ৰঞ্জিত চুতীয়া ৰজাধাপ, সোণাৰি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। কিন্তু মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা নাটসমূহক 'যাত্ৰা বা 'ঝুমুৰা'হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামাকৰণ কৰে। মহাপুৰুষ শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য ধৰ্মীয় সংস্কাৰৰ মাজেদি জনমানসত চেতনা জাগ্ৰত কৰি তোলা। সেই সময়ৰ নিৰক্ষৰ জনসাধাৰণে ধৰ্মৰ কথাবোৰ যাতে সহজে উপলব্ধি কৰিব পাৰে তাৰ বাবে শাস্ত্ৰপাঠ আৰু মৌখিক উপদেশতকৈ নাট্যাভিনয় অধিক ফলপ্ৰসূ উপায় আছিল। সেয়ে তেওঁ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। ভাগৱত পুৰাণৰ উপৰিও সমসাময়িক ভাৰতীয় লোকনাটক, সংস্কৃত নাটক আৰু অসমত পূৰ্বৰে পৰা চলি অহা ওজাপালি, পুতলা নাচ ইত্যাদি লোকপৰিৱেশ্য কলাৰ সমল সংগ্ৰহ কৰি মহাপুৰুষ জনাই অংকীয়া নাট ৰচনা কৰিছিল। লোকশিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু অভূতপূৰ্ব সফলতা লাভ কৰিছিল।
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভাওনাসমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠ পট আঁকি দশকৰ আগত দেখুওৱা 'চিহ্নযাত্ৰা' ভাওনা স্থিৰ চিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে লোকচক্ষুত মনোৰম কৰি তুলিছিল। যাৰ বাবেই নিজে বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিৱেশন কৰাইছিল। প্ৰকৃতপক্ষে 'চিহ্নযাত্ৰা'ই হ'ল প্ৰথম ভাওনা। ইয়াৰ পৰৱৰ্তী সময়ত মহাপুৰুষ জনাই ছয়খনকৈ অংকীয়া নাট ৰচনা কৰি অসমৰ সংস্কৃতিক আৰু বৈষ্ণৱ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিলে। এই অংকীয়া নাটৰ আধাৰতে অভিনিত অথবা পৰিৱেশ্য কলাই 'অংকীয়া ভাওনা'। অসমৰ সত্ৰসমূহৰ উপৰিও সৰ্বসাধাৰণ লোকে নামঘৰ স্থাপন কৰি গুৰুজনাৰ আদৰ্শ আৰু আৰ্হিৰে দেৱ বাদ্য আৰু গীত-নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে ভাওনা প্ৰদৰ্শন কৰি আহিছে।
ভাওনা অসমৰ সৰ্বত্ৰে অতি ভক্তিসহকাৰে আৰু পৱিত্ৰতাৰে পালন কৰা হয়। ভাওনা গাঁও অঞ্চলৰ একোটা বাৰ্ষিক কৰ্ম। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই একোটাকৈ নামঘৰ আছে। এইবোৰ সামূহিক প্ৰাৰ্থনাগৃহ আৰু ৰংগমঞ্চ। গুৰু দুজনাৰ তিথিত গাঁৱৰ নামঘৰত বাৰ্ষিক উৎসৱ হিচাপে ভাওনা-সবাহ পতাৰ নিয়ম আজিও চলি আছে। গাঁৱত ভাওনা বুলি ক'লে নাট মেলাৰ পৰা আৰম্ভ কৰি ভাওনাৰ শেষ 'নাট সামৰা'লৈকে ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। ভাওনা দিনা নামঘৰৰ মণিকূট, কীৰ্ত্তনঘৰ, নাটঘৰ বা মুকলি মঞ্চ পৰিস্কাৰ কৰি, কলপুলি ৰুই সজাই-পৰাই সুন্দৰ পৰিৱেশ গঢ়ি তোলা হয়। সন্ধ্যালৈ গায়ন-বায়ন গোৱা পৰ্ব আৰম্ভ হয়। গায়ন-বায়ন সামৰাৰ পাছত সূত্ৰধাৰ প্ৰৱেশৰ আগতে ন গছি বন্তিৰে 'অগ্নিগড়' প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশ ব্যৱস্থা কৰে। আঁৰ-কাপোৰ আঁতৰাৰ লগে লগে আঁৰিবোৰ জ্বলাই কীৰ্ত্তনঘৰ বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ-কাপোৰ ধৰে।
মহাপুৰুষ দুজনাই সৃষ্টি কৰা নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে অধিক গুৰুত্ব দিছিল। ভাওনাত নৃত্যৰ পয়োভৰ ইমানেই বেছি যে গুৰুজনাই নিজেই ইয়াক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল। ভাওনাত ভাৱৰীয়া জনে নৃত্য ভঙ্গীতহে মঞ্চত প্ৰৱেশ বা প্ৰস্থান কৰাৰ নিয়ম। ভাওনাৰ প্ৰৱেশ আৰু প্ৰস্থান সদায় নৃত্যধৰ্মী হয়। ভাওনাৰ নৃত্যক ন প্ৰকাৰত ভাগ কৰা হৈছে। সেইবোৰ হ'ল -- গায়ন-বায়ন নাচ, সূত্ৰধাৰী নাচ, গোঁসাই নাচ, মাইকী বা স্ত্ৰী নাচ, অন্যান্য ভাৱৰীয়া প্ৰৱেশৰ নাচ, যুদ্ধৰ নাচ, গীত-শ্লোক-ভটিমাৰ নাচ, খৰমানৰ নাচ আৰু ভঙ্গী নাচ।
অসমৰ ভাওনা পৰম্পৰাত অংকীয়া ভাওনাৰে সৰ্বাধিক প্ৰচলন থাকিলেও মহাপুৰুষসকলৰ পিছত সত্ৰসমূহত কথিত ভাষা বা পদ্যধৰ্মী অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ হ'বলৈ ধৰিলে। উজনি অসমৰ অভিনয় অংকীয়া ভাওনাৰ পৰিৱৰ্তে ভাওনা স্বৰূপেই পিছলৈ চিহ্নিত হ'ল। ফলত অংকীয়া ভাওনাৰ কিছু পৰিৱৰ্তিত ৰূপ এটাও উজনি অসমত গঢ়লৈ উঠিল। নাটকত আদ্যান্ত সূত্ৰধাৰৰ ভূমিকা কমি গ'ল। নৃত্য পৰিৱেশন আৰু নান্দী শ্লোক-গীত গোৱাৰ পিছতেই মঞ্চৰ পৰা সূত্ৰধাৰ একেবাৰে আঁতৰি যায়। সময়ৰৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া ভাওনাৰ গতি প্ৰকৃতি আৰু উদ্দেশ্যৰো সলনি হোৱা দেখা যায়। বৰ্তমান আমি অসমীয়া ভাওনাক যি ৰূপত পাইছো, এই ৰূপটোৱে নানা গতি প্ৰকৃতি অতিক্ৰম কৰি অহা তথা সংযোজন আৰু বিয়োজনৰ মাজেৰে পৰিৱৰ্তিত হোৱা ৰূপহে। ড° মানিক শইকীয়াদেৱে তেখেতৰ 'মাতৃ ভাষাৰ ভাওনাঃ ঐতিহ্য আৰু বিৱৰ্তন' গ্ৰন্থত কৈছে, "শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি হিচাপে নহয়, কিন্তু গুৰুজনাই ৰচনা কৰা অংকীয়া নাটসমূহৰ অনুপ্ৰেৰণাতেই উদ্ধুদ্ব হৈ ৰচিত আৰু পৰিৱেশিত হৈ থকা এই পদ সাংস্কৃতিক উপাদানৰ সম্যক আলোচনাই গুৰুজনাৰেই মহত্ত্ব, কৃতিত্ব আৰু প্ৰভাৱশালীতা প্ৰমাণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা যুগাগ্ৰগামী মহাপুৰুষৰ কৃতি আৰু কৃতিত্বৰ প্ৰভাৱ সহজ-সৰল অনাখৰী মানুহৰ মাজলৈও কেনেকৈ বিয়পি পৰিছিল, আন ন'হলেও সেই কথাৰ উমান ল'বলৈকে মাতৃভাষাৰ নাট-ভাওনাৰ বিষয়ে আলোচনাৰ প্ৰয়োজন।"
অংকীয়া নাট তাৰ পাছত অংকীয়া ভাওনা আৰু অসমীয়া মাতৃভাষা ভাওনালৈ যি সাংস্কৃতিক যাত্ৰা সেয়া পৰিৱৰ্তনৰ মাজেৰে গঢ় লোৱা ক্ৰমবিকাশৰ ৰূপ বুলি ক'ব পাৰি। পৰিৱৰ্তন প্ৰয়োজনীয়, ই স্বীকাৰ্য যে কৃষ্টি সদায়ে ৰূপান্তৰ হয়, দেশৰ বা জাতিৰ সাংস্কৃতিক ৰূপান্তৰৰ লগে লগে কৃষ্টিয়েও মোট সলায়। কিন্তু মূল সুঁতিৰ পৰা ফালৰি কাটি অহা পৰিৱৰ্তন জনসাধাৰণ তথা শ্ৰোতা-দৰ্শকৰ বাবে আদৰণীয় নহয়। কিয়নো এই বহুমূলীয়া সম্পদৰ লগত জড়িত হৈ আছে মহাপুৰুষ দুজনাৰ মহৎ উদ্দেশ্য। ভাওনা বা নৃত্যাভিনয়ৰ যোগেদি গুৰুজনাই অজ্ঞ-অনাখৰী জনতাক কৃষ্ণ ভক্তিৰ মালা পিন্ধাই 'এক দেৱ এক সেৱ এক বিনে নাই কেৱ' ধাৰণা অৰ্থাৎ ভগৱদ্ভক্তি ৰস প্ৰদানৰ মহান উদ্দেশ্যৰ প্ৰচাৰ-প্ৰসাৰ কৰিছিল। সেই মহৎ উদ্দেশ্যক অক্ষুণ্ণ ৰাখি যি যুগোপযোগী পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনকহে জনসাধাৰণে আদৰি ল'ব।
সময়ৰ লগত খাপখোৱাই ভাওনাৰ কিছু পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। ভাওনাৰ যিবোৰ শাস্ত্ৰীয় সম্পদ তথা গুৰুজনাৰ সৃষ্টিৰ সম্পদ আছে, সেইবোৰ গৱেষণা কৰি অতি সাৱধানেৰে চালি-জাৰি চাব লাগিব। আগৰ দিনৰ গাঁও অঞ্চলত সীমাবদ্ধ সম্পূৰ্ণ এৰাতিৰ ভাওনাই বৰ্তমান প্ৰতিযোগিতাৰ মঞ্চলৈ গতি কৰি অৱয়ব ক্ষীণ হ'ল। গায়ন-বায়নৰ কাৰ্য কৰ্তন কৰি এক/দুই ঘণ্টাত ভাওনা সামৰা হ'ল। তদুপৰি মহাপুৰুষ জনাৰ সৃষ্টিৰ দেৱ বাদ্যৰ ঠাইত বৈদ্যুতিক বাদ্যয়েও ঠাই ল'লে। প্ৰতিযোগিতাৰ খাতিৰত কেৱল অভিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংকীৰ্ণতাক আকোঁৱালি লোৱাৰ ফলস্বৰূপে ভাওনাই যাতে মৌলিকতা নেহেৰুৱাই তাত প্ৰতি লক্ষ্য ৰখা উচিত। অসমীয়া অংকীয়া ভাওনা বা অসমীয়া মাতৃভাষাৰ ভাওনাৰ মূলক অটুট ৰাখি দেশে-বিদেশে প্ৰচাৰ-প্ৰসাৰ কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে। ভাওনা কেৱল অভিনয় মঞ্চই নহয়, ই কৃষ্টি-সংস্কৃতি, ঐক্য-সংহতি, বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাহক।