব তোমাক ৰাধা
আজি ৰাতি ফুলিবনে,
পাৰিজাত নতুবা ইন্দ্ৰমালতী ?
সপোন বুলিয়া বাট ,ৰাধা !
নিয়ৰত তিতিছে শেৱালী,বকুল
আজি ৰাতি তৰাফুলৰ
দলিচাত বহি,
মই ও তিতিম নিয়ৰত
চেঁচা চেঁচা লগা ৰাতিটোত
আঁচলত বান্ধি লম
জুই ফিৰিঙতি,
চুলিত গুজি লম
জোনাকী পোহৰ
দেও দি ফুৰা এজাক সপোন
উজাই আহে বুকুলৈ ।
কুঁৱলী ৰিহাৰে বুকু ঢাকি
হিয়ালি -জিয়ালি হিয়া
নিচুকাই বাট চাম তেওঁ লৈ
কিজানিবা তেওঁ আহেই আকৌ .....
অবিশ্বাসেৰে ভৰা
কোনোবা গধূলি ।