সুৰভি বৰ পাত্ৰ গোহাঁই হাঁহচৰা কুজিবালি, শিৱসাগৰ
আজি কেইদিনমানৰ পৰা ঘৰৰ পোহনীয়া কুকুৰটোৱে য' তে ত'তে গাঁত খান্দি থকা দেখি কামকৰা ৰঘুৱে কুকুৰটোক দাবি ধমকি দিয়াই নহয়। মাজে মাজে কোবাইছেও ।
অমংগলীয়া সৱ ক'ৰবাৰ । মাৰি, মাৰি, মাৰি পেলাম গম পোৱা নাই । বাপেৰক চিনি পোৱা নাই । একে মাৰে সিপুৰী পাবিগৈ গম পোৱা নাই । বকি বকি ৰঘুৱে কুকুৰটো গেটৰ বাহিৰত খেদি থৈ আহিল ।
কিমান কৰিবাহে ? খেতিকে চাবানে বাৰীকে চাবা । মোৰ পিতাইৰ ভুলৰ বাবেই এই মৌজাদাৰৰ ঘৰত মাটি বাৰী বন্ধকত থৈও নিজেও আজীৱন গেবাৰি খাটিব লগা হৈছে । মুখৰ ভিতৰতে ভুৰ-ভুৰাই ৰঘুৱে কথাখিনি ক'লে । তাতে আকৌ মৌজাদাৰ দেউতা আৰু আইৰ কেঁকনি গেঁথনিবোৰ আছেই ।
হেৰৌ ৰঘু, এইফালে আহ । মোক চাহ এবাটি দে সোনকালে । বুঢ়াৰ চিঞৰ। বোলো, বেগতে আহ ।
গৈছোঁ, দেউতা। এইয়া চাহ দিছোঁ, খাই লওক ।
দে, দে সোনকালে । আয়েৰক গা ধুবলৈ কাপোৰ কানি দি আহগৈ যা । মালতীক সোনকালে ভাত ৰান্ধিবলৈ কবি ।
এনেতে ড্ৰয়িং ৰুমত ফোনটো বাৰে বাৰে ৰিং কৰিছে । ৰঘু দৌৰি গৈ ফোনটো ৰিচিভ কৰিলে।
হেল্লো' কোনে কৈছে ? সিফালৰ পৰা অচিনাকি কন্ঠ । মই দিল্লীৰ পৰা কৈছোঁ , মানে আপোনালোকৰ ঘৰলৈ গৈ আছোঁ । সন্ধিয়া সাত মান বজাত পাই যাম । যোৱা ৰাতি ঋতু এক্সিডেন্টত ঢুকাল । কি কৈছে ? কি হ' ল ঋতুৰ ?
ৰঘুৰ মূৰত যেন বিনামেঘে বজ্ৰপাত পৰিল ।
হয়, এইখন ঘৰতে ৰঘুৱে আজিৰপৰা চল্লিছ বছৰমানৰ আগৰে পৰা গেবাৰি খাটি আছে, কেৱল নিজৰ ল'ৰাদুটা
মানুহ কৰিবলৈ আৰু দেউতাকৰ পৈত্ৰিক সম্পত্তি খিনি বন্ধকৰ পৰা মোকোলাই আনিবলৈ। কিমান যে কষ্ট কৰিছে সীমা সংখ্যা নাই । দিনৰাতি একাকাৰ কৰি হাড়ক মাটি কৰি তেজক পানী কৰি কাম কৰিছে নিজৰ দেহাটোলৈ ঘূৰি নোচোৱাকৈ । তেওঁ ল'ৰা জোন আৰু মুন নৱোদয় বিদ্যালয়ৰ পৰা হায়াৰচেকেণ্ডাৰী পাছ কৰি ঐতিহ্যমণ্ডিত কটন কলেজত বি. এছ. ছি পঢ়ি আছে । এটাই ৰসায়ন বিজ্ঞান আৰু এটাই পদাৰ্থ বিজ্ঞানত মেজৰ লৈছে। দুয়োটাই পঢ়াত ভাল । গতিকে সিহঁতক মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিলেই সি আৰু কষ্ট কৰিব নালাগে । সেইবাবেই ৰঘু আৰু তাৰ পত্নীয়ে দিনে নিশাই মৌজাদাৰৰ ঘৰত কাম কৰি আহিছে বছৰ বছৰ ধৰি।
মৌজাদাৰৰ আগৰ বল দম্ভ অহংকাৰ যেন টুটি আহিছে। আগৰ দৰে দাবি ধমকি দিবলৈ এৰিছে । আইৰ কথা সুকীয়া। সাদৰী তিৰোতা। সকলোৰে দুখ মৰম বুজি পায়। মৌজাদাৰৰ একমাত্ৰ ল'ৰা ইঞ্জিনিয়াৰ নিয়ৰ বৰুৱা। গুৱাহাটীৰ স্থায়ী বাসিন্দা । লগত পৰিবাৰ দুবৰি থাকে কাম কৰা দুটা মানুহ লৈ । অত্যন্ত মেধাৱী দুয়োটা ল'ৰা ছোৱালীয়ে দিল্লীত ইঞ্জিনিয়াৰিং পঢ়ি আছে। সকলো নিজক লৈ ব্যস্ত । গাঁৱৰ ঘৰ বাৰী চাবলৈ কাৰো আহৰি নাই। আনকি বৃদ্ধ পিতৃ মাতৃকো । দেউতাকে দুখীয়া নিছলা মানুহক ঠগি ঠগি গোটাই লোৱা সা-সম্পত্তি বোৰ ৰক্ষণাবেক্ষণ দিবলৈও একমাত্ৰ লগুৱা ৰঘু আৰু তাৰ পত্নী মালতীৰ বাহিৰে কোনো নাই । বিয়া দিয়া জীয়েক হঁতৰো সময় নাই, মাক দেউতাকৰ খবৰ ল'বলৈ। নিজৰে সমস্যা বহুত। তথাপিও মৌজাদাৰ দেউতাই বৰপেৰাত মস্ত তলা এটা লগাই মাটিৰ কাগজ পত্ৰ বোৰ সামৰি থয় । ৰঘুৱে সদায়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছে, যাতে এদিন হ'লেও দেউতাই কাগজখিনি চমজাই দিব । কেৱল তাকে নহয় গাঁৱৰ বাকী মানুহকো ।
কেইবাবছৰ ধৰি নিয়ৰ ককাইদেউও ঘৰলৈ অহা নাই। বৰ ব্যস্ত হেনো আজি কালি। দুবৰি বৌয়ে মাহেকে পষেকে ফোন কৰি খা খবৰ লৈ থাকে । গাঁৱৰ বাপুৰাম দদাইদেউ ৰ পুতেক যদুও নিয়ৰ ককাইদেউ হতঁৰ ওচৰতে থাকে হেনো । তেওঁ ঘৰলৈ আহিলে দুই এটা খবৰ পাওঁ । দুবৰি বৌয়ে কিবা কিবি দি পঠায় আমালৈ । আজিকালি বোলে নিয়ৰ ককাইদেউ আৰু আগৰজন হৈ থকা নাই। টকাই মূৰত উঠিল বোলে । নতুন, নতুন গাড়ী, ফ্লেট। মুঠতে জয় জয় ময় ময় অৱস্থা । পিছে স্বাস্থ্যৰহে বিজুটি । আজি কালি আগৰ দৰে দকচি খাব নোৱাৰে হেনো । চুগাৰ, প্ৰেচাৰ বাদেই । পেটত হেনো অদ্ভূত বিষ এটা হৈ আছে । বৌয়ে ল'ৰা ছোৱালী কেইটালৈ টকা পইচা পঠাই সময়মতে । তাৰোপৰি ককাইদেউক বছেৰেকত দুই তিনি বাৰ দিল্লী, চেন্নাই, হায়দৰাবাদ আদিলৈ নিব ল'গা হৈছে ।
বৌৱে কিমান কষ্ট কৰিব ? সেইবাবেই দিল্লীত পঢ়ি থকা ছোৱালী জনীয়ে মাকলৈ খবৰ নিদিয়াকৈ ককায়েকৰ খবৰটো ঘৰলৈ দিয়াইছে । সেইকেইদিন গুৱাহাটীত মাক দেউতাক নাই। দেউতাকৰ চিকিৎসাৰ বাবে মাক দেউতাক হায়দৰাবাদৰ এখন উন্নত চিকিৎসালয়ত আছেগৈ । গতিকে ছোৱালীজনীয়ে বন্ধুবৰ্গৰ সহায়ত ককায়েকৰ মৃতদেহ পদুমনি গাঁৱলৈ লৈ আহিছে।
ৰঘুৱে অকস্মাতে পোৱা ফোনটোৰ কথা কাক ক'ব, কাক নক' ব , কিংকৰ্তব্যবিমূঢ় হৈ পৰিল । সি সৰ্বস্বান্ত হৈ
যি দিনাৰ পৰা সেই খন ঘৰলৈ আহিছিল তাৰ মানস পটত এটা এটাকৈ কথাবোৰ নাটকীয় দৃশ্যৰ দৰে ভাঁহি
আহিবলৈ ধৰিলে ।
আগফালে সুন্দৰ ফুলনি নন্দন কানন যেন । বাটৰুৱাই ৰৈ ৰৈ সুগন্ধি সুবাস লয় । যুৰীয়া মেটমৰা ভৰাঁল । সুৱাগমণি, মানিকীমাধুৰী জহা, হৰেক কিচিমৰ লাহি শালি ধানেৰে ভৰপুৰ । বাৰীৰ পিছফালে ডাঙৰ পুখুৰীত
মাছেৰে পৰিপূৰ্ণ হৈ আছিল সেই দিনবোৰত । সকলো ঠিকেই চলিছিল । ডেকা জীয়ৰীয়ে পৰিপূৰ্ণ ঘৰখন গাওঁ খনৰ ভিতৰতে জাকতজিলিকা । পিছে মৌজাদাৰৰ অহংকাৰ কিন্তু মানিবলগীয়া। মাটি বন্ধকত দিলেহে টকা ধাৰলৈ দিব। ন'হলে কথাই নাপাতে । আই কিন্তু মানিবলগীয়া তিৰোতা । কাকোৱে টান কথা নকয়। ঘৰৰ বনকৰা মানুহকো পুত্ৰ সম মৰম স্নেহ কৰে। সেইবাবেই ৰঘুহঁতে তেওঁলোকৰ ঘৰত ইমান দিনে কাম কৰি খাব পাৰিছে । মৌজাদাৰে নজনাকৈ ৰঘুৰ ল' ৰা-ছোৱালী দুটালৈও টকা পঠায় তেওঁ । এতিয়া আৰু সেই দিন নাই। বলীয়া বানত উটি যোৱা সম্পত্তিৰ দৰে হ' ল । দিনে দিনে ঘৰখনলৈ বেয়া খবৰ অহা হ'ল। কোনোবা দিনা জোঁৱায়েক ঢুকুৱাৰ খবৰ, কোনোবা দিনা জীয়েকৰ টান নৰিয়াৰ খবৰ । কোনোবা দিনা হালৰ গৰু মৰিলে, কোনোবা দিনা বাঁহনিত জুই লাগিলে । মুঠতে ভাল খবৰ নাই । কেতিয়াবা আকৌ অন্য কিবা । মুঠতে মৌজাটোৰ ভিতৰতে জাকতজিলিকা ঘৰখন জহি খহি যাবলৈ ধৰিছে । ৰঘূৱে ভাবি ভাবি এফালৰ পৰা মৰণা মৰাৰ দৰে কথাবোৰ মনত পেলাবলৈ যত্ন কৰিছে । মৌজাদাৰ দেউতাৰ মাততহে সি সম্বিত ঘুৰাই পালে ।
অ'ই ৰঘূ, চাচোন চা, কোন আহিছে , গেটৰ মুখত গাড়ীৰ হৰ্ণ বজোৱা শুনিছোঁ। বাপু আৰু বোৱাৰীহঁত আহিছে নেকি ? সিহঁতে কেইবাবছৰো অহা নাই নহয় ? যা গেট খন খুলি দে গৈ ।
অ' গৈছোঁ দেউতা । হে ভগৱান! কি কৰো এতিয়া । কাক কি ক'ম । সিহঁত পালেহিয়েই ।
হয়, গাড়ীৰ পৰা ককাইদেউ ছোৱালী ৰুণা দুজনমান ল'ৰাৰ স'তে নামি আহি ৰঘূক ক'লে ।
সকলো শেষ হৈ গ' ল খুৰা । দাদাই অত্যাধিক ড্ৰাগছ সেৱন কৰি অৱশেষত আমাক এৰি গুছি গৈছে । মা-দেউতালৈও খবৰ দিব পৰা নাই । দেউতাৰ হায়দৰাবাদৰ এখন হস্পিতালত লিভাৰ ট্ৰান্সপ্লেট কৰা হৈছে । দেউতাৰ অৱস্থা বেয়া। মায়ে সা-সম্পত্তি বিক্ৰী কৰি মামাহঁতৰ লগত চিকিৎসা কৰি আছে । মইও পৰীক্ষা এৰি দাদাক চোৱা চিতা কৰি আছিলো যদিও শেষত তাকো বচাব নোৱাৰিলোঁ । দাদাৰ নিজৰ দোষৰ বাবেই এই অৱস্থা হ'ল ।
মালতীয়ে সিহঁতক পানী দিলেহি । ইতিমধ্যে আই আৰু দেউতা বাহিৰলৈ ওলাই আহিল । ৰঘূৱে থুলমুলকৈ কথাখিনি বুজাই ক' লে । আই বহা ঠাইতে ঢলি পৰিল । মালতীয়ে তেওঁক ভিতৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে । দেউতাই শিলপৰা কপৌৰ দৰে একে ঠাইতে ৰ'ল । দিল্লীৰ পৰা অহা ল' ৰা দুজন মানে তেওঁক চকী এখনত বহুৱাই দিলে । ৰঘূৱে ওচৰ চুবুৰীয়া মানুহবোৰক খবৰ দিলে । সকলো খৰধৰকৈ আহি গাড়ীৰ ভিতৰৰ পৰা কফিনটো চোতালত নমালে ।
সকলোৰে একেমুখে ক'লে, ইমান ভদ্ৰ আৰু অমায়িক ল' ৰাটোৰ বাৰু এনে দশা হ'ব লাগেনে ?
৬বছৰৰ আগতে সি মেট্ৰিকৰ ৰিজাল্ট ত অসমৰ ভিতৰতে প্ৰথম স্থান পোৱা দিনা গোটেই গাঁৱৰ ৰাইজে ফূৰ্তি কৰি ভোজ ভাত খাই দিল্লীত পঢ়িবলৈ বুলি বিদায় দিয়া কথা আজিও সৌদিনাৰ দৰেই মনত পৰি আছে । সকলোৱে ৰাতিটো মৃতদেহটো পহৰা দি ৰাতিপুৱা সৎকাৰ কৰিলে । ডাক্তৰ আনি চিকিৎসা কৰাৰ পাছত আইৰ চেতনা ঘূৰি আহিল। তিলানীৰ দিনা ভকত ঘৰলৈ যাবলৈ উঠিছেহে মাত্ৰ, তেনে সময়তে ফোনটোৱে বাৰে বাৰে ৰিং কৰিলে । কেইবাৰো ফোনটো ৰিং কৰা শুনি ৰুণাই দৌৰ মাৰি ফোনটো ধৰিলেগৈ ।
হেল্লো' কোনে কৈছে ?
মই সৰু মামাই কৈছোঁ, দেউতাৰক লৈ আমি আহি আছোঁ । বহুত কষ্টৰ বিনিময়ত তেওঁক বচাব নোৱাৰিলোঁ । সকলো নিয়তিৰ ইচ্ছা । আমি যিমান সম্ভৱ সন্ধিয়া মানে ঘৰ পামগৈ । তুমি ৰঘুক ওচৰৰ মানুহবোৰ গোটাবলৈ ক'বা ।
ৰুণা কিংকৰ্তব্যবিমূঢ় হৈ পৰিল । ককায়েকৰ লগতে দিনে নিশাই লাগি লাগি তাইৰ অৱস্থা কাঢ়িল । আকৌ দেউতাকৰ মৃত্যুৰ বাতৰিয়ে তাইক মৰ্মাহত কৰি তুলিলে । কাক কি বুলি ক'ব ? তাই চোফাখনতে বহি পৰিল । তাইক ভিতৰত বৰতীয়া ভাত খাবলৈ ৰঘূৱে বিচাৰি আহি ড্ৰয়িং ৰুমত কান্দি কান্দি বহি থকা দেখি ক' লে ।
মাজনী, ভাত এমুঠি খাই লোৱাহি । কেইবাদিনো একো খোৱা নাই । কিমান নো দুখ কৰা । যোৱা বোৰৰ কথা ভাবি লাভ নাই ।
নাই খুৰা, মোৰ খাবলৈ মন যোৱা নাই । তোমালোকে খোৱাগৈ। মই পিছে পৰে খাম । কোনোমতেহে তাই কথাখিনি ক' লে । ৰঘূৱে ভাবিলে, কিমান দুখ সহ্য কৰিব ছোৱালীজনীয়ে । ইমান মেধাৱী ছোৱালী জনীয়ে নিজৰ পঢ়া শুনা এৰি ঘৰখনৰ বাবে ইমান কষ্ট কৰিব লগীয়া হৈছে । সহায়ৰ হাত আগবঢ়াবলৈ কোনো সাৰথি নাই। দিল্লীত থাকোঁতে
লগৰ ল' ৰা ছোৱালী বোৰে সহায় কৰিছিল ।
ৰুণা কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। কি কৰিব এতিয়া । আকৌ এটা বিপদ । কেনেকৈ তাই দেউতাক ৰ মৃতদেহটো চাব । মাকক কি বুলি ক' ব ককায়েকৰ কথা । ভাবি ভাবি অস্থিৰ হৈ পৰিছে তাই । তাই মনে মনে দৃঢ় প্ৰতিজ্ঞ হ'ল । নাই , মই ধৈৰ্য্য ধৰিব লাগিব । নহলে মায়ে কেনেকৈ দেউতা আৰু দাদাৰ মৃত্যুৰ শোক সহ্য কৰিব ? মাক সাহস দিব লাগিব । মোৰ বাবেই মা জীয়াই থাকিব লাগিব । সকলোৱে ভাত পানী খাই উঠিলেই দেউতাৰ খবৰটো দিব লাগিব । নহলেযে উপায় নাই । কথাবোৰ জুকিয়াই থাকোঁতেই আইতাক আৰু ককাক আহি তাইৰ ওচৰতে বহিলহি।
মাজনী, ভাত দুটামান খাই লগৈ যা । কিমান আৰু নিজকে কষ্ট দিবি । আইতাকে ক'লে । নাই আইতা, মই খাব নোৱাৰো । দেউতাইও আমাক এৰি গুছি গৈছে । মা আৰু মামাহঁতে দেউতাক আনি আছে । কি ক' লি মাজনী ? আইতাই চিঞৰি উঠিল । ককায়ে মৌন হৈ বহি পৰিল। মাতবোল নাই । আইতাক আৰু কোনে বুজায়। চিঞৰি চিঞৰি গগণ ফালিলে । ঘৰৰ বাকীবোৰৰ লগতে মইও(ৰঘু) দৌৰি আহিলো । কি হ'ল, কি হৈছে বুলি সুধিলো ।
দেউতাই মাত লগালে । এইবাৰ বাপুৱে আমাক এৰি গুছি গ'ল অ' ৰঘু । মই সৰ্বস্বান্ত হ'লো । এইবোৰ মোৰে পাপৰ ফল । মই এতিয়া ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ । আইয়ে কান্দি কান্দিয়েই ক'লে। মই সদায়েই কৈছিলো, আপোনাৰ বাবে এই ঘৰৰ ভেটি উছন হ'ব এদিন ।
সন্ধিয়া পৰত বৌহঁতৰ গাড়ী খন পালেহি । বৌৰ ছালৰ ভিতৰত জীউটোহে সোমাই আহিছে । খোজ কাঢ়িবলৈ শক্তি নাই । ৰুণাই মাকক আগবঢ়াই আনিলেগৈ । ঋতুৰ দৰেই মানুহে কফিনটো চোতালত থৈ ৰাতিপুৱালৈ বাট চালে সৎকাৰ কৰিবৰ বাবে । কাৰো মুখত মাতবোল নাই। মৰিশালিৰ নীৰৱতা বিৰাজ কৰিছে ঘৰখনত । বৌৱে ড্ৰয়িং ৰুমত ঋতুৰ ফটোখনত বগা মালাডাল দেখি চিঞৰি উঠিল । ঋতু, ঋতু । ঋতুৰ কি হ'ল মাজনী ।
দাদা আৰু নাই মা । আজি তিনিদিনৰ আগতে দাদাই আমাক এৰি গুছি গ'ল মা । ঠিক দেউতাৰ দৰেই । অত্যধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই দাদাৰ তেনে হ'ল। মই তাক বচাব নোৱাৰিলোঁ মা । কিয়নো মই তাৰ সেই বদ অভ্যাসৰ কথা বহুত দেৰিকৈ গম পালোঁ । তুমি ধৈৰ্য্য ধৰিব লাগিব মা । মোৰ বাবেই তুমি সুস্থ সৱল হৈ উঠিব লাগিব । দেউতা আৰু দাদাই নিজৰ ভুল পথেৰে গতি কৰিছে । তুমি আৰু মই উঠি অহা প্ৰজন্মক বুজাই দিব লাগিব যে নিচাযুক্ত দ্ৰব্যই মানুহৰ শৰীৰৰ অনিষ্ট কৰাই নহয়, অকাল মৃত্যু পৰ্যন্ত মাতি আনে । উঠা, মা । তুমি দেউতাক বচাবলৈ বহু কষ্ট কৰিলা । তেওঁ জানো তোমাৰ কথা শুনিলে, যেনেকৈ দাদাই মোৰ কথা নুশুনি মোক অকলশৰীয়া কৰিলে ।
মাকে মাজনী বুলি সাৱটি ধৰি হুক হুকাই কান্দিবলৈ ধৰিলে । ৰাতিটো সকলো উজাগৰেই কটালে । ৰাতিপুৱা
সোনকালেই শ দাহ কৰি সকলো ঘৰাঘৰি গ'ল । দহা কাজ শেষ হোৱাৰ পাছত ঘৰখন নিজান হৈ পৰিল।
সকলোবোৰ যান্ত্ৰিক যেন । কাৰো মুখত মাত বোল নাই। সকলোৱে নীৰৱে কৰণীয় কামবোৰ কৰি যায়। কোনে কাক সান্তনা দিব । আপোন মানুহবোৰক হেৰুৱাই সকলো মুক হৈ পৰিছে ।
মাকৰ ওচৰতে বহি ৰুণাই আকাশ পাতাল ভাবি আছে। মাকে হুকহুকাই কান্দি আছে । মা, নাকান্দিবা। কিমান আৰু একেবোৰ কথাকে ভাবি থাকা । মোলৈ চোৱা, মইতো কন্দা নাই । মোৰ কথা ভাবা মা । তেনেতে আইয়ে আহি ক'লেহি । দুবৰি, ধৈৰ্য ধৰিব লাগিব আমি । আমি গোটেই জীৱন মতা মানুহৰ কথাই শুনি আহিলোঁ। এইবাৰ আৰু নহ' ব । নাৰী শক্তি এক হৈ থিয় দিব লাগিব । বহুত হেৰুৱালোঁ । আৰু নহ'ব। প্ৰথমতে আমাৰ গাঁৱৰ মহিলা সকল একগোট কৰি নিচাযুক্ত দ্ৰব্যৰ বিপক্ষে এক শক্তিশালী আৰু সৰৱ আন্দোলন গঢ়ি তুলিব লাগিব । এনেকৈ অকালতে মানুহবোৰ শেষ হ'বলৈ দিব নোৱাৰি । আৰু বহুত কথাই ক' লে আইয়ে । অৱশেষত বৌ কান্দোন বন্ধ হ'ল । মনোযোগেৰে আইৰ কথাবোৰ শুনিলে । মই (ৰঘু) আৰু মালতীয়ে আহি তেওঁলোকৰ ওচৰতে বহি বৌক সান্তনা দিলোঁ । আনকি দেউতাও বহিলহি তেওঁলোকৰ কাষতে । ৰঘুৱে সকলোৱে মুখলৈ চাই ভাবিলে । কি ঘৰখন কি হৈ গ'ল । শস্যে মৎস্যে, ফল ফুলে, ল' ৰা-ছোৱালীয়ে নদন বদন ঘৰখন কাঁহ পৰি জীণ যোৱা অৱস্থা । মৌজাদাৰ দেউতাই পদূলি মুখলৈ একেৰাহে চাই থাকে যেন কোনোবা আহিব ।
ধৈৰ্য্য শীলা আইয়ে দেউতাক পাৰে মানে বুজাইছে ।সকলো শেষ হৈ গ'ল বুজিছে । মানুহেই যেতিয়া নাই, সা-সম্পত্তিৰ কিবা মূল্য আছে জানো । মই জীয়াই থাকোঁতেই সকলোৰে মাটিৰ কাগজ পত্ৰবোৰ ঘূৰাই দি পাপ মোচন কৰক । নহলে ভেটি উছন হ' বলৈ বেছিপৰ নালাগে ।
কথাই কথাই ডাংকোপ মৰা দেউতাই কাণ সৰালি মাৰি
আইৰ কথাবোৰ শুনি গৈছে । মুখেৰে একো উত্তৰ দিয়া নাই ।
এইদৰেই দিনবোৰ চলি গৈছে । কাৰো মুখত মাত বোল নাই। দেউতাই গেটৰ মুখলৈ চাই থাকে , যেন কোনোবা আহিব ।
এদিন পাছবেলা দেউতাই ৰঘুক মাতিলে । ঐ ৰঘু, এইফালে আহ । তই কালিলৈ গাঁৱৰ সকলোকে মই মাতিছো বুলি ক'বি।
ৰঘুৱে সকলোকে মাতিলে । সকলো আহিল । মালতী আৰু বৌৱে সকলোকে চাহ জলপান দিলে ।
দেউতাই বিচনা তলৰ বৰপেৰাটো আনিবলৈ ক'লে । ৰঘুৱে পেৰাটো আনি তেওঁৰ কাষতে থ'লে । তেওঁৰ সকলোৱে মাটিৰ কাগজ পত্ৰ বোৰ চমজাই দিলে আৰু দোষৰ বাবে ক্ষমা বিচাৰিলে । তেনেতে মেঘে গাজি গুমৰি বৰষুণ আনিলে । ইমানেই প্ৰচণ্ড বৰষুণ বতাহ, আচাৰকণিয়ে সকলোকে তিয়াই পেলালে । এঘন্টা মানৰ পাছত বৰষুণ থামিল । সকলোৰে মনৰ মাজত থকা কলুষতাবোৰ যেন বৰষুণ জাকে উটুৱাই নিলে । পুনৰ বতৰটো ফৰকাল হ'ল । পশ্চিম দিশত বেলিটোৱে এচমকা পোহৰে উদ্ভাসিত কৰি তুলিলে । গাঁৱৰ সকলোৱে আই আৰু দেউতাক সেৱা জনাই মুকলি মনেৰে ঘৰলৈ খোজ ল'লে ।
ইতিমধ্যে সন্ধ্যা লাগিল। বৌ, ৰুণা, আই আৰু মালতীয়ে ভগৱানৰ থাপনাত বন্তি জ্বলাই প্ৰাৰ্থনা আৰম্ভিলে ।
"ব্ৰহ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম ।"
মইও গেটখন মাৰিবলৈ আহি হঠাতে পশ্চিম আকাশত ন-জোন টো দেখি নমস্কাৰ জনালোঁ । লগতে দেউতাইও হাতযোৰ কৰিলে ।