অৰুণা চেতিয়া খাটনিয়াৰ
খং নামৰ আবেগক কেতিয়াও ভাল বুলি ক'ব নোৱাৰি।ই কেতিয়াবা মানুহৰ হিতাহিত জ্ঞান হেৰুৱাই বিপথে পৰিচালিত কৰিব পাৰে।খং উঠা মানেই এটা বেয়া অভ্যাস,ৰুক্ষ চিন্তা।খঙে কোনো মানুহকে সুস্থিৰ ভাৱে কাম কৰিবলৈ বা ভাবিবলৈ সুবিধা নিদিয়ে। সেয়েহে চাগৈ কোৱা হয়-" খং মানেই চণ্ডাল।" বিচাৰ বিবেচনা নোহোৱা হোৱা এটা পৰ্যায়।
খং উঠা বেয়া বুলি জানিও দেখোন ইয়াৰ সন্মুখীন হওঁ কেতিয়াবা। অৱশ্যে আনক দোষী সাব্যস্ত কৰিবলৈ বা অসুবিধাত পেলাবলৈ নহয়। কাম-কাজ বোৰ সময়মতে সম্পাদন কৰিব নোৱাৰিলে নিজৰ ভিতৰতে হঠাতে এনে হয় কেতিয়াবা।
পুৱাতে দিনটোৰ বাবে কামৰ পৰিকল্পনা কৰি লোৱা হয় -, কোনটো কাম কেতিয়া কৰি শেষ কৰিব পাৰিলে সময়ে জোৰা মৰিব। সেই মতে কৰি যাওতেও কোনোবা এটা কামৰ সময়টো পিছৰ কামৰ সময়টো লৈ গুচি যায়,কেনা লাগি যায় তেতিয়াই। মনটো নিজৰ ভিতৰতে গুজৰি গুমৰি উঠে,কিয় হয় এনেকুৱা ---? কৰিয়ে আছোঁ দেখোঁ ।
আকৌ ভাৱ হয়, মনটো হে খৰ,শৰীৰটোৱে চাগৈ মনৰ খোৰাক যোগাব পৰাকৈ কৰি যাব পৰা নাই।তাতে আক' সময় মিলাই অভ্যাস বসতঃ লিখি উলিওৱা লেখাটোৰ ৰাফ্ কপিটোৰ পৰা যেনে তেনে কপি এটা কৰি, পঠাই দিয়া হ'ল কাকত এখনলৈ। সময়মতে নোলোৱা যেন লাগিলে মহা বিপদত পৰো কেতিয়াবা। কিয়নো , সেই কপিটো প্ৰকাশৰ বাবে লৰা লৰিকৈ দি পঠোৱাৰ পাছত অন্য কাকতলৈ পঠাবলৈ হ'লেও পুনৰ ৰাফ্ কপিটোৰ পৰা বিচাৰি বিচাৰি লিখিব লাগিব।যিটো ইমান সহজ কথাও হৈ নাথাকে।
কাৰণ,প্ৰথম কপিটো কৰিবলৈ তাৎক্ষণিক সকলো কথাই মনস্থ থাকে।পিছত গ'ল বুলিলেই গ'ল। নিশ্চয় বুজি পাইছে?
কিয় বাৰু মন বেয়া নহ'ব,কিহে পাইছিল মোক ভালদৰে কৰি উলিওৱা কপিটোৰ পৰা এটা কপি হাতত নৰখাকৈ কুৰীয়াৰত পঠাই দিবলৈ?
এনেকুৱা ভুলবোৰ কৰিলে মানসিক কষ্ট দুগুণ বাঢ়ি যায়।
সেয়েহে খং এৰাই চলিব পৰা অভ্যাস গঢ়ি তুলিলে সকলোৰে বাবে ভাল।
আজিকালি ডিজিটেল কাৰীকৰি দিশত অনভিজ্ঞতাৰ অসুবিধা খিনি উপলদ্ধি কৰিলোঁ। সেয়েহে নিজৰ কৰিম বুলি ভবা অত্যাৱশ্যকীয় কামৰ বাবে অভিজ্ঞ কনিষ্ঠ সকলৰ পৰাই পাঠ আয়ত্ত্ব কৰিবলৈ ল'লো ।
এইদৰে অভিজ্ঞ কণিষ্ঠ সকলৰ পৰাই ম'বাইল ফোনৰ অত্যাৱশ্যকীয় বুলি ভবা কাম বিলাক শিকিবলৈ ধৰিলো।হোৱাট্ ছ এপত মেচেজ বিনিময় কৰা, মেইলত লিখা পঠিওৱা, ফেচবুকত লিখিবলৈ শিকা,ফ্ৰেণ্ড ৰিকুৱেষ্ট বিলাক ভাল লগা জনৰ হ'লে কেনেকৈ গ্ৰহণ কৰিব লাগে সেই সকলো শিকা হয়।
মনলৈ ভাৱ আহিছে, আমি যে এইবোৰ এতিয়া কৰিব পাৰিছো,বাঃ ? সময়ৰ অগ্ৰগতিত নিজকে বহুত জনাৰ দৰেও লগা হৈছে। ৰূপান্তৰে আনি দিয়া ধুনীয়া জগত খনত প্ৰবেশ কৰি কেতিয়াবা আশ্বৰ্য হোৱাৰ লগতে গৌৰৱবোধো নকৰা নহয়।
তৎস্বত্বেও নিজৰ প্ৰয়োজন বুলি নভবা বহুবোৰ কথা এতিয়াও শিকা হোৱা নাই। য'ত যেতিয়া যিটোৰ প্ৰয়োজন হয়, তেতিয়াহে শিকাৰ মন এটা লৈ আগবাঢ়ি যোৱা হৈছে।
এইখিনি সময়তে কাষতে থকা এগৰাকী বাইদেউৰ কথা মনলৈ আহিছে।
আচলতে ৰূপা বাইদেউ এগৰাকী যথেষ্ট কৰ্মী মানুহ। নিজে কৰিবলগীয়া প্ৰতিটো কামকে দিনটোৰ আৰম্ভণিৰে পৰাই সময়মতে কৰি যায়। দিনটোৰ কামখিনি নিয়াৰিকৈ কৰি সম্পাদন হোৱাৰ পাছত সমাজৰ যিকোনো কাম কাজত সহযোগিতা ৰক্ষা কৰি চলিবলৈ অসুবিধা নহয় ,সময়ে জোৰা মৰে।সমাজৰ কামত আগবাঢ়ি যোৱা মানুহ হিচাপে ৰূপা বাইদেউৰ নাম আছে। ঘৰৰ আন মানুহবোৰৰ কামবোৰো তেনেদৰে সময় মতে হৈ উঠাতো তেওঁ আশা কৰে। দৈনন্দিন যাৰ যি কাম সময়মতে হৈ উঠিলে, সন্মুখত নতুন কাম বা আন কিবা সমস্যা আহি পৰিলেও চম্ভালিবলৈ সময় অথবা সুযোগ মিলে।
কথাবোৰতো একেবাৰে সঁচা, কিন্তু সকলো মানুহৰ কামৰ দায়িত্ববোধ জানো একে হয়? একেধৰণৰে বুজা পৰা নহয় বাবেই যত পয়মাল বোৰ হয়। যিবোৰ কাম কৰিবই লাগে , সেইবোৰ কাম উচিত সময়তে হৈ উঠিলে কাৰোৱে একো অসুবিধা নহয়। যিকোনো কাম কৰিম কৰিম বুলি পাছলৈ পেলাই থোৱা অভ্যাসক ভাল বুলি ক'ব নোৱাৰি। এনে ধৰণৰ এলাহক প্ৰশ্ৰয় দিলে কামৰ যোগেদি সময় ধৰি ৰখাৰ কথাটো সমূলঞ্চে নোহোৱা হ'ব। প্ৰতিটো কামেই পিছুৱাই যাওতে নিজৰ জীৱনৰ কামবোৰেই যেন খেলি মেলি হৈ যাব।
যিটো আচলতে হ'ব নালাগে।
----
আগলৈ-