Type Here to Get Search Results !

চন্দ্ৰযান -৩ৰ সফল অভিযানৰ আঁৰত অসমীয়া বিজ্ঞানীৰ অৱদান

 নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা


ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ( ISRO) ভাৰতীয় বিজ্ঞানী সকলৰ দীৰ্ঘদিনীয়া অপৰিসীম কষ্ট, ধৈৰ্য, সাহস,ত্যাগ আৰু কৃচ্ছ সাধনাৰ বলত ২০০৮ চনত চন্দ্ৰত অৱতৰণ কৰা চন্দ্ৰযান -১ ৰ সফলতাৰ পাছত ২০১৯ চনত মাত্ৰ কেই চেকেণ্ডৰ বাবেই চন্দ্ৰযান -২ৰ বিফলতাৰ পাছতেই বিজ্ঞানী সকলে অতি দক্ষতাৰে চন্দ্ৰযান -৩ক ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ মিনিটত চন্দ্ৰ-পৃষ্ঠৰ আটাইতকৈ দুৰ্বোধ্য অন্ধকাৰ-চ্ছন্ন দক্ষিণ মেৰুত অৱতৰণ কৰাই পৃথিৱীৰ বুকুত এক বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঐতিহাসিক বিৰল ঘটনা মহাকাশ অভিযানৰ ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে অংকিত হৈ থাকিব । এতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলে সূৰ্য- পৃষ্ঠতো অৱতৰণ কৰাৰ কৰ্মসূচী হাতত  লৈছে।
যিকি নহওক, চন্দ্ৰযান -২ আৰু চন্দ্ৰযান -৩ৰ সফল অভিযানৰ আঁৰত সাত গৰাকী অসমীয়া বিজ্ঞানীয়ো ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল। এতিয়া আমি অসমীয়া বিজ্ঞানীসকলৰ বিষয়ে সংক্ষিপ্ত ভাবে লিখিবলৈ প্ৰয়াস কৰিম।
এই অসমীয়া বিজ্ঞানীসকল হ'ল ক্ৰমান্বয়ে উত্তৰ লখিমপুৰৰ চয়ন দত্ত, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা , নামৰূপৰ বিদ্যুৎ বিকাশ গগৈ, নগাঁৱৰ নাজনিন ইয়াছমিন, শিলচৰৰ য়েন্দ্ৰেম্বম বিশাল সিংহ, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, পংকজ নাথ আৰু হাইলাকান্দিৰ ডঃ বাহাৰুল ইছলাম বৰভূঞা। উত্তৰ লখিমপুৰৰ চয়ন দত্তৰ পিতৃৰ ৰঞ্জিত কুমাৰ দত্ত। তেওঁ  তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ আৰু যোগাযোগ বিভাগৰ অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰি এগৰাকী বিজ্ঞানী/ অভিযন্তা হিচাপে ইউ আৰ ৰাও ছেটেলাইট চেন্টাৰ, মহাকাশ বিভাগত (U R Rao Satellite Centre, Department of Space) অনবৰ্ড কমাণ্ড টেলিমেট্ৰি ডাটা হেণ্ডলিং এন্ড ষ্টৰেজ ছিষ্টেমৰ ( Onboard Comand Telemetry Data handling & Storage System)  সংক্ষেপে OBDH লগত জড়িত হৈ আছে। ইয়াৰ জৰিয়তে বিভিন্ন ইলেকট্ৰনিকছৰ এককৰ মাজত থকা বিভিন্ন তথ্যসমূহ বহন কৰা আৰু জমা কৰা পদ্ধতি প্ৰয়োগ কৰা হয়। 
এই গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰকল্প উপ সঞ্চালক  ( Project Deputy Director) নিয়োজিত হৈ বিজ্ঞানী চয়ন দত্তই সকলো দায়িত্ব সুকলমে পালন কৰি আহিছে। চয়ন দত্তই ছাত্ৰ অৱস্থাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন প্ৰকল্পৰ গৱেষণাৰ জৰিয়তে ভাৰত ইলেকট্ৰনিক লিমিটেডৰ বিভিন্ন কামত জড়িত আছিল আৰু ভাৰতৰ বৃহৎ যুদ্ধৰ জাহাজখনৰ এটি ডিভাইছ আৱিষ্কাৰ কৰি সুনাম আৰ্জিছিল। অসমীয়া বিজ্ঞানী চয়ন দত্তই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ লগত মহাকাশ যান ( চন্দ্ৰযান ২ আৰু চন্দ্ৰযান -৩ৰ) উৎক্ষেপণৰ নিয়ন্ত্ৰণ অভিযান পৰিচালনাৰ  মিছনৰ সৈতে জড়িত হৈ চন্দ্ৰযান -৩ৰ সফল অৱতৰণ কৰিবলৈ সক্ষম হ'ল। 
 তিনিচুকীয়াৰ বোৱাৰী বিজ্ঞানী নিধি শৰ্মাৰ শহুৰেক আছিল দীপক দেৱ। নিধি শৰ্মাই Indian Institution of Space Science and Technology ৰ পৰা মহাকাশ অভিযন্তা হিচাপে বি টেক আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এম টেক ডিগ্ৰী লাভ কৰি বাঙ্গালোৰৰ ইউ আৰ ৰাও ছেটেলাইট ছেন্টাৰ, মহাকাশ বিভাগত কৰ্মৰত আছিল। এই অনুষ্ঠানত জড়িত হৈ বিজ্ঞানী নিধি শৰ্মাই মহাকাশ যানৰ পেবেণ্ড পদ্ধতিৰে  প্ৰাথমিক ভাবে তাপ নিয়ন্ত্ৰণ ব্যবস্থাপনাৰ বিষয়ে বিতংকৈ বিশ্লেষণ কৰাৰ দায়িত্ব পালন কৰিছিল।
মহাকাশ যানৰ বিজ্ঞানী/ অভিযন্তা হিচাপে বিজ্ঞানী নিধি শৰ্মাৰ আছিল সুদীৰ্ঘ আঠ বছৰৰ পূৰঠ অভিজ্ঞতা। তেওঁ মহাকাশ যানৰ নক্সা প্ৰস্তুত কৰা, নক্সাক বিকাশ আৰু একত্ৰিত কৰণ কৰণৰ মাজেৰে পৰীক্ষা-নিৰীক্ষা চলাই যোৱাত সিদ্ধহস্ত আছিল। চন্দ্ৰযান -৩ৰ সফল অভিযানৰ সময়ত    পাঁচ মহীয়া অন্তঃসত্বা বিজ্ঞানী নিধি শৰ্মাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয় শ্ৰী হৰিকোটাৰ সতীশ ধাৱান অন্তৰীক্ষ কেন্দ্ৰত সম্পূৰ্ণ দায়িত্ব পালন কৰিছিল।
বিজ্ঞানী বিদ্যুৎ বিকাশ গগৈ আছিল গণিতৰ পি ইইচ ডি আৰু মেকানিকেল অভিযন্তা।তেওঁ আই আৰ এন এছ এছ (IRNSS)  বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। এই বিভাগটো হ'ল বৰ্জ্য ব্যৱস্থাপনা/ কৃত্ৰিম উপগ্ৰহৰ বৰ্জ্য ব্যৱস্থাপনাৰ জৰিয়তে মহাকাশৰ পৰিৱেশৰ ওপৰত বিভিন্ন কাৰণত হোৱা বিস্ফোৰণ আৰু সংঘৰ্ষৰ জৰিয়তে সৃষ্টি হোৱা বৰ্জ্য ব্যৱস্থাপনাৰ সচেতনতা বৃদ্ধি কৰি ইয়াক সমাধান কৰাৰ চেষ্টা অব্যাহত ৰখা গধুৰ দায়িত্ব বিজ্ঞানী বিদ্যুৎ বিকাশ গগৈয়ে পালন কৰিছিল ।
নগাঁও জিলাৰ জুৰিয়াৰ নিবাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা, আৰু অভয়াপুৰীৰ বোৱাৰী  বিজ্ঞানী নাজনিন ইয়াছমিনে গুৱাহাটীৰ নিটচ মিৰ্জা কলেজৰ পৰা ২০১৩ চনত ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন বি টেক,২০১৬ চনত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ ডিজাইন এন্ড টেকনল'জি ত এম টেক ডিগ্ৰী লাভ কৰিছিল।
সৰুৰে পৰা নাজনিন ইয়াছমিনে কল্পনা চাওলা আৰু আধুনিক ক্ষেপণাস্ত্ৰ বিজ্ঞানী এ পি জে আব্দুল কালামৰ জীৱনী পঢ়ি একেবাৰে ভিতৰুৱা গাঁৱৰ ছোৱালী হৈয়ো বিজ্ঞানী হোৱাৰ সপোন দেখিছিল। এই সপোন সাৰোগত কৰিবলৈ ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিচাৰ্ছ ফেলোশ্বিপ লাভ কৰে। আৰু ইছৰোৰ দ্বাৰা অনুষ্ঠিত Centralised Recruitment Board পৰীক্ষাতো উত্তীৰ্ণ হৈ  ২০২০ চনত নাজনিন ইয়াছমিনে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰধান কাৰ্যালযত যোগ দান কৰে। এই কাৰ্যালয়ত তেওঁ উৎক্ষেপণ (Launching) বিভাগৰ ৰাডাৰ ট্ৰেকিঙৰ দায়িত্ব পালন কৰে। তড়িৎ -চুম্বকীয় যুক্ত ৰাডাৰৰ জৰিয়তে মহাকাশ যানৰ অৱস্থিতি, দূৰত্ব,সময় ইত্যাদি নিৰ্ধাৰণ কৰা হয়। সংসাৰৰ গধুৰ দায়িত্ব আৰু পাঁচ মহীয়া সন্তান লালন পালন কৰাৰ মাজেৰে বিজ্ঞানী নাজনিন ইয়াছমিনে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰদান কৰা দায়িত্ব সুকলমে পালন কৰিছিল।
জামুগুৰিহাটৰ জুনিয়ৰ বিজ্ঞানী উদ্দীপনা কলিতায়ো মহাকাশচাৰী কল্পনা চাওলাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁৰ পিতৃ সুৰেন কলিতা টি এইচ বি মহাবিদ্যালয়ৰ লাইব্ৰেৰীয়ান । উদ্দীপনা কলিতাই তেজপুৰৰ কে ভি নম্বৰ ২ এয়াৰফোৰ্চ ষ্টেচনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ২০১২ চনত AMITY বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ আৰু যোগাযোগ বিভাগত এম টেক ডিগ্ৰী লাভ কৰিছিল।
ইয়াৰ পিছত বিজ্ঞানী উদ্দীপনা কলিতাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভাৰতীয় বিজ্ঞানীসকলৰ লগত সদস্য হিচাপে যুক্ত হৈ জোনবাইৰ দেশত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ অভিযানৰ অংশীদাৰত্ব লাভ কৰে।
৪৫ বছৰীয়া হাইলাকান্দিৰ বিজ্ঞানী ডঃ বাহাৰুল ইছলাম বৰভূঞাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰি ২০০৯ চনত ২০০৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰধান কাৰ্যালযত নিযুক্তি -পত্ৰ লাভ কৰিছিল। তেওঁৰ পিতৃ আৰু মাতৃ শিক্ষক হোৱাৰ বাবে তেওঁ তেওঁলোকৰ পৰা সদায় অনুপ্ৰেৰণা লাভ কৰিছিল। ডঃ বাহাৰুল ইছলাম বৰভূঞাৰ দেউতাকৰ নাম আছিল  মইনুল হক বৰভূঞা আৰু মাকৰ নাম ৰেহানা বেগম। এই চন্দ্ৰযান -৩ৰ অভিযানত সম্পূৰ্ণ সফলতা লাভ কৰাৰ কিছুদিন আগতেই তেওঁৰ দেউতাক স্বৰ্গগামী  হৈছিল যদিও বৃদ্ধ মাকে সন্তানৰ এই কৃতিত্বত বহুত আনন্দিত হৈছে।আজি সমগ্ৰ হাইলাকান্দি জিলা তথা অসম  তেওঁৰ বাবে গৌৰৱান্বিত।
শিলচৰৰ বিজ্ঞানী য়েন্দ্ৰেম্বম বিশাল সিংহৰ পিতৃৰ নাম খাম্বাটান সিংহ, অৱসৰপ্ৰাপ্ত লেণ্ড কনজাৰভেচন বিভাগৰ ডিভিছনাল বিষয়া ।
বিশাল সিংহই গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ স্কুলত পঢ়িছিল। তাৰ পিছত গুৱাহাটৰ আই আই টি ভৰ্তি হৈ ২০১৫ চনত মেকানিকেল অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰে। আৰু মাত্ৰ ২৭ বছৰ বয়সত বিজ্ঞানী বিশাল সিংহই  ২০১৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ থাৰ্মেল কনট্ৰল  ( তাপ নিয়ন্ত্ৰণ ব্যবস্থাৰ বিভাগ, বাঙ্গালোৰত যোগদান কৰি সকলো দায়িত্ব অতি সুন্দৰকৈ পালন কৰিছিল।
ইয়াৰ উপৰিও বিজ্ঞানী কুশল নাথো চন্দ্ৰযান -৩ৰ সফল অভিযানৰ আঁৰত আছিল।
চন্দ্ৰযান -৩ৰ অভিযানত অংশগ্ৰহণ কৰা এই অসমীয়া বিজ্ঞানীসকলৰ বাবে গোটেই অসমবাসীয়ে চিৰদিন মূৰ উৰ্ধত তুলি গৌৰৱ অনুভৱ কৰিব।