Type Here to Get Search Results !

মূদ্ৰা- প্ৰকৰণ

 দিব্যজ্যোতি বৰুৱা    ৰাজ্যিক প্ৰভাৰী- ভাৰত স্বাভিমান, অসম (উ:পূ)


(পৰমপূজ্য স্বামী ৰামদেৱ জী প্ৰণেতা
যোগ-সাধনা এবং যোগ-চিকিৎসা ৰহস্যৰ এটি পাঠৰ  অনুবাদ।)
মূদ্ৰা- প্ৰকৰণ (১)
যোগ-সাধনাত অষ্টাঙ্গৰ উপৰিও মূদ্ৰাবোৰৰো বিশেষ মহত্ব আছে। মূদ্ৰাবোৰ হ'ল আসনসমূহৰ এক বিকশিত ৰূপ। আসনত সদায় ইন্দ্ৰিয়সমূহৰ প্ৰাধান্যতা আৰু প্ৰাণৰ গৌণতা থাকে। অথচ মূদ্ৰাসমূহত ইন্দ্ৰিয়সমূহৰ গৌণতা আৰু প্ৰাণৰ প্ৰাধান্যতা থাকে। শাস্ত্ৰত মূদ্ৰাসমূহৰ মহত্বৰ বিষয়ে কোৱা হৈছে - 'নাস্তি মূদ্ৰাসমং কিঞ্চিত্  সিদ্ধিদং ক্ষিতিমণ্ডলে'। অৰ্থাৎ এই পৃথিৱীত মূদ্ৰাৰ সমান সফলতা দিব পৰা অন্য কোনো কামেই নাই। সুবিধাৰ দৃষ্টিত বিভিন্ন প্ৰমূখ মূদ্ৰাসমূহৰ বৰ্ণনা দি নিম্নোল্লেখিত শীৰ্ষকেৰে কৰা হৈছে:
- তত্ত্বৰ নিয়মিত কৰা হস্তমূদ্ৰাসমূহ।
- প্ৰাণৰ উত্থান আৰু কূণ্ডলিনী-জাগৰণৰ সহায়ক মূদ্ৰাসমূহ।

পঞ্চতত্ত্ব হ'ল - অগ্নি, বায়ূ, মহাকাশ, পৃথিৱী বা মাটি, বৰুণ বা জল।

"তত্ত্বসমূহৰ নিয়মিত কৰা হস্তমূদ্ৰা"

এই সমস্ত ব্ৰক্ষ্মাণ্ড পঞ্চতত্ত্বৰেই গঠিত। আমাৰ দেহো পঞ্চতত্ত্বৰে সমাহাৰ বা সমূহ। শৰীৰৰ পাঁচটা আঙুলিয়ে এই পাঁচ তত্ত্বৰ প্ৰতিনিধিত্ব কৰে। বুঢ়া আঙুলিয়ে অগ্নিক, তৰ্জনীয়ে বায়ূক, মধ্যমাই মহাকাশক, অনামিকাই পৃথিৱীক আৰু কণিষ্ঠাই জল বা পানীক প্ৰতিনিধিত্ব কৰে। এই পঞ্চতত্ত্বৰ সমস্থিতিৰ দ্বাৰা দেহ নীৰোগ হৈ থাকে তথা পঞ্চতত্ত্বৰ বিষম পৰিস্থিতিৰ বাবে দেহত ৰোগ উৎপন্ন হৈ যায়। মূদ্ৰাবিজ্ঞান অনুযায়ী এই পাঁচ তত্ত্বৰসমন্বয়ত শৰীৰৰ আন্তৰিক গ্ৰন্থিসমূহ, অৱয়ৱসমূহ তথা ইয়াৰ ক্ৰিয়াসমূহক নিয়মিত কৰা হয় আৰু শৰীৰৰ সুপ্ত শক্তিসমূহক জাগৰিত কৰা হয়। 
      এই হস্তমূদ্ৰাসমূহে অতি সোনকালেই প্ৰতিক্ৰিয়া কৰে, যি হাতত এই মূদ্ৰা বনায়, শৰীৰৰ বিপৰীত ভাগত ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰে। এই মূদ্ৰাসমূহ যি কোনো পৰিস্থিতিতে কৰিব পাৰি। বজ্ৰাসন, পদমাসন অথবা সূখাসনত বহি কৰিলে অধিক লাভপ্ৰদ হয়। এই মূদ্ৰা প্ৰতিদিনে ১০ মিনিটৰ পৰা ৪৫ মিনিটলৈকে কৰিলে পূৰ্ণ লাভ পোৱা যায়। এবাৰৰ পৰা তিনিবাৰলৈকো কৰিব পৰা যায়। মূদ্ৰা কৰাৰ সময়ত যি আঙুলিৰ ব্যৱহাৰ নহয়, তাক পোন কৰি ৰাখিব লাগে।
 মূদ্ৰা-প্ৰকৰণ (২)
১। জ্ঞানমূদ্ৰা বা ধ্যানমূদ্ৰা: বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ অগ্ৰভাগক পৰস্পৰে লগলগাই, শেষ তিনি আঙুলি পোনকৈ ৰাখিব।
লাভালাভ: 
- ইয়াৰ দ্বাৰা ধাৰণা আৰু ধ্যানাত্মক স্থিতিৰ বিকাশ হয়। একাগ্ৰতা বাঢ়ে তথা নাকাৰাত্মক বিচাৰ কম হয়।
- এই মূদ্ৰাৰ দ্বাৰা স্মৰণ শক্তি বাঢ়ে; সেয়েহে, এই মূদ্ৰাৰ নিৰন্তৰ অভ্যাস কৰি শিশু মেধাৱী আৰু জ্ঞান অৰ্জন কৰাৰ সহায়ক হয়।
- এই মূদ্ৰাৰ দ্বাৰা স্নায়ূসমূহ মজবুত হয়।মূৰৰ বিষ, অনিদ্ৰা আৰু মানসিক দু:চিন্তা আদি দূৰ হয়। ক্ৰোধৰ নাশ হয়।
        অত্যাধিক ভাল পৰিণামৰ বাবে এই মূদ্ৰা কৰাৰ পিচতে প্ৰাণমূদ্ৰাও কৰিব।