সবিতা বৰুৱা
আহিনৰ জোনাক নিশাত,
জোনৰ পোহৰত ম ই
খোজ দিছোঁ অকলে,
জোনৰ জোনাকত ৰাষ্টাৰ কাষতে থকা গছবোৰৰ
ছাঁত লৈ জোনটোক
হেঁপাহ পলুৱাই চাইছো...
সেউজীয়া পথাৰৰ বুকুত
নিয়ৰৰ টোপালবোৰ
মুকুতাৰ দৰে জিলিকি উঠিছে,
দূৰণিৰ বাঁহীৰ সুৰ এটাই আহি
বুকুত আমনি কৰিলেহি....
ৰাষ্টাটো যেন এখন নৈ
আৰু ,
মই সেই নৈ মৰা সুঁতি..!
জোনাকে যেন আহি
মোৰ কাণে কাণে কলেহি,
মৰা সুঁতিৰো এটা
জীয়া মন থাকে.....
এখন জীয়া নদীৰ
হাতত ধৰি ,
সাগৰলৈ বৈ যোৱাৰ মন..!
ছন্দহীন গতিত ম ই
খোজ দিলোঁ,
জোনাকৰ হাতত ধৰি....
টোপ টোপকৈ সৰা
নিয়ৰৰ টোপালৰ শব্দত
শেৱালীৰ সুবাস এটা আহি
মোক জগালেহি ।