Type Here to Get Search Results !

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ


 নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা

অসমীয়া ভাষাত বহুতে চন্দ্ৰবিন্দুৰ সঠিক প্ৰয়োগ কৰিব নজনাৰ ফলত শব্দৰ অৰ্থৰ তাৰতম্য বা অৰ্থৰ বিভ্ৰাট হোৱা দেখা যায়।শব্দৰ  বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ ইফাল সিফাল হোৱাৰ বাবে অৰ্থৰ তাৰতম্য কেনেকৈ তলত উদাহৰণৰ সৈতে দেখুওৱা হ'ল।
গাওঁ ( গীত পৰিৱেশন কৰা
 গাঁও ( মানুহে বসবাস কৰা ঠাই )
কাঁহ ( ধাতু বিশেষ)
কাহ ( বেমাৰ)
অনুনাসিক শব্দ বা নাকেৰে উচ্চাৰণ কৰা শব্দৰ প্ৰথম বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে।
হাঁহ, হাঁহি,  বাঁহী, কাঁহ, ছাঁ, ভঁগা, পঁজা, বাঁহ, অঁকৰা, অঁকা, চেঁচা, কেঁচা,আঁকৰী,,আঁচ,  গাঁৱলীয়া, ইত্যাদি।           নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত শব্দৰ শেষৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে ।
যেনে :- মই খাওঁ, মই গাওঁ, মই যাওঁ, মই কৰোঁ, মই ধৰোঁ, মই নাচোঁ,   মই কওঁ , মই ৰওঁ,  
স্বৰূপ বৰ্তমান কালৰ  প্ৰথম পুৰুষতো শব্দৰ শেষৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে ।
মই কৰিছোঁ, মই গাইছোঁ, মই গৈছোঁ, মই খাইছোঁ, মই ধৰিছোঁ ইত্যাদি 
স্বৰূপ ভূত কালত প্ৰথম পুৰুষতো শব্দৰ শেষৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে।
যেনে :- মই কৰিলোঁ, মই খালোঁ, মই গালোঁ 
ইত্যাদি
অপূৰ্ণ ভূত কালতো প্ৰথম পুৰুষত শব্দৰ শেষৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে।
মই কৰিছিলোঁ, মই মাৰিছিলোঁ, মই গৈছিলোঁ, মই খাইছিলোঁ ইত্যাদি।
সম্ভাব্য ভূত কালতো হেঁতেন শব্দৰ প্ৰথম বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে।
যেনে :- মই পঢ়িলোঁহেঁতেন, মই গলোঁহেঁতেন, মই খালোঁহেঁতেন, মই খেলিলোঁহেঁতেন ইত্যাদি।

তৃতীয় পুৰুষত  মানুহৰ নামৰ সলনি সৰ্বনাম শব্দৰ শেষৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে
যেনে তেওঁ , তেওঁলোকৰ, তেওঁলোকে , এওঁলোকে,এওঁ 
তৃতীয় পুৰুষ সি বা ই  ৰ লগত বহুবচন হতঁ যোগ হৈ হতঁ শব্দৰ দ্বিতীয় বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু বহে।
সিহঁত , সিহঁতৰ, সিহঁতক
ইহঁতৰ, ইহঁত  , এওঁলোকৰ, এওঁলোকে 
দ্বিতীয় পুৰুষৰ সৰ্বনাম পদৰ বহুবচনত তই ৰ বহুবচনত হঁত যোগ হয়। তহঁত তহঁতে, ইত্যাদি। 
কিছুমান তৎসম শব্দ তদ্ভৱলৈ সৰলীকৰণ কৰোঁতে শব্দৰ ওপৰত চন্দ্ৰবিন্দু বহে
যেনে :- পঞ্চম শব্দৰ পৰা পাঁচ
             হংস শব্দৰ পৰা হাঁহ
              হাস্য শব্দৰ পৰা হাঁহি
       কুমাৰ শব্দৰ পৰা কোঁৱৰ
          গ্ৰাম্য  শব্দৰ পৰা গাঁও 
    গৰ্ত শব্দৰ পৰা গাঁত ইত্যাদি

 মৃতজনৰ নামৰ আগত স্বৰ্গীয় শব্দৰ ঠাইত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়।
মোৰ পিতৃ ঁ ৰমেশ চন্দ্ৰ চৌধুৰী 
মাতৃ ঁ প্ৰমিলা চৌধুৰী
খ্যাতনামা সত্ৰৰ নামৰ আগত ঈশ্বৰ সূচক চন্দ্ৰবিন্দু বহে।
ঁ কমলা বাৰী সত্ৰ
    ঁ বৰসত্ৰ
     ঁ হাতীসত্ৰ 
 আহোম ৰজা স্বৰ্গদেউ সকলক বুজাবলৈ নামৰ আগত চন্দ্ৰবিন্দু বহে
যেনে-বৰফুকনে  ঁ ক জনালেগৈ।
ঈশ্বৰক বুজাবলৈও দুটা বা তিনিটা পৰ্যন্ত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হৈছিল।
যেনে :- তোমাৰ নামঘৰত থাপিত মূৰ্তিৰ   ঁঁ  ঁ ঁ ভোগ নৈবেদ্য পূজা-অৰ্চনা শ্ৰী শ্ৰী ঁ ঁ আশীৰ্বাদ কৰি কুশল চিন্তি থাকিবৰ নিমিত্তে । " ইয়াত তিনিটা চন্দ্ৰবিন্দু ঈশ্বৰক আৰু দুটা চন্দ্ৰবিন্দু স্বৰ্গদেউক বুজাইছে।
সংক্ষেপে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে আলোকপাত কৰা হ'ল।