Type Here to Get Search Results !

এটি কবিতাৰ স্তৱক

 ৰুমা  গগৈ


হঠাৎ আন্ধাৰৰ উমান পালেই
দুখবোৰ পাৰ ভাঙি বৈ আহে
দুচকুত অহৰহ বাৰিষা হয়  ।

চকুলো নিগৰি নিগৰি বৈ
দুগাল লুণীয়া হয় ।
বুকুত পোৰণি উঠে
সপোনবোৰ দুখৰ 
সাগৰত পৰি আঁতৰি যায়
মোৰ মনৰ পৰা
আন্ধাৰতেই ডুব যায়
আশাৰ নাও
ব্যৰ্থ তাৰ সহস্ৰ খুন্দাত
স্তদ্ধ হয় সাফল্যৰ উৎসাহ
ভুল ক'ত হ'ল ?
উত্তৰ বিচাৰি
অতিষ্ঠ হৈ ৰও
আৰু নিজকেই সোধো,
জীৱনৰ সাথকতা  ক'ত  ?