Type Here to Get Search Results !

বৰ্তমান

 বিদ্যাজ্যোতি গগৈ


শৰৎৰ শেৱালীৰ গন্ধে সুবাস বিলায়
প্ৰফুল্লিত হয় মন 
সমবেত আজি প্ৰতি গাৱে গাৱে, গোসাঁইৰ ঘৰে ঘৰে । 
খোল তাল নেগেৰাৰ সুৰত হৰিনাৰায়নৰ অমৃত বৰষে । 
সুৰত লালকাল ধৰণী , 
শতভিষাই প্ৰাণ পাই সেউজী , 

নেৰানেপেৰা বৃষ্টিত সেউজ
শস্য ধ্বংসৰ পাতনি মেলিছে । 
প্লাবিত হয় পথাৰ 
কৃষকৰ চকুত চকুপানী,
অন্তৰৰ কৰুণ 
অনুভুতিয়ে হৃদয়ে  হৃদয়ক নুবুজাৰ দৰে , প্ৰবল বৃষ্টিয়ে 
সময় বিপন্ন কৰি নিৰব 
আত্ময়তা নিশাৰ নিস্তধ্বতাক 
গভীৰ পৰা গভীৰ কৰি তুলিছে ।