প্ৰগতি গগৈ চাংমাই
সেই অসীম আজি ডাঙৰ হ'ল। চকুৰ পলকতে ডেকা হৈ গুৱাহাটীত ইঞ্জিনীয়াৰিঙৰ কোৰ্চ কৰি আছে। মাক-দেউতাকৰ মনত সি এতিয়াও সৰু। সকলো মাক-দেউতাকৰ মনত নিজৰ সন্তান সদায়েই সৰু হৈ থাকে। ৰুণুমী-প্ৰশান্তই আৰু দ্বিতীয় সন্তান কামনা নকৰিলে। অসীমৰ ককাক-পুঠায়েক ঢুকোৱাৰ পাছত সিহঁত তিনিটা প্ৰাণীহে বাকী ৰ'ল।
-হেৰা, ক'ত আছা?
- কিয় ? ভিতৰতে আছোঁ।
- ই বাবা কেতিয়া আহিব?
- আহিব আৰু কেইদিনমান পাছত। পৰীক্ষা দি একেবাৰে আহিম কৈছে। বিহুতে।
- অহ! আহক । সি আহি ল'লে আমি কথাবোৰ তাৰ লগত খোলোচাকৈ পাতিব লাগিব।
- তাকেহে। ময়ো সেইটোৱেই ভাবিছোঁ। তাৰ লগত কথা নপতাকৈ এইবোৰ কথাত আগবঢ়াটো ভাল নহ'ব। আমি মাক-বাপেকহাল কাম কৰিব পৰা হৈ থাকোঁতেই বিয়া পাতি দিলেহে সুবিধা হ'ব। নহ'লে বিয়াত কোনে কাম কৰিব?
- হয় দিয়ক। এতিয়া ভাতকেইটা বাঢ়ি দিওঁ। খাই লওক গৰমে গৰমে ।
- দিয়া দিয়া। তোমাৰ হাতৰ ভাতমুঠি খাবলৈ মই যে কম হেঁপাহেৰে ৰৈ থাকোঁনে?
- হে হৰি, এই মানুহটো যে। এতিয়াও ধেমালি কৰিবলৈ এৰা নাই! বয়স হৈছে যে গমেই পোৱা নাই ছাগে।
- ধেমালিৰ লগত বয়সৰ কি কথা আইজনী!
- হ'ব হ'ব । কথা পাতি থাকোঁতে থাকোঁতে সিফালে ভাত ঠাণ্ডা হ'লেই ছাগে।
- খাওঁ। খাই লৈ বাৰীতে অলপ কাম কৰোঁ।
- এই মানুহটো যে। ভাগৰ বোলা বস্তুটো নাই। খাই অলপ ৰৈ লওক। কাম কাম কেৱল কাম। কিমান আৰু কাম কৰে?
- বাৰু ! এটা কথা, বাবাৰ পছন্দ যদি আমাৰ পছন্দ নহয়?
- কিয় নহ'ব? আমাৰ ল'ৰাই আমাৰ সকলো কথা জানে। আমাৰ সকলো কথা মানি চলে । সেই হিচাপততো তাৰ পছন্দ বেয়া হ'ব নোৱাৰে।
- এৰা! ভাগ্যৰ বলতহে আমি তাক পুত্ৰ হিচাপে পাইছোঁ। কোনোদিনে আমাৰ কথা এৰাই চলা নাই সি।
- হয়। এতিয়া খাই উঠি অলপ বহি লওকগৈ যাওক। মই বাচনকেইটা ধুই সাউৎকৰে মণিহঁতৰ ঘৰৰ পৰা আহোঁ।
- অ' কিয়?
- সিহঁতৰ ছোৱালী জনীৰ জ্বৰ। কালিৰপৰা। খবৰ এটা লৈ আহোঁ।
- যোৱা, যোৱা। টানে-আপদে মণিজনীয়ে কমখন সহায় কৰি দিয়েহিনে আমাক? গিৰিয়েক ঢুকোৱাৰ পাছত কম কষ্টত ছোৱালী জনী ডাঙৰ কৰিছেনে?
- বৰ সাদৰী অ' তাই।
- এটা কাম কৰিবা। টকা কেইটামান লৈ যোৱা। তাইৰ হাতত দি আহিবা। আৰু প্ৰয়োজন হ'লে আমাক ক'বলৈ ক'বা।
- বাৰু