Type Here to Get Search Results !

শাওন

 জীনামণি বৰগোহাঁই দুৱৰা


অসমী  আইৰ বুকুত আজি
শাওনৰ  জিলিকনি
গাঁৱৰ ঘৰত হালোৱা- ৰোৱনীয়ে
লগাই খলকনি।
পাৰ হয় সময় ব্যস্ততাৰ তাগিদাত
বৰ্ষাসিক্ত এই শাওন মাহত
মেঘমুক্ত নীলা আকাশৰ তলত
পথাৰৰ ঘাঁহ বোকাত যায় পোত।
মৈ দিয়া মাটিত ভুঁই ৰুই থাকোঁতে
মন পুলকিত হয় প্ৰতিটো ক্ষণতে
কি যে অদম্য হেঁপাহ আমাৰ
সৃষ্টিৰ বীজক পাহি মেলাৰ
সুযোগ দিয়াৰ।
সেয়েহে শাওন ---
প্ৰতিটো বছৰেই তোমাক আদৰি ল'বলৈ
শক্তিৰ জোৱাৰ আনক আমাৰ দেহলৈ।