ৰঞ্জিত চুতীয়া
"আহিনক কোনে আনে
নিয়ৰে ক'লে শেৱালিয়ে
শেৱালিয়ে ক'লে নিয়ৰে আনে
দুৱৰিয়ে ক'লে কোমল হাঁহিৰে
দুয়োজনে দুয়োজনে।"
উৎকট গৰম, বোকা-পানীৰ অন্ত পেলাই নিয়ৰত সিক্ত দুৱৰিৰ ওপৰেদি আহিল আহিন। আহিন মানেই শেৱালিৰ শুভ্ৰ দলিচা, কুঁৱলীৰ এক মিঠা আচ্ছাদন, কৃষকৰ বুকুৰ আপোন, এক বৰ্ণময়, ছন্দময়, শৰৎ। মায়াবিনী শৰতৰ স্নিগ্ধ কোমল স্পৰ্শত সিক্ত হয় কবিৰ মন। মহাকবি কালিদাসে 'ঋতু সংসাৰ'ত তুলি ধৰিছে শৰতৰ এটি মনোৰম ৰূপ - "কহুঁৱাৰ দৰে যাৰ পৰিধান, পদুমৰ দৰে যাৰ মুখ, উন্মত্ত হাঁহৰ মাতৰ দৰে ৰমণীয় যাৰ নূপুৰৰ শব্দ, শালিধানৰ দৰে যাৰ ক্ষীণ দেহলতা, অপৰূপ যাৰ আকৃতি, সেই নৱবধুৰ দৰে শৰৎকাল আহে।"
ঋতু ৰাণী শৰৎ এক সঞ্জীৱনী শক্তি। শৰতৰ বুকুতে নিহিত হৈ থাকে গণেশ চতুৰ্থী, বিশ্বকৰ্মা পূজা, দুৰ্গাপূজা, লক্ষ্মীপূজা, কালীপূজা, ৰাসমহোৎসৱ আদি লানি নিছিগা উৎসৱৰ বতৰা। শৰতৰ আগমনত অসমৰ লোক সমাজত উঠে আনন্দৰ জোৱাৰ-ভাটা। অপশক্তিক বিনাশ কৰি ভক্তক ৰক্ষাৰ্থে মৰতত আৱিৰ্ভাৱ হয় শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা। পূজাৰ মণ্ডপবোৰ নানাৰঙী সাজ-সজ্জাই আটক ধুনীয়া কৰি তোলে। আহিন মাহৰ শুক্লা ষষ্ঠী তিথিৰ পৰা দশমীলৈকে ভক্তগণে মাংগলিক ধব্বনীয়ে আকাশ-বতাহ মুখৰিত কৰি আইৰ চৰণত পূজা-অৰ্চনা কৰে। শাৰদীয় বৰ্ণময় আৱেশে মনৰ কলুষতা আঁতৰাই হৃদয়ত পৱিত্ৰতাৰ ঢল বোৱাই দিয়ে।
শৰতৰ পূৰ্ণিমাত ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰে গোপীসকলক মতলীয়া কৰি তুলিছিল। ৰস আৰু আনন্দৰ এই পৰম প্ৰেমে আজিও মানুহৰ হৃদয়ত আলোড়ন তোলে। শৰতৰ বৰ্ণময় আৱেশত প্ৰিয়জনৰ সান্নিধ্য পাবলৈ ডেকা-গাভৰুৰ মন ব্যাকুল কৰি তোলে। শেৱালিৰ আমুলমুল গন্ধই ডেকা-গাভৰু মন উন্মনা কৰি তোলে। খাল, বিল, পুখুৰীৰ ভেট, পদুমৰ অলংকাৰ পিন্ধি সেউজ ধৰণী সাজি-কাচি ৰূপহীজনী হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আধ্যাত্মিক ভাবাৱেশেৰে শৰতৰ এখনি অনুপম ছবি আঁকিছিল, এনেদৰে ---
"শৰত কালৰ ৰাত্ৰি আতি বিতোপন।
ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন।।
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্বদিশ হন্তে।
কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে।।
অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।
কঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।
বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।"
বিনন্দীয়া শৰতে লৈ আনে মলয়াৰ সুৰভি। এই অপৰূপ সৌন্দৰ্যই সকলোৱে মনত খলকনি তোলে। শৰতৰ পূৰ্ণিমাৰ জোনাকত বিধৌত হয় গীতিকাৰৰ মন-প্ৰাণ। সেয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ কণ্ঠত শৰতে প্ৰাণ পাই উঠিছিল ---
"শাৰদী ৰাণী তোমৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন।"
শৰতে যেনেকৈ হিয়াই হিয়াই ৰং সিঁচি আনন্দ বোৱাই ঠিক সেইদৰে দিয়ে গভীৰ বেদনা। এই সময়তে ক্ষুৰ্ধাত, বন্যাৰ্ত আৰু গৰাখহনীয়াই জুৰুলা কৰা সকলৰ দুখে কোলাই-পাচিৰে নধৰা হয়। দুবেলা দুমুঠি খাবৰ বাবে হাহাকাৰ কৰিব লগা হয়। তথাপি দুখ, দুৰ্দশা, হতাশা-নিৰাশাত পিষ্ট মানুহবোৰক জীৱনটোক ন দৃষ্টিৰে চাবলৈ শৰতে উদ্গনি দিয়ে। প্ৰকৃতিৰ এক অনিৰ্বচনীয় ৰূপৰ আকৰ শৰৎ। শৰতৰ শুভ্ৰ মেঘপুঞ্জলৈ চালেই হৃদয়ত অনুৰণিত হয় জন কীটছৰ কবিতা 'Ode to Autumn 'ৰ কালজয়ী পংক্তিলৈ --
"Season of mists and mellow fruit fulness,
Close bosom friend of the maturing sun;
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° °°°°°°°°°°°°°°°°°
who hath not seen thee of amid thy store?
°°°°°°′°°°°°°°°°°°°°°°°°°°°°°° °°°°°°°°°°°°°°°°°°'
সময় নিৰৱধি। নিজস্ব গতিৰে ধাৱমান। সাম্প্ৰতিক সময় দুৰ্বিসহ, অশান্ত। সময়ে যেন শৰতৰ শুভ্ৰ মাদকতা লাহে লাহে ম্লান কৰি পেলাইছে। এতিয়া নাই সেই সপোন, নাই সেই মাদকতা। তাৰ পৰিৱৰ্তে এতিয়া বিৰাজ কৰিছে মাথোঁঁ উৎকণ্ঠা। বিজুলী বাতিৰ চিক্ মিকনিত নাপাওঁ সেই,মাটি-চাকি পোহৰৰ মৃদু উজ্জ্বলতা। ভক্তিৰ ঠাইত মাথোঁঁ জাকজমকতা আৰু উচ্ছৃঙ্খলতা। সেয়ে শৰত আহিলেই মনলৈ আহে অনিশ্চয়তা। তাৰ মাজতো দুৰ্গতিনাশিনীৰ ওচৰত সকলোৱে কুশল কামনাৰে শৰতৰ শুভেচ্ছা যাচিলো - যাতে অশান্ত জৰ্জৰ পৰিৱেশৰ অৱসান ঘটাই সকলোকে দি যাওক প্ৰশান্তিৰ শীতল পৰশ।