ৰঞ্জিত চুতীয়া
অৰুণাচল প্ৰদেশৰ পটভূমিত অন্তৰ্লীন চেতনাৰ সু-সামঞ্জস্য ঘটাই অসমীয়া-ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া স্বৰূপ জনগোষ্ঠীয় সাহিত্য-সেৱক লুম্মেৰ দাই নামটো চিৰস্মৰণীয়।
অসমীয়া সাহিত্য জগতত ষাঠি আৰু সত্তৰ দশক দুটাত যিখিনি বিশিষ্ট সাহিত্য-সম্পদ সৃষ্টি হৈছিল, তাত লুম্মেৰ দাই অৰিহণা উল্লেখযোগ্য। তেখেতে অসমীয়া সাহিত্য ভঁৰাললৈ আগবঢ়োৱা অৱদানসমূহ হ'ল - 'উদয়াচলৰ সাধু' (১৯৫৯ চনত অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত), 'পাহাৰৰ শিলে শিলে' (১৯৬১ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত, প্ৰথম উপন্যাস), 'পৃথিৱীৰ হাঁহি' (১৯৬৩ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত, দ্বিতীয় উপন্যাস), 'মন আৰু মন' (১৯৬৭ চনত দত্ত বৰুৱা এণ্ড কোম্পানীৰ দ্বাৰা প্ৰকাশিত, তৃতীয় উপন্যাস), 'কইনাৰ মূল্য' (১৯৭৮ চনত তিনিচুকীয়াৰ মিত্ৰ এজেঞ্চীৰ দ্বাৰা প্ৰকাশিত, চতুৰ্থ উপন্যাস) আৰু 'ওপৰ মহল' (২০০৩ চনত মৰণোত্তৰভাবে প্ৰকাশিত, পঞ্চম উপন্যাস)। তেখেতৰ মৃত্যুৰ পাছত আৰু দুখন গ্ৰন্থ বিকাশজ্যোতি বৰুৱাৰ প্ৰচেষ্টাত প্ৰকাশ পায় - 'এটি তপত স্মৃতি' (গল্প সংকলন) আৰু 'সাত ভাই মনোবল ৰাইজৰ তপোবল হওক' (প্ৰবন্ধ . অনবদ্য অৱদান ৰূপেই পৰিগণিত হৈ থাকিব।
অসম আৰু অৰুণাচল প্ৰদেশৰ সমন্বয়ৰ সেতু গঢ়োঁতা লুম্মেৰ দাইৰ জন্ম ১৯৪০ চনৰ ১ জুনত অৰুণাচল প্ৰদেশৰ সীমাত অৱস্থিত পাছিঘাট অঞ্চলৰ চিলুক নামেৰে এখন ভিতৰুৱা অখ্যাত গাঁৱত। তেওঁ পিতৃ জবো দাই আৰু মাতৃ কমচাক দাই অনাক্ষৰী হ'লেও পুত্ৰক শিক্ষাৰ পোহৰে বাটবুলিবলৈ চিলুক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি দিছিল। তাতে উমেশ্বৰ দলে নামৰ এগৰাকী মিচিং সম্প্ৰদায়ৰ শিক্ষকৰ তত্বাৱধানত লুম্মেৰ দায়ে পুথিগত শিক্ষাৰ লগতে সাহিত্য চৰ্চাও কৰিছিল। দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতেই লুম্মেৰ দায়ে 'আবৰৰ হ্ৰ নুগুচে কিয়?' নামেৰে এটি প্ৰবন্ধ লিখি লেখক জীৱনৰ পাতনি মেলিছিল।
পাছিঘাট হাইস্কুলত পঢ়ি থকা সময়ছোৱাতে লুম্মেৰ দায়ে বাছালাল বৰুৱা আৰু অন্নদাপ্ৰসাদ বৰঠাকুৰ দৰে দুগৰাকী কৃতি শিক্ষকৰ সান্নিধ্য লাভ কৰিছিল। এই কেইগৰাকী শিক্ষকে কণমানি ছাত্ৰহঁতৰ মাজত সাহিত্য চৰ্চা কৰিবৰ বাবে 'গিৰিবাণী' নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰিছিল। তদুপৰি সেই সময়তে লুম্মেৰ দায়ে বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সৈতে চিঠিৰ যোগেদি পৰিচয় হৈ 'ৰামধেনু'লৈ বিভিন্ন লেখা পঠাইছিল। তাৰ পাছৰে পৰা তেওঁ অসমীয়া ভাষাত বিভিন্ন প্ৰবন্ধ-গল্প আদি লিখি গৈছিল। সুনিপুণ কলমৰ অধিকাৰী এই গৰাকী লেখকে ছাত্ৰাৱস্থাতে 'গিৰিবাণী', 'ৰামধেনু' আৰু 'জনমভূমি' কাকতত অনেক শিশু উপযোগী সাহিত্য ৰচনা কৰিছিল।
১৯৬০ চনত পাছিঘাট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যায়তনিক তীৰ্থ স্বৰূপ কটন মহাবিদ্যালয়ত আই এ পঢ়িবলৈ আহি ছাত্ৰ-সাহিত্যিক লুম্মেৰ দায়ে এখন নতুন সমাজ আৰু নতুন সংস্কৃতিৰ অংশীদাৰ হৈ পৰিলহি। ১৯৬২ চনত আই এ পৰীক্ষাত কৃতকাৰ্য হৈ শ্বিলঙৰ ছেন্ট এডমাণ্ড কলেজত ইংৰাজী বিষয়ত অৰ্নাছ লৈ বি এ পঢ়িলগৈ যদিও তেওঁ সাহিত্য সাধনাও সমানে চলাই গ'ল। ১৯৬৬ চনত সুখ্যাতিৰে তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিলে। ইয়াৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল যদিও চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নহৈ শিক্ষা জীৱনৰ সামৰণি মাৰিছিল।
১৯৬৯ চনত লুম্মেৰ দায়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ঘোষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৭৩ চনত ব'মডিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰিছিল। একেটা বিভাগতে ১৯৭৯ চনত সহকাৰী নিৰ্দেশক, ১৯৮১ চনত উপ-নিৰ্দেশক আৰু ১৯৮৩ চনত নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। চাকৰি জীৱনৰ বিশাল কৰ্মব্যস্ততাৰ মাজত লুম্মেৰ দাই সন্মুখত মৌলিক সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিবন্ধক হিচাপে থিয় দিছিল। তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছিল যে উক্ত সময়ছোৱাত তেওঁ অসমীয়া সাহিত্য চৰ্চা দূৰৰে কথা, অসমীয়া ভাষা-সাহিত্যৰ সামান্য সংশ্ৰৱৰ পৰাও বহু যোজন দূৰলৈ আঁতৰি গৈছিল। চাকৰি জীৱনৰ অৱসৰ লোৱাৰ পিছতে তেওঁ 'ওপৰ মহল' নামেৰে এখনি অসমীয়া উপন্যাস লিখি 'সাদিন'ৰ ২০০২ চনৰ বিহু সংখ্যাত প্ৰকাশ কৰিছিল।
লুম্মেৰ দায়ে অসম, অসমীয়া ভাষা-সাহিত্য তথা অসমীয়া মানুহক কৰ্ম ব্যস্ততাৰ মাজতো কোনো দিনেই পাহৰা নাছিল। তেওঁৰ চিন্তা, কথা-বতৰা আৰু লেখা-মেলা সকলোতে জীৱনৰ অন্তিম মুহুূৰ্তপৰ্যন্ত অসমীয়া প্ৰীতি ভাব এটা পৰিস্কাৰ ৰূপত দেখা গৈছিল। অৱসৰ গ্ৰহণ কৰাৰ পিছত 'ইক' অৱ অৰুণাচল' নামেৰে তেওঁ যিখন দৈনিক ইংৰাজী বাতৰিকাকত সম্পাদনা কৰি প্ৰকাশ কৰিছিল, সেই কাকতখনিৰ সম্পাদকীয় স্তম্ভ লগতে অন্যান্য পৃষ্ঠাতো তেওঁ অসম প্ৰেমৰ নিদৰ্শন ফুটি উঠিছিল। অৰুণাচল প্ৰদেশত প্ৰচাৰিত কাকতখনৰ যিকোনো বিষয়ৰ লগতে স্পষ্টভাবে অসমৰ প্ৰসংগ উত্থাপন কৰি লুম্মেৰ দায়ে অসমক অন্তঃকৰণেৰে ভাল পোৱা জ্বলন্ত প্ৰমাণ দাঙি ধৰিছিল। তদুপৰি ছ'চিয়েলিষ্ট আন্দোলনৰ সৈতে জড়িত হৈ তাহানিৰ নেফা অৰ্থাৎ বৰ্তমানৰ অৰুণাচল প্ৰদেশক অসমৰ লগতে থকাটো পোষকতা কৰিছিল।
অসমীয়া ভাষা-সাহিত্যৰ মাধ্যমেৰে অৰুণাচলী সমাজ আৰু লোকসংস্কৃতিৰ বিচিত্ৰ তাল-মান আৰু ছন্দক অসমবাসীৰ মাজত সমাদৃত কৰি তোলা এই লেখক গৰাকীয়ে অনবদ্য মৌলিক সাহিত্য সৃষ্টিৰ স্বীকৃতি স্বৰূপে ১৯৬৩ চনত 'পাহাৰৰ শিলে শিলে' নামৰ উপন্যাসখনিৰ বাবে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী (নেফা) ৰ পৰা বিশেষ প্ৰশংসা পত্ৰ, ১৯৬৩ চনত 'পৃথিৱীৰ হাঁহি'ৰ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা, ১৯৭০ চনত 'মন আৰু মন' উপন্যাসৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'মাতৃ ভাষাৰ বাদে আন ভাষাত সাহিত্য চৰ্চা কৰা সাহিত্যিক' (Writer, writting in languages other than his/her mother tongue) সম্বৰ্ধনা জনায়, ১৯৮৬ চনত অসম সাহিত্য সভাই 'কইনাৰ মূল্য'ৰ বাবে সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা আৰু 'মন আৰু মন'ৰ বাবে হৰিপ্ৰসাদ নেওগ মেম্ ৰিয়েল মুদ্ৰণ আৰু অলংকৰণ বঁটা প্ৰদান কৰা হয়। ২০০৫ চনত লখিমপুৰৰ নতুন সুৰ গোষ্ঠীয়ে মৰণোত্তৰভাবে দায়ক 'সাহিত্যজ্যোতি' বঁটা আগবঢ়ায়।
লুম্মেৰ দাইৰ উপন্যাসত সহজ সৰল পাহাৰীয়া মানুহখিনিৰ শান্তিময় সমাজখনকো যে আজি ওপৰৰ পৰা তললৈ ক্ৰমে দুৰ্নীতিৰে ছানি ধৰিছে সেই কথা উদঙাই দেখুৱাইছে। তথাপি অসূয়া-অনীতিৰ ক্লেদেৰে মলিয়ন হোৱা আজিৰ পৃথিৱীতো যে সৎ, নিকা আৰু মানুহৰ মুল বুজা মানুহ জীয়াই আছে, সেই কথাও তেওঁৰ লিখনিত প্ৰতিফলিত হৈ উঠিছে। তেওঁ যথেষ্ট ভাবুক প্ৰকৃতিৰ মানুহ আছিল আৰু ব্যক্তিগত জীৱনৰ ভাব-গভীৰতাৰ স্পষ্ট চাপ তেওঁৰ গল্পসমূহৰ ওপৰতো পৰিছিল। দায়ে মানৱ-মনৰ নেতিবাচক দিশবিলাক চালি-জাৰি চাই উক্ত দিশটোক উদঙাই দেখুৱাই গল্পৰ মাজেৰে ইতিবাচক দিশটোৰ জয় ৰূপ এটিহে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল। জীৱনৰ কুৎচিত ৰূপটোৰ অধঃপতনৰ ছবিখন নিখুঁতভাবে অংকন কৰি সত্য-শিৱ-সুন্দৰৰ জয় ঘোষণা কৰিব পৰাটো লুম্মেৰ দাইৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য।
অসমৰ সাহিত্য-ক্ষেত্ৰৰ সু-পৰিচিত ব্যক্তি লুম্মেৰ দাইৰ মৃত্যু হয় ৬২ বছৰ বয়সতে মেলিনা ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ডাউন টাউন হস্পিতালত ২০০২ চনৰ ৫ এপ্ৰিলত। পাঁচখনকৈ উৎকৃষ্ট উপন্যাসৰ লগতে গল্প, প্ৰবন্ধ তথা সাধু কথাৰে অসমীয়া সাহিত্যলৈ তুলনাহীন অৰিহণা আগবঢ়াই যোৱা লুম্মেৰ দাইৰ সাহিত্য কৃতিৰ যথোচিত পুনমূল্যায়নৰ বিশেষ প্ৰয়োজন আছে। অন্যথা নতুন প্ৰজন্মৰ মাজত তেওঁ আৰু তেওঁৰ কৃতি অচিনাকি হৈ পৰিবগৈ।
লেখকৰ ঠিকনা-
ৰজাধাপ, সোণাৰি
ডাকঃ- সোণাৰি
জিলঃ- চৰাইদেউ
পিন-৬৭৫৬৯০
মোবাইল নং-৬০০০৫৭১৪৫২
Email -ranjitchutia640@gmail.com
মোবাইল নং-৬০০০৫৭১৪৫২
Email -ranjitchutia640@gmail.com