Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (ষষ্ঠ খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


      সততাৰে কাম কৰি আত্ম পৰিচয় ৰাখি থৈ যোৱা ব্যক্তি সত্তাক সকলোৱে শ্ৰদ্ধা কৰে, সোঁৱৰে।
    এই পৃথিৱীত এনে বহুসংখ্যক প্ৰাতঃস্মৰণীয় ব্যক্তি আছে,যিসকলৰ নাম যুগ যুগান্তৰলৈ খোদিত হৈ থাকিব। আমাৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো বিভিন্ন ক্ষেত্ৰত  নিজৰ নাম উজ্জ্বলাই থৈ যোৱা অনেক ব্যক্তি  আছে। জাতিৰ বাবে আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে সাহিত্য, সংস্কৃতিকে আদি কৰি ভিন ভিন দিশত অনেক জন গুণী,জ্ঞানী লোকে কৰ্মৰে নিজৰ নাম খোদিত কৰিছে।
     আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও বহু মানুহে নিষ্ঠাৰে মানুহৰ বহুকাম কৰি নিজৰ নাম উজ্জ্বল কৰি যোৱাৰ উদাহৰণো ঢেৰ পোৱা যায়। স্বনামধন্য সত্য নাথ বৰা দেৱে কোৱাৰ দৰে- " পৃথিৱী খনেই এখন খোলা কিতাপ, আমি এই পুথি খন পঢ়িবলৈ পোৱাতোৱে ভাগ্যৱান বুলি ভাবিব লাগিব।" 
      এই পৃথিৱীৰ পুথি খনৰ পৰাই জ্ঞান বুটলি , সেই জ্ঞান বিভিন্ন ক্ষেত্ৰত জীৱনত খটুৱাই বহুতে জানো আনক উপকৃত কৰা নাই , নিজৰ জীৱন মহীয়ান কৰা নাই? নিশ্চয় কৰিছে।
     ক'ব খোজা হৈছে , আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা পোহৰৰ বাট দেখুৱাব বিচৰা সকলৰ কথা।যিসকলক শিক্ষক নামেৰে বিভূষিত কৰা হয়। সঁচাকৈয়ে , নিজৰ জ্ঞান বিবেচনাৰে আন কাৰোবাক গঢ় দিবলৈ পোৱাতো কম ভাগ্যৱান নে বাৰু? আনুষ্ঠানিক , অনানুষ্ঠানিক, চৰকাৰী বা বেচৰকাৰী যিদৰেই নহওক কিয়, বিভিন্ন দিশত  গঢ় দিয়া , সেইবিলাকৰ জীৱনৰ বাট মুকলি কৰি উচিত দিশৰ সন্ধান দিব পৰা সুযোগ্য জনক শ্ৰদ্ধা নকৰাৰ কথা আহিবই নোৱাৰে।
  জীৱনৰ ঢাপে ঢাপে এনেকৈ আগুৱাই নিয়া প্ৰতিখন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু সকল চিৰ নমস্য। ক্ৰম অনুসৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে শিক্ষা গ্ৰহণ কৰি আগুৱাই গৈয়ে বিভিন্ন দিশত সমাজৰ, দেশৰ ভিন ভিন দিশত কৰ্ম কৰিছে। তেনে ক্ষেত্ৰত শিক্ষকৰ কৰ্তব্যত গাফিলতি,পালমৰা স্বভাৱ,সময় জ্ঞানৰ অভাৱ, বিদ্যালয় , মহাবিদ্যালয়লৈ দেৰি হোৱাৰ বিভিন্ন অজুহাত এনেধৰণৰ কথা  বোৰৰ বিষয়ে কাকতত পঢ়িবলৈ পালে মন বেয়া লাগে।
    অতিকৈ দুখ লাগে এইসকললৈ,যিসকল শ্ৰদ্ধাশীল শিক্ষকে নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য কৰাৰ পাছতো আন কাৰোবাৰ দায়িত্বহীনতাৰ বাবে বদনামৰ ভাগি হ'ব লগীয়া হয়, " শিক্ষক " শব্দটো ব্যৱহাৰ কৰাৰ বাবেই।
    শিক্ষক শব্দটোৰ মহত্বক উপলদ্ধি কৰা সকলে নিজকে সহিষ্ণুতাৰ ফলক হিচাপে,অবুজ হৈ থকা শ সদৃশ  জনক প্ৰাণ দিয়ে, জ্ঞান দিয়ে। ই ৰ ছত্ৰৰে ছায়া দি সজীৱ কৰে, ক্ষ ৰে সক্ষম কৰে। প্ৰাণৰ প্ৰাচুৰ্য ঢালি জীৱনক জুখিব পৰাকৈ ক ৰে,কৰ্মক্ষম কৰি তোলে।
       সেইজন মহান , তেৱেঁই শিক্ষাগুৰু , শিক্ষক।
সেয়ে ড' সৰ্বপল্লী ৰাধাকৃষ্ণণ মহাশয়ে শিক্ষক সকলক শ্ৰদ্ধা জনাই তেখেতৰ জন্ম দিনটো শিক্ষক সকলৰ নামত আগবঢ়াই থৈ গৈছে।
    কৰ্মমুখী জীৱন  অথবা  কৰ্মস্পৃহা থকা মনৰ মানুহৰ কোনো ক্ষেত্ৰতে বিশেষ অসুবিধা নোহোৱাকৈ আৰু পৰমুখাপেক্ষী নোহোৱাকৈ জীৱন অতিবাহিত হয়। সুস্থ মন আৰু সুস্থ শৰীৰৰ দ্বাৰা চৰকাৰী, বেচৰকাৰী যিকোনো প্ৰতিষ্ঠানতে ভালদৰে কাম কৰি নিজৰ লগতে প্ৰতিষ্ঠানৰ উন্নতি সাধন কৰিব পাৰে। এনেদৰে কাম কৰিয়েই বহুজনে দেশৰ উন্নতিত অৰিহণা যোগাই আহিছে।
      সৰু,ডাঙৰ সকলো কাম নিৰ্বিশেষে নিকা স্বভাৱৰ নিষ্ঠাবান মানুহৰ দ্বাৰা সমাজখন এতিয়াও বৰ্তি আছে। ইয়াৰ বিপৰীতে নিষ্কৰ্মা বা কামত ফাঁকি দিয়া,ঠগ প্ৰবঞ্চনা অথবা,অৰ্থৰ প্ৰতি অতিশয় লালায়িত অনেক মানুহৰ কথাও সততে শুনা যায়। এইবোৰ খা- খবৰে মানুহ জাতিটোক বহু তললৈ নমাই নিয়ে। তেনেবোৰ মানুহৰ দ্বাৰা সমাজখন কলুষিত হয়। জাতিটোৰ সন্মান, দেশৰ সন্মান লাঘৱ হয়।
     শিক্ষাগ্ৰহণ আৰু জ্ঞান আহৰণৰ যোগেদি জীৱনক বাস্তবত প্ৰয়োগৰ ক্ষেত্ৰত বহুতকে বহুসময়ত সামঞ্জস্য থকা দেখা নাযায়।
     অৱশ্যে সকলোৰে ক্ষেত্ৰত এনেবোৰ কথা প্ৰযোজ্য নহয়, হ'বই  নোৱাৰে।
     শিক্ষাগ্ৰহণ নকৰা অথবা কম পুথিগত শিক্ষা লোৱা মানুহেও সততাৰে কাম কৰি নিজৰ লগতে সমাজৰ উন্নতিত যোগাত্মক সহাঁৰি যোগাই আহিছে।সৰু মানুহ বুলি ভবা মানুহৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত ভাল ভাল কাম সম্পাদন হোৱা খবৰে মনত সুখ আৰু আনন্দ দিয়ে। সেয়েহে মনলৈ আহে ডাঙৰ মানুহ, সৰু মানুহ বুলি নাভাবি আমি বাৰু মানবীয় গুণৰ দ্বাৰা সঁচা অৰ্থত কাৰ্যক্ষম মানুহকে প্ৰকৃত ডাঙৰ মানুহ বুলি ভাবিব নোৱাৰোনে?
     
আগলৈ -