তুলিকা বৈশ্য দাস গু
মোৰ হৃদয় সৰোবৰত
পঙ্কজ হৈ ফুলি ৰʼল...
নিৰাকাৰ হৈ আহিছিল বৈ
বুকুয়েদি মোৰ
অবাধ গতিত
শান্ত শীতল ধাৰৰ
অপূৰ্ব শব্দেৰে ঢৌ খেলা
শৃংখল নৈ এখনি ...
যʼত আছে যুগ-যুগান্তৰৰ
বহু কঠিন কাহিনী
উটি-ভাঁহি আহিছে তাত
জীৱনৰ গধুৰ-মধুৰ
গভীৰতম তত্বকথা
তৃপ্তি-প্ৰাপ্তি, হৰ্ষ-বিষাদৰ...
হাঁহিৰ আঁৰতো যে থাকে
কত কান্দোনৰ ৰোল
তধা লাগি ৰʼলোঁ মই
মোৰ অজ্ঞাতেই যেন
অগাধ বিশ্বাস জন্মিছে মোলৈ
বাট চোৱা নাই সেয়ে মোৰ উত্তৰলৈ...
মোৰ ওপৰত বিশেষ নেতৃত্ব দেখি
অবাক হৈ পৰিছিলোঁ মই
নেজানোঁ...!!!
কোনোবা পৰম স্বজন যেন মোৰ ...
তবধ মানিলোঁ ...
কিবা যেন আধ্যাত্মিকতাই
মোৰ অন্তৰাত্মাক চুইছে গৈ...
অক্লান্ত সাধনাৰে যেন
সৃষ্টিৰ এখনি মায়াময় চিত্ৰ অঙ্কণ কৰিছে
হৃদয় পটত নিৰবে নিৰবে
নিভাঁজ আকুলতাৰ ৰং তুলিকাৰে...
কোনো কালেই ক্ষয় ক্ষতি নোহোৱাকৈ
হৃদয়েৰে হৃদয়ৰ আবেগ বান্ধি লৈ ...
মোৰ সুপ্ত আত্মজ্ঞান মানসিকতা জাগ্ৰত কৰি
পুৱাৰ সূৰুযৰ আভা হৈ মনৰ জগত পোহৰাই
হৃদী পদ্মৰ স্পন্দন হৈ ৰʼল...
হে সুহৃদ বান্ধৱ তুমি...মন মোৰ
নিষ্কাম ভকতিৰে এই মায়াময় সংসাৰ খনিত
নিজৰ সৈতে সন্তুষ্ট থাকি আগুৱাই যোৱাৰ
জ্ঞান প্ৰদীপ জ্বলাবলৈ আহিছা নিশ্চয় তুমি...
এক অদৃশ্য শক্তি হৈ ..