পৰাগ কলিতা
আজি আকৌ হাবিয়াস জাগিছে
ল'ৰালি দিনলৈ উভতি যাবলৈ
আকৌ এবাৰ মোৰ মনে বিচাৰিছে
শৈশৱ স্মৃতিৰ বৰষুণজাকত তিতিবলৈ।
বাৰে বাৰে মনত পৰিছে
সমনীয়াৰ সৈতে গছত উঠা,লুকা-ভাকু খেলা দিনবোৰলৈ
পুনৰ উভতি যাবৰ মন গৈছে
কাগজৰ নাও,ঢকুৱাৰ গাড়ী সজাই খেলা সময়লৈ।
কʼত যে হেৰাই গল সোনোৱালী শৈশৱ
ল'ৰালিৰ ধেমালিবোৰ এতিয়া লুকাই গ'ল
আইতাৰ কোলাত বহি শুনা সাধুকথা
এতিয়া যেন ভাল লগা অতীত হৈ ৰল।
নিচুকনী গীত শুনি মাৰ কোলাত টোপনি যোৱা
সময়ৰ সোঁতত ধূসৰ হৈ পৰিল
লগৰীয়াৰ সৈতে নদীৰ পাৰত বহি বৰশী বোৱা
সময়বোৰ কʼতনো হেৰাই থাকিল।
লৰালিৰ সোনোৱালী ধেমালিবোৰ
কাঢ়ি নিলে ব্যস্ততাপূৰ্ণ আধুনিক জীৱনে
লৰালিৰ ধেমালি এৰি ভৰি দিলো এক নতুন জগতত
যʼত শৈশৱ ব্যস্ত মোবাইল, কম্পিউটাৰ,ভিডিঅʼ গেমছ, ইন্টাৰনেটৰ মাজতে।
আজিও মনলৈ আহে শৈশৱৰ ধেমালিবোৰ
পিছে সোঁৱৰণীৰ মোনাটিত যে লুকাই গ'ল
স্মৃতিৰ পাতত বাৰে বাৰে আমনি কৰে
এৰি অহা শৈশৱ।
আকৌ বিচাৰি যাবৰ মন
শৈশৱৰ প্ৰতিটো আৱেলি
আকৌ উভতাই লাগে
সময়ৰ গতিত পাৰ হৈ যোৱা ল'ৰালি।
মন ডায়েৰীত সাঁচি ৰাখিছো
শৈশৱৰ মধুৰ স্মৃতি
এতিয়া যেন লৰালি স্মৃতিৰ এখিলা পাত
আধুনিকতাই কৰিলে সকলো সলনি।
পূজা চাবলৈ বাঁহৰ চুঙা, মাটিৰ টেকেলিত থোৱা পইচা
তাৰ আমেজেই আছিল সুকীয়া
চাইকেলৰ টায়াৰেৰে চলোৱা গাড়ী
সেই শৈশৱ সদায় সোণসেৰীয়া।
স্কুলৰ গৰমৰ বন্ধত মামাৰ ঘৰলৈ যোৱা
সময়বোৰ যেন আজি নষ্টালজিক
মাৰ্বল খেলা,পখিলাৰ পিছত দৌৰা, নিম গছৰ গুটিৰে ফটকা ফুটুৱা
ল'ৰালিৰ এই সময়বোৰ আজি হʼল অতীত।