ৰফিকা বেগম ,নাজিৰা
খোজৰ বাটত আৰু এটা খোজ
বুকুৰ বকিয়াইদি বাৰিষাৰ ব্ৰহ্মপুত্ৰ
আবেগ আৰু বিবেকৰ তয়াময়া যুঁজ
মলিয়ন চোলা টো পোখালিব পৰাকৈ
ধৰ্য্যৰ অভাৱ
খোজৰ বাটত দুখোজ খৰখেদকৈ আগুৱাবলৈ
সাহসৰ অভাৱ
আমি জীয়াই আছো কত
বনৰীয়া ফুল নুফুলে যত
আইৰ বুকু অথবা পিতাইৰ চকুত
উজাগৰী ৰাতিৰ উথপথপ নাছিল
খোজৰ বাটত শেলুৱৈ শেতেলিত
ৰিমঝিম ৰুনজুন বৰষুণ নাছিল
আমি সপোন সিছিছিলো কত
সৰাপাত নহলে যত
আজিও খোজৰ বাটত
দুখোজ আগলে যদি
পিছলৈ এখোজ
মই মোৰ কলম
আৰু এটা বনৰীয়া ফুল।।