আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া
কাব্য সংকলন খনৰ শিৰোনামেই সহজে পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব । কাব্যিক অনুভূতিয়ে মনত দোলা দি যোৱা কাব্য সংকলন খন সমলয় ই আলোচনীৰ সম্পাদক শ্ৰদ্ধাৰ অৰুণ দেৱৰ পৰা পায়েই বৰ আগ্ৰহেৰে পঢ়িলোঁ । ভাল লাগিল দীপালী ৰাজকুমাৰী বাইদেউৰ কাব্য সংকলনৰ ভিতৰ ভাগ অধ্যয়ন কৰি । সেয়েহে কাব্য সংকলনত কি পালোঁ তাকে দুশাৰীমান লিখাৰ প্ৰয়াস কৰিছোঁ । সমালোচক হিচাপে নহয়, কেৱল চমু আলোকপাত ।
কাব্য সংকলন " বাস্তৱ, বতাহৰ চিঠি আৰু আলসুৱা মন"
কবি দীপালী ৰাজকুমাৰী বাইদেউৰ প্ৰথম খন কাব্য সংকলন । কাব্য সংকলন খন প্ৰকাশ কৰি উলিয়াইছে ৰহমান প্ৰিন্টিং প্ৰেছ, শিমলুগুৰিৰ পৰা । প্ৰথম প্ৰকাশ ২০২২চনৰ ১৭ ডিচেম্বৰত । এখন আটকধুনীয়া আৰু অৰ্থ পূৰ্ণ বেটুপাত কাব্য সংকলন খনৰ । কাব্য সংকলন খন তেখেতৰ স্বৰ্গীয়া মাতৃ প্ৰভাৱতী ৰাজকুঁৱৰীৰ চৰণ কমলত উৎসৰ্গা কৰিছে । কাব্য সংকলন খনৰ "আগলি কলা পাত" সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ দেৱে তেখেতৰ সাৰুৱা তথা তত্বগধুৰ লেখনিৰে কাব্যসংকলন খনৰ সমৃদ্ধি বৃদ্ধি কৰিছে । লগতে কবি তথা লেখিকা শ্ৰদ্ধাৰ কাবেৰী কছাৰী ৰাজকুমাৰী বাইদেউৰ শুভেচ্ছামুলক লিখনিয়ে কাব্য সংকলনত সোণত সুৱগা চৰাইছে ।
এইবাৰ আহোঁ কবি দীপালী বাইদেউৰ কাব্য সংকলন খনৰ ভিতৰ চ'ৰালৈ । আহকচোন কবি বাইদেউৰ মনত
উকমুকাই থকা অনুভৱৰ বুৰবুৰণিবোৰৰ মাজত অলপ সময় নিমগ্ন হওঁ । চল্লিশটা ভিন্ন স্বাদেৰে ভৰপূৰ কাব্য সংকলন খনৰ প্ৰতিটো কবিতাই পাঠকৰ মন চুব পৰাকৈ উপস্থাপন কৰিছে কাব্য সংকলন খনত । সহজ, সৰল শব্দৰফুলেৰে সজাই তুলিছে কাব্যমালা য'ত ভিন্ন অনুভূতিৰে অংকিত সুকীয়া সুকীয়া অৰ্থপূৰ্ণ চিত্ৰপট । য' ত নাই জটিল কাব্যিক ব্যঞ্জনা, যাৰ অৰ্থ বিচাৰি পাঠকে হাবাথুৰি খাব নালাগে । মনপুতি কবিতাবোৰ হৃদয়ংগম কৰিব পাৰিলেই মনচুই যোৱা প্ৰতিটো কবিতাই পাঠকৰ হৃদয় চুবলৈ সক্ষম হ'ব ।
কাব্য সংকলন খনৰ এটি সুন্দৰ কবিতা পাঠকৰ জ্ঞাতাৰ্থে তুলি দিছোঁ। কবিয়ে জীৱন বোধৰ ওপৰত কাব্যিক অনুভূতিৰে বিলাই দিব বিচাৰিছে জীৱন বাটত সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা, পোৱা নোপোৱাৰ হিচাপ । সময়ৰ সোঁতত উটি যায় মানৱৰ কৰ্মৰাজী । কৰ্মৰ মাজেৰে নিৰ্ণীত সময়ে জীৱনক যি যায় পোৱা, নোপোৱা, পাই হেৰুৱাৰ দুখ । কাৰণ সুখ, দুখ, পোৱা, নোপোৱা, হাঁহি, কান্দোন এইয়াই হৈছে জীৱন । এই যাত্ৰা সিমান মসৃণ নহয় , এই যাত্ৰা মাজে মাজে খলাবমা, মাজে মাজে পিছল , মাজে মাজে পোন আৰু মাজে মাজে বেঁকা । সেই বাবেই জীৱন যাত্ৰাত নানা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগীয়া হয় । কেতিয়াবা ভাবি থকা কথাবোৰ ভাবোতেই সময় পাৰ হয়, লিখো বোলা অনুভৱবোৰেও আধাতে নাইকিয়া হয় । অসম্পূৰ্ণ গীতৰ কলি, অসম্পূৰ্ণ মনৰ ভাৱৰ বুৰবুৰণিয়ে কবিৰ মনোজগতত জীৱনৰ যাত্ৰাকে আধৰুৱা কৰি তুলিছে। হ' লেও কবিয়ে জীৱনৰ ওচৰত হাৰ মনা নাই। কাব্যিক ছন্দেৰে ছন্দোবদ্ধ কৰিব বিচাৰিছে জীৱনৰ অপূৰ্ণ কৰ্ম ।
"জীৱনৰ ছন্দ বিচাৰি" কাব্য সংকলন খনৰ (পৃষ্ঠা নং ৩৩)
সন্নিৱিষ্ট কবিতাত কবিয়ে মনৰ ভাৱ প্ৰকাশ কৰিছে এনেদৰে , " দিন যায় / ৰাতি আহে /পূৱাৰ সুৰুযে /বতৰা
লিখি যায় / কুসুমৰ পাহে পাহে / কওঁ বোলা কথাষাৰ /নহ'ল কোৱা /লিখো বোলা কবিতাটো / নহ'ল লিখা /আধাকোৱা হ'ল / মনৰ কথা /আধৰুৱা গীতটিৰ/ সুৰও আধৰুৱা / গল্পটিৰ পাতনিতে লাগিল কেনা / জীৱনটোৱেই দেখোন আধৰুৱা / সখী তোমাৰো কি একেই গতি / মোৰে স'তে মিলা / নহয় নহয়, তুমি যে/ এটি ছন্দোময় কবিতা /সময়ৰ তালে তালে লয়লাস তোলা।
সচাঁকৈয়ে, কবিৰ মনোভাৱৰ স'তে একাত্ম হৈ ক'ব বিচাৰোঁ, মানুহে কল্পনাৰ সাগৰত সাতুৰি নাদুৰি বহুত কিবা কিবি কৰিব বিচাৰে কিন্তু ভাবি থকা কামবোৰ সময়ৰ কোবাল গতিত সম্পূৰ্ণ হৈ নুঠে । অসম্পূৰ্ণ হৈ ৰয় কিছুমান কাম । জীৱন বাটত আগুৱাই গৈয়ো থমকি ৰ'ব লগা হয় । সেইয়া হ'লেও আকাংক্ষিত মনে কাব্যিক ছন্দেৰে ছন্দোবদ্ধ কৰিব বিচাৰে জীৱনৰ ছন্দ । তাতেই হয়তো জীৱনৰ সাৰ্থকতা ।
কাব্য সংকলন খনৰ আৰু এটি হৃদয় চুই যোৱা কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ "( পৃষ্ঠা নং ২৪, শৰৎ আকৌ আহিল")। য'ত কবিয়ে হৃদয়স্পৰ্শী অনুভৱে জীপাল কৰি তুলিছে অনন্য মাত্ৰা প্ৰদান কৰা কাব্যিক চিত্ৰপটত । ঋতু আহে, ঋতু যায় প্ৰকৃতিৰ বুকুলৈ । প্ৰতিটো ঋতুৱে মানুহক দিয়ে প্ৰকৃতিৰ ভিন্ন ৰূপৰ লগতে সুখ দুখ, হাঁহি কান্দোন ।
যদিও শৰৎ সকলোৰে প্ৰিয় ঋতু তথাপি শৰতে সকলো সময়তে সকলোৰে জীৱনৰ বাবে সুখৰ কাৰক নহবও পাৰে । কবিয়ে সজাই তোলা অনুভৱৰ চিত্ৰপটত অংকণ কৰিছে আপোন জনৰ বিয়োগ । যাক তেওঁ হৃদয়ৰ সেউজীয়া প্ৰেমেৰে আৱৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিও শৰতৰ সুনিৰ্মল আকাশৰ তলতে শেৱালিৰ সুবাসতে এৰি দিব লগা হ'ল নিয়তিৰ বুকুত । সচাঁকৈয়ে মৰ্মান্তিক, হৃদয় বিদাৰক কবিৰ অনুভৱ । বিৰহৰ বেদনাত চুৰমাৰ হোৱা হৃদয়খন শৰতৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপে চুব নোৱাৰে। সকলোৱে বিশ্বাস কৰে, আত্মা অবিনশ্বৰ । কিন্তু সেই আত্মাৰ ঠিকনা বিচাৰি পোৱাহেঁতেন , তেওঁ হয়তো গুছি যাব পাৰিলহেঁতেন সেই বাটেৰে, যি বাটেৰে শৰততে তেওঁৰ আপোনজন গুছি গৈছিল কাহানিও ঘূৰি নহাৰ বাটেৰে । শৰত আহিলেই কবিৰ হৃদয়ত সোঁৱৰণিৰ চাকনৈয়াই দোলা দিয়ে বিৰহৰ কণিকা হৈ । সোঁৱৰণিৰ পৃষ্ঠাত আঁকি থোৱা সুমধুৰ ক্ষণবোৰে আমনি দিয়ে প্ৰকৃতিৰ বুকুলৈ যেতিয়া শৰত আহে । এনেদৰেই বোলাই গৈছে কবিয়ে মনৰ দুখানুভূতি ।
"এনে এটি দিনতে / তুমি গুছি গৈছিলা/ কোনোদিন উভতি নহাৰ বাটেৰে / মোৰ প্ৰেমৰ সেউজীয়াখিনি / উবুৰিয়াই দিও /ৰাখিব নোৱাৰিলো/ তোমাক ধৰি / আজি মোৰ কলিজাটো / দুখৰ তেজত লুতুৰি পুতুৰি / প্ৰকৃতিৰ বিনন্দীয়াখিনিয়ে /কোমলাব নোৱাৰে /মোৰ মন / কোনোবা নোহোৱাৰ দুখেও চুব নোৱাৰে মোৰ হৃদয় / আচৰিত হওঁ / তুমিয়েতো দিছিলা প্ৰতিশ্ৰুতি/ চিৰদিন লগ দিম বুলি / অদেখা সেই পৃথিৱীখনত এনে কি আছে বাৰু /যাৰ বাবে এৰি যাব পাৰি / চেনেহ সবস্ব / আত্মা অমৰ বুলি কোৱা শুনিছো / মই যদি কেনেবাকৈ /জানিলোহেঁতেন /তুমি আছা ক'ৰবাত / দহোবন কাতি কৰি /গুছি গ'লোহেঁতেন /উভতি নহাকৈ ।
সচাঁকৈয়ে হৃদয়স্পৰ্শী কবিতাটোৱে বহু কথাই কৈ গ'ল । এই দৰেই দেখা যায় যে কাব্য সংকলন খনৰ কবিতাবোৰে যিকোনো পাঠকৰে মন চুবলৈ সক্ষম হ'ব ।
ভাল লাগিল দীপালী ৰাজকুমাৰী বাইদেউৰ কাব্য সংকলন খন হৃদয়ংগম কৰি। আশা কৰিম অদূৰ ভৱিষ্যতেও বাইদেউৰ কাপেৰে নিগৰি আহক নিত্য নতুন সৃষ্টি ।
শেষত বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ সামৰণি মাৰিলোঁ ।